ডিব্ৰুগড়ত চাহ বাগিচাৰ মাটি বিক্ৰী বিক্ৰী বন্ধ কৰি-আৰবান ফৰেষ্ট প্ৰজেক্ট অধীনত সংৰক্ষণ কৰিবলৈ পুনৰ -দাবী জনালে চাচটেইনেবল গ্ৰীণ সংগঠনে
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ‘সেউজীয়া পৃথিৱী আমাৰ অধিকাৰ’ এই বানীৰে ৰাজপথলৈ লাই আহিল প্ৰকৃতি ৰক্ষাৰ অভিযান কেন্দ্ৰিক অৰাজনৈতিক সংগঠন ‘চাচটেইনেবল গ্ৰীণ সংগঠন’,ডিব্ৰুগড়ৰ কৰ্মী সকল। চাহ নগৰ হিচাপেখ্যাত তথা অসমৰ দ্বিতীয় মহানগৰ ডিব্ৰুগড়ৰ মাজমজিয়াত থকা সেউজীয়া চাহ বাগিচাবোৰে, নগৰখনৰ সৌন্দৰ্য্য বৰ্ধন আৰু প্ৰকৃতি ৰক্ষা কৰাৰ উপৰিও প্রাকৃতিক ভাৰসাম্যতা ৰক্ষা কৰাত সহায় কৰি আহিছে। কিন্তু শেহতীয়াকৈ এই অঞ্চলৰ বাসিন্দাবোৰক অংশ অংশকৈ উঠাই দি তাত আবাসিক বৃহৎ বৃহৎ অট্টালিকা, হোটেল, ধর্মীয় গৃহ, বাণিজ্যিক ক্ষেত্র আদি গঢ়ি তোলা পৰিলক্ষিত হৈছে। ডিব্ৰুগডৰ চাহ বাগিচা সমূহ এনেকৈ বিক্ৰী নকৰি ‘আৰবান ফৰেষ্ট প্রজেক্ট’ (নগৰীয়া বনাঞ্চল প্ৰকল্প) ৰ আধীনত সংৰক্ষণ কৰি ৰাইজৰ বাবে উচৰ্গা কৰিবলৈ চৰকাৰক অনুৰোধ জনোৱাৰ লগতে স্থানীয় জনগণক সচেতন কৰাৰ প্ৰয়াস কৰি আহিছে। এই বিষয়ত , বন ধ্বংসকৰণৰ বিৰুদ্ধে প্রতিবাদী সমদল, গছপুলি ৰোপণৰ কাৰ্য্যসূচী কৰি গণতান্ত্রিক আন্দোলন অব্যাহত ৰখা সংগঠনৰ ফালৰপৰা জালান বাগিচাৰ কর্তৃপক্ষক লগ কৰি এই বিষয়ে আলোচনা কৰাৰ লগতে অসম চৰকাৰৰ বন বিভাগলৈও গছ কটাৰ তথ্য বিচাৰি পত্ৰ প্ৰেৰণ কৰা হৈছে। তদস্বত্বেও বাগিচা কর্তৃপক্ষই গছ কটা আৰু বাগান উঠোৱা বন্ধ নকৰাত উদ্বিগ্ন হৈ পৰিছে এই সংগঠনৰ লগত জড়িত ব্যক্তিসকল তথা প্রকৃতিপ্রেমী ৰাইজ। এই সংগঠনৰ এটা সঁজাতি দলে যোৱা ১৪ জুন ২০২৫ তাৰিখে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক লগ কৰি সমগ্র বিষয়টো অবগত কৰাত তেখেতে অতি সোনকালে এই ক্ষেত্রত বিহিত ব্যৱস্থা লোৱা হ’ব বুলি মত প্রকাশ কৰিছিল। তেওঁ জিলা আায়ুক্তক এশ (১০০) বিঘা মাটিৰ ‘আৰবান ফৰেষ্ট’ৰ বিষয়টো চাবলৈ অনুৰোধ জনাই মত প্রকাশ কৰা পৰিলক্ষিত হয়। লগে লগেই বিষয়টো সদস্যসকলৰ বাবে অধিক চিন্তাৰ কাৰণ হৈ পৰিছে। ‘চাচটেইনেবল গ্রীণ সংগঠন’ ডিব্ৰুগড় নামৰ অৰাজনৈতিক সংগঠনটোৰ সদস্যসকলে আৰ টি আই কৰি পোৱা তথ্য মতে পুৰণি চৰকাৰী আদেশৰ সালসলনি ঘটাই নতুন নীতিমতে চাহ বাগিচাৰ মাটিৰ মূল্য প্রতি বিঘাত দুই লাখ কৰা হৈছে আৰু সেই হিচাপত এশ (১০০) বিঘা মাটিৰ মূল্য দুই কোটি টকাৰ হ’ব পাৰে। গতিকে সমগ্র ডিব্ৰুগড়বাসীৰ কল্যানৰ বাবে তথা সেউজ পৃথিবী এখন ৰক্ষাৰ স্বাৰ্থত চৰকাৰে ডিব্ৰুগড় মহানগৰৰ মাজত থকা চাহ বাগিচাবিলাকৰ মালিকপক্ষক মূল্য আদায় দি সেই সেউজ অংশ ৰক্ষা কৰি ৰাইজৰ বাবে উচর্গা কৰিবলৈ ‘চাচটেইনেবল গ্রীণ ডিব্রুগড়’-এ কৈ আহিছে। দক্ষিণ ভাৰতৰ বাংগালোৰ, হায়দৰাবাদ আদি বৃহৎ মহানগৰৰ মাজ ভাগত মানুহৰ সু স্বাস্থ্য, পশু-পক্ষী তথা জীৱকুলৰ সুৰক্ষাৰ ডাঙৰ ডাঙৰ এলেকা চৰকাৰে সংৰক্ষণ কৰি সেই মহানগৰবিলাকৰ সৌন্দৰ্যৰ লগতে জলবায়ু প্ৰদূষণ ৰোধ কৰাৰ ব্যৱস্থা কৰিছে। তেনে ধৰণেই ডিব্ৰুগড় মহানগৰখনকো জুবিন গাৰ্গৰ নামত এখন আৰবান ফৰেষ্ট গঢ়ি তোলাৰ বাবে ‘চাচটেইনেবল গ্রীণ ডিব্রুগড়’-এ প্রচেষ্টা চলায় আছে। গতিকে সংবাদ মেলৰ যোগেদি পুনৰ জনসাধাৰণক বিষয়টো সজাগ কৰাৰ লগতে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক ১৪ জুন ২০২৫ তাৰিখে ব্যক্ত কৰা কথাখিনি বাস্তৱত ৰূপায়ন কৰি এক যোগাত্মক দিশৰ সূচনা ডিব্ৰুগড়ত কৰিব বুলি ‘চাচটেইনেবল গ্রীণ ডিব্রুগড়’ বিশ্বাসী। ‘চাচটেইনেবল গ্রীণ ডিব্ৰুগড়’-এ ‘সেউজীযা পৃথিৱী আমাৰ অধিকাৰ’ৰ বাবে সক্রিয় ভাবে সদায় মত পোষণ কৰি যাব। সংবাদমেলত চাচটেইনেবল গ্রীণ ডিব্ৰুগড়’ৰ ড০ পৰমানন্দ মহন্ত, ডা: ৰাম হাজৰিকা,জুৰী বৰা বৰগোহাঞি,অর্পনা বৰা, দুর্গা বৰঠাকুৰ, সুব্রত বর্মন,বিশ্ববিজয় ফুকন আৰু শম্ভু তাঁতী উপস্থিত থাকে।