ডিব্ৰুগড়ত চাহ জনগোষ্ঠীৰ ৩৮ টা জাতি-উপজাতিক অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত নাম অন্তৰ্ভুক্ত জিলা আয়ুক্তক স্মাৰক পত্ৰ
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত অসমৰ ডিব্ৰুগড় জিলাৰ ভিন্নস্থানত বসবাস থকা চাহ জনগোষ্ঠীৰ ৩৮ টা জাতি-উপজাতিক চৰকাৰী ভাবে জাতিগত প্ৰমাণ পত্ৰ আৰু নাম তালিকাৰ পৰা বাদপৰি থকাৰ ফলত জনগোষ্ঠীটোৰ সমস্যা সমূহ নিৰাময় কৰাৰ বিশেষ কাৰ্যসূচী গ্ৰহণ কৰে। জাতীয় মহাসভাৰ সদস্য সকলে চৌকিডিঙীৰ খেলপথাৰত সমবেত হৈ জাতীয় সাজপাৰ পৰিধান কৰি তেওঁলোকৰ দাবী সম্বলিত বেনাৰ, ফেষ্টুনলৈ শোভাযাত্ৰা কৰি ডিব্ৰুগড় জিলা আয়ুক্তক জাতিগত প্রমাণপত্ৰ পত্ৰ প্ৰদানৰ বাবে স্মাৰক পত্ৰ প্ৰদান কৰে। প্ৰায় পাচঁশতাধিক চাহজনগোষ্ঠীয় পুৰুষ-মহিলাই অংশ গ্ৰহণ কৰা কৰ্মীসকলে সংবাদ মাধ্যমক জনোৱা মতে অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ নিৰ্দেশত অসম পিছপৰা শ্ৰেণী আয়োগে-জৰীপ প্ৰক্ৰিয়াই বিষয়টি সমাধান কৰিবলৈ নিদেশনা দিয়াৰ পিছতো আজিলৈকে কোনা কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। অনাগত দিনত এই কাৰ্য সমাধানৰ বাবে বিভাগৰ ফালৰ পৰা যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰিলে জংগী আন্দোলন কৰাৰ ভাবুকি প্ৰদান কৰে। লগতে জাতীয় মহাসভাৰ ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰ পৰা আন বহুকেইটা দাবী জনাই অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।অসম চাহ জনগোষ্ঠী জাতীয় মহসভা ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি মন্তুছ কুৰ্মি, সম্পাদক খগেন ৰজোৱাৰ আৰু প্ৰাক্তন সভাপতি ড০ দয়ানন্দ চাহ সহঃ সম্পাদক বিপুল চাহুয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।
