ডিব্ৰুগড়ত চাহ জনগোষ্ঠীৰ আৰ্থিক সাহাৰ্য্যৰ নামত বিজেপি নেতাৰ ধন দাবী

ডিব্ৰুগড়ত চাহ জনগোষ্ঠীৰ আৰ্থিক সাহাৰ্য্যৰ নামত বিজেপি নেতাৰ ধন দাবী

ৰঙিলী বাৰ্ত্তাসেৱা– ডিব্ৰুগড় জিলাত চাহ জনগোষ্ঠী নামত আৰ্থিক সাহায্যমূলক “শ্বহীদ দয়াল দাস পানিকা আঁচনি”ৰ বাবে আবেদন কৰা মহিলা জয়মতী মাহাতৰ নাম আঁচনিৰ প্ৰথম তালিকাত অহাৰ পাছতো বিজেপি চাহ মৰ্চাৰ সাধাৰণ সম্পাদক দিগন্ত ভূমিজে তিনি টকাৰ ধনদাবী পৰিশোধ নকৰাৰ বাবে জোনমনি মাহাতো নামৰ মহিলা গৰাকীৰ নাম আঁচনিটোৰ শেষৰ তালিকাত থকাৰ পাছতো নাম সন্নিবিষ্ট নহল। বিজেপিৰ ডিব্ৰুগড় জিলা চাহ মৰ্চাৰ সম্পাদক দিগন্ত ভূমিজৰ ধনদাবীৰ টেলি ফোনিক বাৰ্তালাপ জয়মতী মাহাতই ৰেকৰ্ড ৰাখি থৈছিল যাৰ বাবে জোনমনিয়ে এই অভিযোগ ডিব্ৰুগড় জিলা চাহ মৰ্চাৰ সভাপতি খগেন ৰাজুৱাৰৰ ওচৰত আপত্তি কৰিছিল কিন্তু তেওঁ সেই কথাৰ কোনো গুৰুত্ব নিদিয়াৰ বাবে জয়মতী মাহাতো ডিব্ৰুগড় জিলাৰ জিলা আয়ুক্তৰ ওচৰত গৈ সমস্ত ঘটনা প্ৰমাণসহ বিৱৰি কোৱাত জিলা আয়ুক্তই গোচৰটো গ্ৰহণ কৰি লোক আদালতলৈ প্ৰেৰণ কৰে। গোচৰ তৰাৰ বিষয়ে গম পোৱাৰ পাছতে ডিব্ৰুগড় জিলা চাহ মৰ্চাৰ বিষয়ববীয়া সভাপতি খগেন ৰাজুৱাৰ,,সম্পাদক দিগন্ত ভুমিজকে ধৰি মিন্টো মাদ্ৰাজী,নবীন নাগ, প্ৰণৱ তাঁতী আৰু সঞ্জীৱ বাউৰিসহ গৈ জয়মতী মাহাতৰ ঘৰতলৈ গৈ গোচৰটো উঠাই ল’বলৈ কয় আৰু খগেন ৰাজুৱাৰে নিজৰ জনগোষ্ঠীয় যুৱক দিগন্ত ভুনিজৰ ভবিষ্যত ধ্বংস হোৱাৰ পৰা ৰক্ষা হ’বলৈ যাতে জয়মতী মাহাতোয়ে গোচৰ উঠাই লয় তাৰ বাবে সকলোৱে অনুৰোধ কৰাত জোনমনিয়ে ভয়ত তেওঁলোকে লিখা এখন কাগজত চহী কৰি দিব লগা হ’ল। এতিয়া আমাৰ প্ৰশ্ন হ’ল যে যদি তেওঁলোকে একো ভুল কৰা নাই তেনেহ’লে তেওঁলোকে কিয় গোচৰ উঠাই ল’বলৈ জোৰ কৰে আৰু যদি ভুক্তভোগী সাধাৰণ জনতাই ধনদাবী কৰাৰ আপত্তি কৰিলেই যদি নিজৰ জনগোষ্ঠীৰ নেতা জনৰ ভবিষ্যত বিপদত পৰে তেন্তে সামান্য টকা নিদিয়াৰ বাবেই আঁচনিৰ পৰা নাম কৰ্তন কিয় কৰিলে বুলি সচেতন ৰাইজে প্ৰশ্ন কৰে। উল্লেখযোগ্য যে কেৱল জোনমনি মাহাতৰে নহয় লগতে ডিব্ৰুগড়ৰ মহিমা তাঁতী, বিকি কুৰ্মি, কলাৱতী তাঁতী,সাগৰিকা ৰাজবংশী আৰু আন বহুতো আবেদনকাৰীৰ নাম টকা নিদিয়াৰ বাবেই আঁচনিটোৰ তালিকাত অন্তৰ্ভুক্ত নহল বুলি অভিযোগ উত্থাপন হৈছে। বিজেপি জিলা চাহ মৰ্চাৰ দায়িত্বত থাকি এটা জনগোষ্ঠীৰ নামত ৰাজনীতি কৰা নেতা- পালিনেতাৰ কেইজনমানে জনগোষ্ঠীটোৰ আৰ্থিকভাৱে দুৰ্বল যুৱ প্ৰজন্মৰ ভবিষ্যতৰ লগত হেতালি খেলাৰ বাবে বিজেপিৰ শীৰ্ষ নেতা বা দলে এই সকলৰ বিৰুদ্ধে কি শাস্তি মূলক ব্যৱস্থা হাতত লব নে নলয় আৰু নে তাৰ পৰিবৰ্তে কেৱল দলীয় কৰ্মীক ৰক্ষণাবেক্ষণ দিয়াৰহে চেষ্টা কৰে সেইয়া লক্ষণীয় হব। এচাম দুৰ্নীতিগ্ৰস্থৰ কাৰণে এটা দলৰ বদনাম হোৱাতো কোনোৱেই নিবিচাৰে কিন্ত্ত ৰাইজৰ ওচৰত এই সকল সদায়েই অপৰাধী।