ডিব্ৰুগড়ত চলন্ত ৰে’লৰ পৰা বিচিন্ন হ’ল ইঞ্জিন

ডিব্ৰুগড়ত চলন্ত ৰে’লৰ পৰা বিচিন্ন হ’ল ইঞ্জিন

ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ পৰা হাওৰা অভিমুখী নামনিমুৱা কামৰূপ এক্সপ্ৰেছত মঙলবাৰে সংঘটিত হয় এক ভয়ংকৰ ঘটনা ৷ ৰে’লখনত থকা শতাধিক যাত্ৰী বিপদৰ পৰা কথমপি ৰক্ষা পৰে ৷বাণীপুৰ ৰে’ল ষ্টেচনৰ পৰা যাত্ৰা কৰা কামৰূপ এক্সপ্ৰেছ নামৰ ৰে’লগাড়ীখনৰ চাউলখোৱাত চলন্ত অৱস্থাতে 15960 নং ইঞ্জিনটো দবাসমূহৰ পৰা অতৰ্কিতে বিছিন্ন হৈ পৰে ৷ দবা এৰি কেৱল ইঞ্জিন আগবাঢ়ি আহিল কামৰূপ এক্সপ্ৰেছৰ।  উল্লেখ্য একেটা ট্ৰেকতে ৰাজধানী এক্সপ্ৰেছ যাব লগা আছিল। ভয়ংকৰ ৰে’ল দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল ডিব্ৰুগড়।যান্ত্ৰিক বিজুতিৰ বাবে এই ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে যদিও ৰে’ল বিভাগৰ তৰফৰ পৰা কোনো কথা স্পষ্ট কৰা নাই ৷ ঘটনাৰ পাচতে ৰে’ল বিভাগৰ এটা বিশেষ দল ঘটনাস্থলীত উপস্থিত হৈ পুনৰ ইঞ্জিন আৰু দবা সংযোগ কৰাৰ পিছত ৰে’লখনৰ চলাচল আৰম্ভ হয় ৷