ডিব্ৰুগড়ত গ্ৰন্থ উন্মোচনী অনুষ্ঠানত বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংছি::সাহিত্য সভা সম্পৰ্কে কয়-এই বিষয়ে মই একো নকওঁ
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- বিতৰ্কই লগ নেৰা অসম সাহিত্য সভাক আক্ষেপভৰা মন্তব্য কৰিছে অসমীয়া ভাষা-সাহিত্যৰ মহীৰূহ তথা পদ্মশ্ৰী য়েছে দৰজে ঠংচিয়ে। অসম সাহিত্য সভাত চলি থকা পদবীকেন্দ্ৰীক বিতৰ্কিত বিষয় সন্দৰ্ভত এই কথা সাংবাদিকে প্ৰশ্ন কৰাত বৰেণ্য সাহিত্যিক য়েছে দৰজে ঠংছিয়ে কয় যে, মোৰ ক’বলৈ কোনো ভাষা নাই। আৰু অসম সাহিত্য সভাৰ বিষয়ে কোৱাৰ অধিকাৰো মোৰ নাই। গতিকে এই বিষয়ে একো নকওঁ। উল্লেখযোগ্য যোৱা ৯ নবেম্বৰত ডিব্ৰুগড়ত কুশল কোঁৱৰৰ কাব্যগ্ৰন্থ ‘শিলভঙা মানুহ’ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰে বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিয়ে। ডিব্ৰুগড় চহৰৰ থানা চাৰিআলিস্থিত শিলপোতা ভৱনত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট সাহিত্যিকজনে নিজৰ ভাষণত কয় যে, অসমীয়া মানুহে পূৰ্বৰ আন্দোলনমুখী মনোভাৱ এৰি এতিয়া কৰ্মমুখী মনোভাৱ গ্ৰহণ কৰিছে। এয়া আমাৰ সকলোৰে বাবে মঙ্গলজনক। চিফুং গোষ্ঠীৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰি সাহিত্য একাডেমীৰ বঁটাপ্ৰাপক পদ্মশ্ৰী তথা বিভিন্ন বঁটা বাহন লাভ কৰা ঠংচিয়ে লগতে কয় যে, আগতে আমাৰ মানুহে ব্যৱসায় নকৰিছিল। অসম তথা উত্তৰ-পূৰ্বৰ মানুহে একো নকৰিছিল। ৰাজস্থানৰ পৰা অহা মাৰোৱাৰী ভাইসকলেহে ব্যৱসায় কৰিছিল। আমি নিজে একো নকৰি তেওঁলোকক গালি পাৰিছিলোঁ। কিন্তু সাম্প্ৰতিক সময়ত অসমীয়া মানুহে ব্যৱসায় বাণিজ্যত মনোনিবেশ কৰিছে। তেওঁ লগতে কয় যে, আগতে অসম বুলি ক’লে কেৱল আন্দোলন আৰু আন্দোলন। ইটানগৰৰ পৰা লক্ষীমপুৰলৈ আহিবলৈ দহবাৰ ভাবিব লাগে।ভাৱো যে ক’ত বা আন্দোলন হৈ আছে। কোন ঠাইত বা টায়াৰ জ্বলিছে, পথ বন্ধ হৈ আছে তাৰ কোনো ঠিক নাছিল। সৰু সৰু কথাতে আন্দোলন হৈছিল।পূৰ্বতে নিজে একো নকৰি আনকহে দোষ দিয়াৰ প্ৰৱণতা গঢ়ি উঠিছিল। আমি যদি নিজে একো নকৰোঁ, আনে কি কৰি দিব। কিন্তু আজি অসমীয়া সকলে বহু আগবাঢ়ি গৈছে। আগতে আমি মাৰোৱাৰী, বিহাৰী, বঙালী মানুহৰ দোকান-পোহাৰ দেখিছিলোঁ। আজিকালি অসমীয়া মানুহে ব্যৱসায়ত আত্মনিয়োগ কৰাত তেওঁলোকৰ বহুত দোকান-পোহাৰ, হোটেল আদি হৈছে। অসমীয়া মানুহে আগবাঢ়ি গৈ আছে। অসম আগবঢ়া মানে উত্তৰ-পূৱ বিশেষকৈ অৰুণাচল প্ৰদেশো তাৰ দ্বাৰা অনুপ্ৰাণিত হৈছে। অসমীয়া মানুহে অনা অসমীয়া ব্যৱসায়ীৰ সৈতে ফেৰ মাৰিব পৰা হৈছে। একাংশই কৃষি কৰ্মত আত্মনিয়োগ কৰিছে। সকলোৱে কিবা এটা কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিছে। এয়া যোগাত্মক দিশ। আন এক প্ৰসংগত বিশিষ্ট সাহিত্যিকজনে কয় যে, আগতে আমি ইটানগৰৰ পৰা ডিব্ৰুগড়লৈ আহিবলৈ চিন্তা কৰিবলগীয়া হৈছিল। এতিয়া ডিব্ৰুগড়লৈ আহি সভা-সমিতিত অংশ লৈ ঘূৰি যাব পাৰি। আন্তঃগাঁথনিক উন্নয়ন হৈছে। আমি সকলোৱে ইয়াৰ সুবিধা গ্ৰহণ কৰি আগবাঢ়ি যাব লাগিব। উল্লেখযোগ্য যে, এই অনুষ্ঠানত বিশিষ্ট টাই পণ্ডিত, চিন্তাবিদ চিত্ৰশিল্পী পুষ্প গগৈ, ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সভাপতি নোমল চন্দ্ৰ গগৈ, য়েছে দৰজে ঠংচিৰ পত্নী ইনু ঠংচি, বিশিষ্ট কবি তুলিকা চেতিয়া য়েইন উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। অনুষ্ঠানটোত উদ্দেশ্যে ব্যাখ্যা কৰে সাংবাদিক হিৰণ্য বৰাই।