ডিব্ৰুগড়ত কৰ্কট ৰোগৰ সজাগতা কাৰ্যসূচী

ডিব্ৰুগড়ত কৰ্কট ৰোগৰ সজাগতা কাৰ্যসূচী

এম. হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- অসম কেন্সাৰ কেয়াৰ চেণ্টাৰৰ উদ্যোগত তথা এছ’চিয়েচন অৱ চাৰ্জনছ অৱ ইণ্ডিয়াৰ ডিব্ৰুগড় অধ্যায়ৰ সহযোগত যোৱা ১৫ মাৰ্চ তাৰিখে শিক্ষক শিক্ষা প্ৰতিষ্ঠানৰ পাৰিজাত একাডেমীত স্বাস্থ্য সজাগতা আৰু স্ক্ৰীনিং শিবিৰৰ আয়োজন কৰা হয়। কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱ আৰু মুখমণ্ডল আৰু পেটৰ কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধিৰ বিষয়ে ইয়াত আলোচনা কৰা হয় আৰু কি কি সাৱধানতা গ্ৰহণ কৰিব লাগে সেই বিষয়েও পৰামৰ্শ আগবঢ়োৱা হয় । লগতে প্ৰতিৰোধমূলক ব্যৱস্থা আৰু কেন্সাৰ আগতীয়াকৈ ধৰা পেলোৱাৰ সুবিধাৰ বিষয়ে বিতংভাৱে উল্লেখ কৰা হয় । এ এছ আই ডিব্ৰুগড় শাখাৰ সভাপতি ডাঃ ছাজিদ আহমেদে ছাত্ৰ-ছাত্ৰীসকলক নিজৰ প্ৰতিষ্ঠান বা স্থানীয় অঞ্চলত এনে সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰি বিপদজনক কাৰক,বেমাৰ আগতীয়া ধৰা পেলোৱাৰ সুবিধা আৰু কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে উপলব্ধ সুবিধাসমূহৰ বিষয়ে জ্ঞান দিবলৈ অনুৰোধ জনায়। ডাঃ আহমেদে বৰ্তমানৰ শিক্ষকসকলক আহ্বান জনায় যে মুখ, খাদ্যনলী, পেট আৰু স্তন কেন্সাৰৰ এই ক্ৰমবৰ্ধমান ধাৰা বন্ধ কৰাটো এটা প্ৰত্যাহ্বান হিচাপে ল’ব লাগে। কৰ্কত ৰোগৰ শল্য চিকিৎসক ডাঃ দিলিপ কিলিঙে কৰ্কট ৰোগ প্ৰতিৰোধ, আগতীয়াকৈ ধৰা পেলোৱা আৰু চিকিৎসাৰ প্ৰট’কলৰ বিষয়ে বিতংভাৱে আলোচনা কৰে। আন এগৰাকী বিশেষজ্ঞ চিকিৎসক ডাক্তৰ শতাব্দী দাসে মুখৰ কৰ্কট ৰোগৰ সন্দৰ্ভত ভাষণ দিয়ে ৷আয়ুষ্মান আঁচনিয়ে ডিব্ৰুগড়ত এই চিকিৎসা সুলভ কৰি তোলাৰ ওপৰত বক্তাগৰাকীয়ে গুৰুত্ব আৰোপ কৰে।