ডিব্ৰুগড়ত কেন্দ্ৰীয় ডিব্ৰুগড় ঈদগাহ সমিতিৰ উদ্যোগত ইফতাৰ পাৰ্টীত বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা 

ডিব্ৰুগড়ত কেন্দ্ৰীয় ডিব্ৰুগড় ঈদগাহ সমিতিৰ উদ্যোগত ইফতাৰ পাৰ্টীত বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা 

এম হাছিম আলী, ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- পৱিত্ৰ ৰমজান মাহ উপলক্ষে প্ৰতিবছৰৰ দৰে এই বছৰো ডিব্ৰুগড়ৰ গ্ৰাহাম বজাৰত থকা কেন্দ্ৰীয় ডিব্ৰুগড় ঈদগাহ কমিটিৰ উদ্যোগত বিশ্ব শান্তি আৰু ভাতৃত্ববোধৰ উদ্দ্যেশ্যৰে আজি (১৪-৩-২৫) ৰমজানৰ ইফতাৰ পাৰ্টী অনুষ্ঠিত হয়। এই উদ্দেশ্যে ডিব্ৰুগড়ত থকা ৩০ টা মছজিদ জামাতৰ ৰোজাদাৰ সকল উপস্থিত হৈ ইফতাৰ পাৰ্টীত অংশ গ্ৰহণ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে ডিব্ৰুগড় ঈদগাহৰ সম্পাদক আলহ্জ চৌকত আলিয়ে সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰাৰ পিছত স্থানীয় নালিয়াপুল মছজিদৰ পেছ ঈমাম চৈয়দ মোবাৰক হুছেইনে ৰোজা বা উপবাসৰ গুৰুত্ব সম্পৰ্কত বক্তব্য দাঙি ধৰি কয় যে আমি ১১ মাহেই উদৰ পূৰাই খাওঁ কিন্তু এটা মাহ আমি কষ্ট কৰিব নোৱাৰোঁ। কিছুমান মুছলিম মানুহে পৱিত্ৰ কোৰান হাদিছৰ মতে ৰোজাৰ ইয়াৰ নীতি নিয়ম পালন নকৰোঁ বা ৰোজা কি কি কাৰণত ভঙ্গ হব পাৰে বা পালন কৰাৰ সময়ত কেনেধৰণৰ সংযম হব লাগে, বিশেষকৈ পুৰুষ সকলে ৰোজাব্ৰত পালন কৰাৰ সময়ত যে খং-ৰাগ নকৰি সংযম হৈ শান্তি পূৰ্ণভাৱে সকলোৰে লগত সৎ ব্যৱহাৰ কৰি এই মাহটো পালন কৰিব লাগে সেই কথা সোঁৱৰাই দিয়ে। এই অনুষ্ঠানত ডিব্ৰুগড় জাকাত এণ্ড ইমদাদ ফাউণ্ডেশ্যন, ডিব্ৰুগড় চেন্টাৰ ফৰ ইছলামিক ষ্টাডিজ, ডিব্ৰুগড় ঈদগাহ, ডিব্ৰুগড় মাজাৰ সমিতিকে আদি কৰি কেবাটাও অনুষ্ঠান প্ৰতিষ্ঠানৰ সদস্যৰ লগতে কেবাগৰাকীও বিশিষ্ট আলিম উলামা আদি উপস্থিত থাকে । ৰোজা ভঙ্গ কৰাৰ পূৰ্বে বিশ্ব শান্তিৰ কাৰণে, দেশৰ-দহৰ কাৰণে দুহাত তুলি সৰ্বশক্তিমানৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰে সুবক্তা জোনাব চৈয়দ মোবাৰক হুছেইনে। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই ঈদগাহ কমিটিৰ সম্পাদক চৌকত আলিয়ে সকলকে ধন্যবাদ জ্ঞাপন কৰে আৰু আগন্তুক ঈদুল ফিতৰ আৰু ঈদুজ্বোহাৰ নামাজ এইখন ঈদগাহ ময়দানতে পঢ়িবলৈ সকলোকে অনুৰোধ জনায়।