ডিব্ৰুগড়ত কিশোৰীক ধৰ্ষণ কৰি ভিডিঅ’ প্ৰস্তুত কৰিলে পাঁচ পাষণ্ডই

ডিব্ৰুগড়ত কিশোৰীক ধৰ্ষণ কৰি ভিডিঅ’ প্ৰস্তুত কৰিলে পাঁচ পাষণ্ডই: চাবুৱা আৰক্ষীৰ জালত পৰিল চাৰিজন, এজন পলাতক

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলাৰ চাবুৱাৰ শিয়ালকাটী চাহ বাগিচাত সংঘটিত হৈছে এক জঘন্ন ঘটনা। পাঁচজন পাষণ্ডৰ কামনাৰ বলি হ’ল এগৰাকী কিশোৰী। চাবুৱাৰ শিয়ালকাটী চাহ বাগিচাৰ ৰঙামাটি লাইনৰ ১ নং লাইনত সংঘটিত হৈছে এই জঘন্ন ঘটনা। কিশোৰী গৰাকী সাত মহীয়া অন্তঃসত্বা হোৱাৰ পাছতে ঘটনা পোহৰলৈ আহে। পিতৃ-মাতৃ নথকা কিশোৰী গৰাকীৰ শাৰীৰিক পৰিবৰ্তন হোৱাত অঞ্চলটোৰ ৰাইজে সোধাপোচা কৰাত ঘটনা পোহৰলৈ আহে। ইয়াৰ পাছতে ৰাইজৰ সহযোগত চাবুৱা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে । ভুক্তভোগী কিশোৰী গৰাকীয়ে এজাহাৰ দাখিল কৰা পাছতেই নিশাই চাবুৱা আৰক্ষীয়ে ৪ জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যদিও আন এজন পলাই যায় । চাবুৱা আৰক্ষীযয়ে চাবুৱা থানাত 81/24 US 376(D)IPC 60f pcso আইনৰ অধীনত কেচ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। চাবুৱাৰ শিয়ালকাটী চাহ বাগিচাৰ পৰাই গ্ৰেপ্তাৰ কৰিছে কৈলাশ তাঁতী (৫৫),বিকি তাঁতী (২০) মনজিত হাচদাৰ (১৮)। ইয়াৰ অমিৰ বৰাইক পলাতক হোৱাৰ লগতে ঘটনাৰ লগত জড়িত আন এজন শিশুক আটক কৰি যোৰহাটৰ শিশু গৃহলৈ প্ৰেৰণ কৰে।ঘটনাৰ লগত জড়িত আৰু কোনোবা থাকিব পাৰে বুলি আৰক্ষীয়ে জোৰ অনুসন্ধান অব্যাহত ৰাখিছে।