ডিব্ৰুগড়ত কানৈ বাণিজ্য মহাবিদ্যালয়ত অভিভাৱক– কৰ্তৃপক্ষৰ মতবিনিময়
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ-পূৰ্বাঞ্চলৰ বাণিজ্য শিক্ষাৰ প্ৰাণকেন্দ্ৰ ৰূপে পৰিচিত ডিব্ৰুগড় কানৈ বাণিজ্য মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ সৈতে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ এক মত বিনিময় অনুষ্ঠান দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ ‘জ্যোতিপ্ৰসাদ আগৰৱালা সভাকক্ষ’ত অনুষ্ঠিত সভাত আঁত ধৰে অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক ড° বিদিশা মহন্তই। অনুষ্ঠানৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়দেব গগৈয়ে আদৰণী ভাষণ প্ৰদান কৰি সমবেত অভিভাৱকসকলক আন্তৰিক সম্ভাষণ জনায়। তেওঁ মহাবিদ্যালয়ৰ সাম্প্ৰতিক উন্নয়নমূলক পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰাৰ লগতে শিক্ষক-কৰ্মচাৰীসকলক চিনাকি কৰাই দিয়ে। লগতে ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ ফলাফল, বিভিন্ন কোষ, ক্লাব আৰু সমিতিসমূহৰ কাৰ্যকলাপ তথা ভৱিষ্যৎ পৰিকল্পনাৰ বিস্তৃত বিৱৰণ আগবঢ়াই অভিভাৱকসকলৰ পৰা গঠনমূলক দিহা-পৰামৰ্শৰ আহ্বান জনায়। মহাবিদ্যালয়ৰ উপাধ্যক্ষ শৈলেন গগৈয়েও অভিভাৱক সকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে।অনুষ্ঠানত শিক্ষকৰ ফালৰ পৰা কেশবানন্দ হালৈ, বাণী কছাৰী, ড° নবজ্যোতি দত্ত, ড° অনিতা বৰুৱা আৰু শিৱা চক্ৰৱৰ্ত্তীয়ে বক্তব্য প্ৰদান কৰে। তেওঁলোকে নিজ নিজ দায়িত্বত থকা কোষ আৰু বিভাগসমূহৰ কাৰ্যকলাপ সম্পৰ্কেও উপস্থিত অভিভাৱক সকলক অৱগত কৰে। মহাবিদ্যালয়ৰ গ্ৰন্থগাৰিকা সংগীতা শেনচোৱাই পুথিভঁৰালৰ সুবিধা আৰু সম্পদসমূহৰ বিষয়ে আলোকপাত কৰে। কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়া প্রেমা চুতীয়াই ছাত্ৰ-ছাত্ৰীয়ে কাৰ্যালয়ৰ পৰা লাভ কৰা বিভিন্ন সেৱা আৰু সুবিধাৰ বিষয়ে বিশদভাৱে ব্যাখ্যা আগবঢ়ায়।অভিভাৱক সন্মিলন আয়োজন সমিতিৰ যুটীয়া সমন্বয়ক ড° নবজ্যোতি দত্তই মত বিনিময় অনুষ্ঠানটো পৰিচালনা কৰে। প্ৰতিকূল বতৰ তথা কৰ্ম ব্যস্ততাৰ স্বত্বেও দূৰ-দূৰণিৰ পৰা আহি ভালেসংখ্যক অভিভাৱক তথা পিতৃ-মাতৃয়ে সভাত অংশগ্ৰহণ কৰে। মতবিনিময়ত অভিভাৱক সকলে তেওঁলোকৰ সন্তানসকলে মহাবিদ্যালয়খনৰ পৰা বিভিন্ন দিশত উপকৃত হোৱা বুলি মত প্ৰকাশ কৰাৰ লগতে অধ্যক্ষ ড° গগৈক প্ৰশংসা কৰে। অনুষ্ঠানত কেবাগৰাকীও অভিভাৱকে শিক্ষাৰ মানোন্নয়নৰ স্বাৰ্থত কেইবাটাও গঠনমূলক পৰামৰ্শও আগবঢ়ায়।চলিত বৰ্ষৰ পৰা প্ৰবৰ্তন কৰা ‘অধ্যক্ষ বিশেষ মেধা বঁটা’ প্ৰতিটো ষানমাসিকত ভাল ফলাফল লাভ কৰা ছাত্ৰ ছাত্ৰী সকলক প্ৰদান কৰা বিষয়ে জানি অভিভাৱক সকল আপ্লুত হয়।অনুষ্ঠানৰ শেষত ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক নাজৰানা হকে শলাগৰ শৰাই আগবঢ়ায়।
