ডিব্ৰুগড়ত কবিতাৰ এপলক অনুষ্ঠান
এম হাছিম আলী,ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা– ডিব্ৰুগড়ত সৰস্বতী পূজাৰ লগত সংগতি ৰাখি দিনত এটি কবিতাৰ অনুষ্ঠানৰ জন্ম দিয়া হয় নাম ~ ” কবিতাৰ এপলক “। সমাজৰ নবীন প্ৰবীন তথা জাতি ভাষা ভেদে সকলোৰে মাজত কবিতাৰ এক সুস্হ পৰিবেশ গঢ়ি তোলাৰ উদ্দেশ্যে লেখক দিলীপ লেখাৰু, গীতিকাৰ শৈলেন্দ্ৰ কুমাৰ দত্ত আৰু সাংবাদিক ললিত শৰ্মাৰ দ্বাৰা এই অনুষ্ঠানৰ আযোজন কৰা হয়। ইয়াত অংশ গ্ৰহণ কৰে শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা কৃতি শিক্ষক তথা লেখক গন্ধেশ্বৰ শইকীয়া, শিক্ষয়ত্ৰী তথা শিল্পী শ্ৰীমতী গৌৰী শইকীয়া, পৱন গাৰোদিয়া, সুৰেশ আগৰৱালা, ডঃ মহেশ কুমাৰ জৈন, মনোহৰ বাৰ্মা,শৰাহুল দাস আদি বিশিষ্ট ব্যক্তি সকলে।অনুষ্ঠানটিৰ আঁত ধৰে শৈলেন্দ্ৰ কুমাৰ দত্তই । পৱন গাৰোদীয়াৰ সৰস্বতী বন্দনাৰ লগতে সকলোৱে ইয়াত সহযোগ কৰে। উপস্হিত সকলোৰে পৰিচয় ডাঙি ধৰাৰ পাচত তেওঁলোকে কবিতা সম্পৰ্কে দু আষাৰ কোৱাৰ লগতে স্বৰচিত কবিতা পাঠ কৰে। অসমীয়া হিন্দী আৰু ইংৰাজী ভাষাত আগবঢ়োৱা কবিতাবোৰে সকলোৰে মন মুগ্ধ কৰে। শ্ৰীমতী গৌৰী শইকীয়াই পৰিৱেশন কৰা গোৱালপৰীয়া গীতেও সভাৰ সৌষ্ঠব বঢ়ায় । এমাহৰ পাচত পুনৰ লগ হোৱাৰ প্ৰতিশ্ৰুতিৰে সভা ভঙ্গ হয় আৰু শলাগৰ শৰাই আগবঢ়ায় দিলীপ কুমাৰ লেখাৰৱে।