ডিব্ৰুগড়ত কংগ্ৰেছৰ ৰণডংকা-লাহোৱালত গৌৰৱ গগৈৰ উপস্থিতিত বিশাল জনসভা

ডিব্ৰুগড়ত কংগ্ৰেছৰ ৰণডংকা-লাহোৱালত গৌৰৱ গগৈৰ উপস্থিতিত বিশাল জনসভা
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়ৰ লাহোৱালত কংগ্রেছৰ ২০২৬ৰ ৰণডংকা। যোৰহাট লোকসভাৰ সাংসদ  তথা অসমৰ কংগ্ৰেছ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত বিশাল জনসভা অনুষ্ঠিত হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ পাছতে উজনিৰ লাহোৱালত বিশাল জনসভাত এইবাৰ কংগ্রেছৰ ‘২৬ ৰ ৰণডংকা বজায় ।অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি দায়িত্ব লাভৰ পাছত প্ৰথমবাৰৰ বাবে উজনিৰ এসময়ৰ কংগ্ৰেছৰ দূৰ্গবুলি চিহ্নিত ডিব্ৰুগড়ৰ লাহোৱালত বিশাল জনসভাত গৌৰৱ গগৈৰ।ডিব্ৰুগড়ৰ চাবুৱা- লাহোৱাল সমষ্টিৰ লাহোৱালৰ মটক চাহবাগিছা খেলপথাৰত ‘ভোট চোৰ গাদী চোৰ’-শ্লোগানেৰে বি এল এ প্ৰশিক্ষণ আৰু ৰাজহুৱা সভাৰ নেতৃত্ব গৌৰৱ গগৈৰ। ৰাষ্ট্ৰীয় কেইবাগৰাকী নেতা সহ অনুষ্ঠানত বিৰোধী দলৰ দলপতি দেৱব্ৰত শ‌ইকীয়া, সাংসদ ৰকিবুল হুছেইন, সাংসদ প্ৰদ্যুৎ বৰদলৈ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰ, ৰিপুন বৰা,পৃথ্বিবী মাঝি, ৰাজু চাহু,পাঞ্জাবৰ সাংসদ অমৰেন্দ্ৰ সিং,আই চি চিৰ সম্পাদক বিকাশ উপাধ্যায়, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাণী নৰহ, প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকনকে প্ৰমুখ্যে কৰি কংগ্ৰেছৰ বহু সংখ্যক বিধায়ক নেতা উপস্থিত থাকে। উল্লেখ্য যে সমষ্টি বিভাজনৰ পাছতে ডিব্ৰুগড়ৰ চাবুৱা আৰু লাহোৱাল একত্রিত কৰি এটা সমষ্টি কৰাৰ পাছতে লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা,  অগপৰ চাবুৱাৰ বিধায়ক পোনাকন বৰুৱাৰ ‘২৬ৰ টিকটক লৈ যথেষ্ট চৰ্চা অব্যাহত থকাৰ সময়তে লাহোৱালতেই কংগ্রেছৰ এই বিশাল ৰাজহুৱা সভাত  হাজাৰ হাজাৰ লোক উপস্থিত থকাটোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে।