ডিব্ৰুগড়ত এদিনীয়া কাবাদী প্ৰতিযোগিতাত ১২ দলৰ অংশগ্ৰহণ:ধেমাজিৰ মিংমাং দল চেম্পিয়ন

ডিব্ৰুগড়ত এদিনীয়া কাবাদী প্ৰতিযোগিতাত ১২ দলৰ অংশগ্ৰহণ:ধেমাজিৰ মিংমাং দল চেম্পিয়ন::ট্ৰফীসহ নগদ দহ হেজাৰ লাভ

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ দুৱৰাচুক-ৰূপনগৰ, চেতিয়াচুক অঞ্চলৰ ক্ৰীড়া আৰু সমাজ-সংস্কৃতিমূলক অনুষ্ঠান ‘প্ৰগতি সংঘ’ৰ সৌজন্যত ২৫ অক্টোবৰত দিনজোৰা কাৰ্যসূচীৰে সংঘৰ খেলপথাৰত কাবাদি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই প্ৰতিযোগিতাত ধেমাজি জিলাৰ মিংমাং বি দলে চেম্পিয়ন খিতাপ অৰ্জন কৰে৷ ৰাণাৰ্চ আপ খিতাপ অৰ্জন কৰে ডিব্ৰুগড় জিলাৰ নামৰূপ একাদশে৷ চেম্পিয়ন দলটিয়ে “পুণ্যপ্ৰভা গগৈ সোঁৱৰণী” ট্ৰফীসহ নগদ দহ হেজাৰ টকা প্ৰাইজমনি লাভ কৰে৷ পৰিয়ালৰ হৈ পুৰস্কাৰটো প্ৰদান কৰে মনোজিৎ গগৈয়ে৷ আনহাতে ৰাণাৰ্চ আপ দলটিয়ে প্ৰয়াত “গোবিন দুৱৰা সোঁৱৰণী” ট্ৰফীসহ নগদ পাঁচ হেজাৰ টকা লাভ কৰে৷ ট্ৰফীটো প্ৰদান কৰে দাতা বিশ্বজিৎ দুৱৰাই৷ ট্ৰফীসহ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ অৰ্জন কৰে মিংমাং দলৰ অ’য়া পেগুৱে৷ পুৰস্কাৰটি প্ৰদান কৰে ৰূপনগৰ জাতীয় বিদ্যালয়ে৷ ফাইনেল খেলখনিৰ পূৰ্বে অতিথি হিচাপে আমন্ত্ৰিত স্থানীয় ৰজাভেটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিশ্বজিত নাথ আৰু জ্যেষ্ঠ সাংবাদিক ৰতন হাজৰিকাক খেলুৱৈসকলৰ স’তে চিনাকি কৰাই দিয়া হয়৷ সন্ধিয়া সাংস্কৃতিক কৰ্মী কৃপাল ফুকনে আঁতধৰা বঁটা বিতৰণী অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ কাবাদী সন্থাৰ সম্পাদক সুৰজিৎ গগৈ, সংঘৰ সম্পাদক দিব্যজ্যোতি মহন, উপসভাপতি গিৰিবালা দেউৰী ভৰালী আৰু দীপক দুৱৰাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ সংঘৰ হৈ প্ৰিয়াংকী দুৱৰা আৰু ৰমনী গগৈৰ ব্যৱস্থাপনাত অনুষ্ঠিত খেলখনিত উজনি অসমৰ চৰাইদেউ, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ মুঠ বাৰটা দলে অংশগ্ৰহণ কৰে৷ খেলসমূহ পৰিচালনা কৰে সংগ্ৰাম সন্দিকৈ আৰু গায়ত্ৰী দেউৰীয়ে৷ পুৱাৰ ভাগত সংঘৰ সভাপতি টুলু ফুকনে পতাকা উত্তোলনেৰে আৰম্ভ কৰা দিনজোৰা কাৰ্যসূচীত খেলখনিৰ উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী ডাঃ বিপিন্দ্ৰনাথ কাকতিয়ে৷ অনুষ্ঠানত এনআৰএলৰ জেনেৰেল মেনেজাৰ ঘণশ্যাম হাজৰিকা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ক্ৰীড়া বিষয়া মণ্টু বড়ো, ডিব্ৰুগড় জিলা ক্ৰীড়া বিষয়া ছেমি শইকীয়া, শাৰীৰিক নিৰ্দেশক অনুজ বৰুৱা, প্ৰণামিকা বৰুৱাকে ধৰি সহস্ৰাধিক ক্ৰীড়াপ্ৰেমী উপস্থিত থাকে৷