ডিব্ৰুগড়ত “এটি বৰ্ষাস্নিগ্ধ আবেলি” শীৰ্ষক কবি সন্মিলন- এম হাছিম আলী, ডিব্ৰুগড়

 

ডিব্ৰুগড়, ২৮ জুলাই, ষ্টাফ ৰিপ’ৰ্টাৰ

যোৱা ২৭ জুলাইত ডিব্ৰুগড় নগৰ কবি সন্মিলনৰ উদ্যোগত ডিব্ৰুগড় কানৈ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত “এটি বৰ্ষাস্নিগ্ধ আবেলি” শীৰ্ষক এখনি কবি সন্মিলন অনুষ্ঠিত হয়। ড০ বাৰীন্দ্ৰ দাসে আঁত ধৰা অনুষ্ঠানটিত সভাপতিত্ব কৰে ডিব্ৰুগড় নগৰ কবি সন্মিলনৰ সভাপতি, বিশিষ্ট কবি ডাঃ প্ৰণয় ফুকনে। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে হেমচন্দ্ৰ দেৱ গোস্বামী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপিকা ড০ গীতালী শইকীয়া, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ খনিন্দ্ৰ মিশ্ৰ ভাগৱতী। শইকীয়াই “একবিংশ শতিকাৰ অসমীয়া কবিতাত পাশ্চাত্যৰ ছাঁ” শীৰ্ষক বক্তৃতা প্ৰদান কৰে। ডিব্ৰুগড় নগৰ কবি সন্মিলনৰ কাৰ্যকৰী সভানেত্ৰী ভাৰতী চক্ৰৱৰ্তীৰ নেতৃত্বত দীপালী লাহন দিহিঙ্গীয়া, মিনাক্ষী শৰ্মা, পূৰবী কাকতি, আদিৰ সমবেত কবিতা আবৃত্তিয়ে অনুষ্ঠানৰ শুভাৰম্ভ কৰে। চেনিৰাম গগৈ, ডাঃ প্ৰণয় ফুকন, নীলকান্ত শইকীয়া, ডাঃ ৰঞ্জিত বৰুৱা, ভাৰতী চক্ৰৱৰ্তী, জুবিলী গগৈ, প্ৰণৱী গগৈ, বৈদ্যব্ৰাইট বুঢ়াগোহাঁই, চিন্তুসমীৰ বৰগোহাঁই, বিজু শৰ্মা, দীপালী লাহন দিহিঙ্গীয়া, মৃদুল শৰ্মা, নীলিমা বৰা, কুন্তলা কল্যাণী সন্দিকৈ, সান্ত্বনা হাজৰিকা বুঢ়াগোহাঁই, বন্দিতা নেওগ, মীৰা দত্ত, হোমেন চাংমাই, মণ্টু মৰাণ, ভাস্কৰ গগৈ আদি উজনি অসমৰ প্ৰায় অৰ্ধশতাধিক কবিয়ে অংশগ্ৰহণ কৰে। যাদৱ গগৈয়ে শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানটি ডিব্ৰুগড় নগৰ কবি সন্মিলনে উপস্থিত সকলোটিলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে।