ডিব্ৰুগড়ত ইছলামিক সমাজৰ আগন্তুক ৰোজাব্ৰত আৰু জাকাত সম্পৰ্কত দ্বীনি চৰ্চাৰ আলোচনা চক্ৰ

ডিব্ৰুগড়ত ইছলামিক সমাজৰ আগন্তুক ৰোজাব্ৰত আৰু জাকাত সম্পৰ্কত দ্বীনি চৰ্চাৰ আলোচনা চক্ৰ

এম হাছিম আলী,ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ সাহিত্য,সংস্কৃতি আৰু সামাজিক অনুষ্ঠান চেন্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ উদ্যোগত গ্ৰেহেম বজাৰস্হিত ডিব্ৰুগড় ঈদগাহৰ কমিউনিটি ভৱন প্ৰেক্ষাগৃহত আজি(২৪-২-২৪) ‘ৰমজানৰ ৰোজাব্ৰত আৰু জাকাত’ শীৰ্ষক এক মনোগ্ৰাহী আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়। আগন্তুক পৱিত্ৰ ৰমজান মাহত পালন কৰিবলগীয়া ৰোজাব্ৰত ধৰ্মীয় নীতি-নিৰ্দেশনাৰ সঠিক পালনেৰে মাহটোৰ তাৎপৰ্য বজাই ৰাখি সকলো ইছলাম ধৰ্মীয়ে যাতে মাহটো পালন কৰে তাৰ ওপৰত বিশদ বিশ্লেষণ আগবঢ়াই সমল ব্যক্তি মুফতি আব্দুৰ ৰহমানে কয় যে ‘ৰমজান’ মানে কেৱল দিনটো ভোকত থকাই নহয়, ৰমজানৰ অন্তৰ্নিহিত গূঢ়তত্ব আৰু পৱিত্ৰ কোৰাণ প্ৰদত্ত নিৰ্দেশনা সমূহ যথাযথ ভাৱে জানি আৰু মানিলৈ ৰমজানৰ মাহটো পালন কৰিব লাগে। ৰমজানৰ গোটেই মাহটো এবাদতৰ প্ৰাৰ্থনাৰ বাবে আছুতীয়াকৈ ৰাখি ঈদুল ফিতৰ সম্পৰ্কীয় বজাৰ সমাৰ আদি শ্বাবান মাহতেই সম্পন্ন কৰা উচিত বুলি মুফতি গৰাকীয়ে উল্লেখ কৰে । ইয়াৰ লগতে ‘জাকাত’ সমন্ধীয় সকলো নীতি-নিৰ্দেশনা বিতংভাৱে আলোচনাৰে সকলোকে ইয়াৰ গুৰুত্বৰ কথা তেখেতে বুজাই দিয়ে।ৰমজান মাহৰ লগত ‘জাকাত’ৰ কোনো সমন্ধ নাই যদিও ৰমজানকে ভিত্তি হিচাপে লৈ প্ৰায় সকলো মানুহেই জাকাতৰ সঠিক হিচাপ আৰু বিতৰণৰ ব্যৱস্হা কৰা এটা পৰম্পৰা কৰি লোৱা দেখা যায়। জাকাত বা বাধ্যতামূলক দান বছৰৰ যিকোনো দিনক ভিত্তি কৰি কৰাত কোনো বাধা নাই বুলি তেওঁ উল্লেখ কৰে। এনে ধৰণৰ অনুষ্ঠানৰ আয়োজনে মুছলমান সমাজক যথেষ্ঠ সহায় কৰিব আৰু চেন্টাৰ ফৰ ইছলামিক ষ্টাডিজে এনেধৰণৰ আলোচনা চক্ৰখনি অনুষ্ঠিত কৰাৰ বাবে তেওঁ অনুষ্ঠানটোক ধন্যবাদ জ্ঞাপন কৰে। ডিব্ৰুগড়ৰ অসম জামিউল উলুম মাদ্ৰাছাৰ প্ৰধান মৌলানা মঞ্জুৰ আহমেদ, চাউলখোৱাৰ দাৰুল উলুম মাদ্ৰাছাৰ প্ৰধান মৌলানা হুছেইন আহমদ কাছিমি, ফইজে ইলিয়াছ মাদ্ৰাছাৰ প্ৰধান মৌলানা আতিকুৰ ৰহমান কাছিমী বিশিষ্ট অতিথি হিচাপে এই আলোচনা চক্ৰত ভালে সংখ্যক গুণি ব্যক্তিগ উপস্থিত থাকে। আব্দুল খালেকে আঁত ধৰা অনুষ্ঠানটিত আলহজ্ব মুহিবুল আহমেদে প্ৰস্তাৱনা আৰু চেহিৰ আহমেদে শলাগৰ শৰাই আগবঢ়ায়।চেন্টাৰৰ সহকাৰী সম্পাদক আব্দুল চাজিদে অনুষ্ঠানটিৰ আয়োজনত সহায় সহযোগিতা আগবঢ়োৱা উপ-সমিতিৰ সদস্য নচিমূল গণি, আব্দুৰ ৰাজ্জাক, হাচান আৰমান আহমেদ, নাছিৰ আহমেদ আৰু বিশেষভাৱে ঈদগাহ পৰিচালনা সমিতিৰ সভাপতি আলহজ আমান উল্লা আনচাৰি আৰু সম্পাদক আলহজ ছৌকত আলিক সমিতিৰ পক্ষৰ পৰা ধন্যবাদ জনায়। চেন্টাৰে সকলোলৈকে ‘শ্ববে বৰাত’ আৰু আগন্তুক ‘ৰমজান মাহ’ৰ শুভেচ্ছা জ্ঞাপন কৰিছে।