ডিব্ৰুগড়ত ইউকো বেংকৰ গ্ৰাহক সভা আৰু “সম্পৃক্ত শিবিৰ’ সম্পন্ন
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ অন্যতম ৰাষ্ট্ৰীয়কৃত -বানিজ্যিক বেংক ইউকো বেংক ক্ৰমে-ডিব্ৰুগড় থানা চাৰিআলি, মানকটা আৰু লেপেটকটা শাখাৰ উদ্যোগত এখন উচ্চ পৰ্যায়ৰ সভা ডিব্ৰুগড়ৰ পুস্কৰা চাৰোভাৰ পৰ্তিকো হোটেলত অনুষ্ঠিত হৈ যায়। জিলাখনৰ কৰ্মযোগী বিশিষ্ট ব্যৱসায়ী সকলৰ লগতে ইউকো বেংকৰ পৰা বিশেষ সেৱা লাভ কৰা বহু সংখ্যক গ্ৰাহক সভাত উপস্থিত থাকে। অসম চৰকাৰৰ শক্তি মন্তী প্ৰশান্ত ফুকনে সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি আনুষ্ঠানিক ভাবে বন্তি প্ৰজ্বলন কৰে। বেংকটোৰ কলকতাস্থিত মুখ্য কাৰ্যালয়ৰ চিন্ময় চাহুৱে সন্মানীয় অতিথি ৰূপে উপস্থিত থকা সভাৰ আদৰণি ভাষণ আগবঢ়ায় যোৰহাট আঞ্চলিক শাখাৰ প্ৰৱন্ধক-নৰেন্দ্ৰ প্ৰতাপ সিঙে। সভাত বেংকৰ পৰা সেৱা গ্ৰহণ কৰি ব্যৱসায়ত সফল হোৱা কৰ্মযোগী, সমাজ সেৱক সকলক সন্মানসহ প্ৰশংসা কৰি বেংকৰ ফালৰ পৰা এখনি গামোচা আৰু ইউকো বেংকৰ স্মাৰক প্ৰদান কৰা হয়। ডিব্ৰুগড় নিৰ্মালী গাওঁতো মহিলা আত্মসহায়ক গোটৰ এটি বিশেষ শিবিৰ অনুষ্ঠিত কৰা হয়। এই বিশেষ শিৱিৰত ইউ বেংকৰ পুৰণা আৰু নতুনকৈ অন্তর্ভুক্ত হোৱা গ্ৰাহক সকলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ধজ্বাবাহী আঁচনি ক্ৰমে পি.এম.জে,.জে.বি.ৱাই, পি.এম.এচ.বি.বাই, এ.পি.ৱাই আঁচনি লগতে বেংকত বন্ধ হৈ থকা একাউণ্টসমূহৰ সক্ৰিয় কৰা হয়। এই সুবিধা সমূহ সৰ্বসাধাৰন ৰাইজে কেনেকৈ লাভ কৰিব পাৰে তাৰ বাবে এখনি সজাগতা সভা অনুষ্ঠিত হৈ যায়। সভাত যোৰহাট মাণ্ডলিকৰ মূখ্য বিষয়া ক্ৰমে অমিত শ্ৰীবাস্তৱ, অমিত কমাৰ, অনুপ কুমাৰ– ইউকো বেংকৰ শোনিতপুৰৰ এৰ ডি এম আচুৰ্য্য সোনোৱাল, পৰিচালক -দিপাংকৰ বৰগোঁহাই, ৰশ্মি শৰ্মা সহ বহুকেইগৰাকী বিষয়া কৰ্মচাৰী উপস্থিত থাকে।