ডিব্ৰুগড়ত আৰ্থিকভাৱে দুৰ্বল ছাত্ৰীলৈ চাইকেল ক্ৰয়ৰ আৰ্থিক সাহাৰ্য্য :: জিলা মহিলা সমিতিৰ গ্ৰন্থ অধ্যয়ন সম্পৰ্কীয় সজাগতা সভা
এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- শতিকাপ্ৰাচীন ডিব্ৰুগড় জিলা মহিলা সমিতিৰ এখনি গ্ৰন্থ অধ্যয়ন সম্পৰ্কীয় ৰাজহুৱা সভা ৭ আগষ্টত জীৱন ফুকন নগৰস্থিত নিজা কাৰ্যালয়ত অনুষ্ঠিত হৈ যায়৷ সভানেত্ৰী তথা লেখিকা দীপালি শইকীয়াৰ পৌৰোহিত্যত অনুষ্ঠিত উক্ত সভাত গ্ৰন্থ অধ্যয়ন সম্পৰ্কীয় এক বক্তৃতা প্ৰদান কৰি লেখক, সাংস্কৃতিক সাংবাদিক অমৃত বৰুৱাই গ্ৰন্থ অধ্যয়ন সম্পৰ্কত বক্তব্য আগবঢ়াই কয় যে কিতাপ আধ্যয়ন কৰিলে মানুহৰ জ্ঞান বৃদ্ধি হয় আৰু ভৱিষ্যতেও বাতৰি কাকত আৰু গ্ৰন্থ অধ্যয়ন অব্যাহত ৰাখিবলৈ আহ্বান জনায়৷ অতীতৰ পৰা বৰ্তমানলৈকে মহিলা সমিতিৰ গ্ৰন্থাগাৰটি চলি থকা বুলি জ্ঞাত হৈ সন্তোষ প্ৰকাশ কৰে আৰু প্ৰতিগৰাকী মহিলাক লেখা-মেলাৰ স’তে জড়িত হ’বলৈও তেওঁ আহ্বান জনায়৷ জিলা মহিলা সমিতিৰ সম্পাদিকা পুষ্পবালা দিহিঙীয়াই উদ্দেশ্য ব্যাখ্যা কৰা সভাত সভানেত্ৰী দীপালি শইকীয়াই তেওঁৰ বক্তব্যত কয় যে বৰ্তমান সমাজত মহিলা সমাজৰ যথেষ্ট স্খলন হোৱা দেখিবলৈ পোৱা গৈছে৷ পৰকীয়া প্ৰেমত লিপ্ত হৈ সন্তানক মাৰি পেলোৱা, এৰি থৈ যোৱা, নিকৃষ্ট ভিডিঅ’ ৰীল বনোৱা, নিচাগ্ৰস্ত হৈ বাট-পথত উদ্ভণ্ডালি কৰা আদি ঘটনাই সমাজখন ধ্বংস কৰিছে৷ মাতৃসকল অবাটে যোৱা সমাজ এখন কেতিয়াও উন্নতিৰ পথত আগবাঢ়িব নোৱাৰে৷ আনহাতে কানৈ কলেজৰ অৱসৰী অধ্যাপক সুদক্ষিণা দাসে ‘গৃহিণী সু-গৃহিণী’ আৰু গ্ৰন্থ অধ্যয়ন সম্পৰ্কত এটি বহুমূলীয়া ভাষণ প্ৰদান কৰে৷ সভাত ডিমৌ কলেজৰ অৱসৰী অধ্যাপক মামনি গগৈ বৰগোহাঁয়ে সদস্যাসকলক লিখিবলৈ দিয়া ৰচনাসমূহ চাই দি কেনেকৈ লিখা আৰম্ভ কৰিব লাগে, বানান আদিৰ বাবে এখন সৰু হ’লেও অভিধান ৰাখিব লাগে বুলি প্ৰয়োজনীয় বহুতো পৰামৰ্শ আগবঢ়ায়৷ এই সভাতে মহিলা সমিতিয়ে টেঙাখাতৰ ভিতৰুৱা গাঁৱৰ অলংকৃতা হাজৰিকা নামৰ আৰ্থিকভাৱে দুৰ্বল এগৰাকী ছাত্ৰীক চাইকেল ক্ৰয়ৰ বাবে ৬,৫০০ টকাৰ চে’ক প্ৰদান কৰে৷ সমজুৱাৰ এষাৰত সাতভনী মহিলা সমিতিৰ সম্পাদিকা মেৰিনা গগৈয়ে মহিলা সমিতিৰ স’তে জড়িত হৈ লাভ কৰা অভিজ্ঞতাৰ কথা বৰ্ণনা কৰে৷