ডিব্ৰুগড়ত আন্তৰ্জাতিক নিচামুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উদযাপন 

ডিব্ৰুগড়ত আন্তৰ্জাতিক নিচামুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উদযাপন 
এম হাছিম  আলী, ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্রুগড় জিলা সমাজকল্যাণ বিভাগ আৰু জিলা নিচা দূৰীকৰণ আৰু পুনৰ সংস্থাপন কেন্দ্র আৰু জাগৃতি সন্মিলিত উন্নয়ন কেন্দ্রৰ যৌথ উদ্যেগত আজি(২৬-৬-২৪) “The Evidence is Clear, invest in Prevention” বিষয়টিক মূল বিষয়বস্তু হিচাপে লৈ ডিব্ৰুগড়ৰ নন্দলাল বৰগোহাঁই চিটি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত “আন্তৰ্জাতিক নিচামুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস”  উদযাপন কৰা হয়। কাৰ্যসূচীৰ আৰম্ভণিতে উপস্থিত সকলোৱে নিচামুক্ত সমাজ গঢ়াৰ, ড্ৰাগছৰ অপকাৰিতা বিষয়ে সজাগতা সৃষ্টি কৰা তথা নিজৰ লগতে পৰিয়ালৰ সদস্যক  ড্ৰাগছৰ সেৱনৰ পৰা দূৰত ৰখাৰ সংকল্প গ্ৰহণ কৰে।  মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ সঞ্জীৱানন্দ বৰগোহাঁয়ে আদৰণি ভাষণ আগবঢ়াই নৱপ্ৰজন্মক ড্ৰাগচ সেৱনৰ অপকাৰিতাৰ বিষয়ে উল্লেখ কৰি সকলোকে সজাগ হ’বলৈ আহ্বান জনায়। সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত সমাজকল্যাণ বিষয়া সুপ্ৰিয়া বাউলাৰীয়ে ড্ৰাগচ সেৱনৰ অপকাৰিতাৰ বিষয়ে জিলা প্ৰশাসন তথা সংশ্লিষ্ট বিভাগৰ দ্বাৰা চলাই থকা সজাগতামূলক কাৰ্যসূচীৰ বিষয়ে অৱগত কৰাৰ লগতে ড্ৰাগচ আসক্ত ব্যক্তিৰ পুনৰ্বাসনৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ ওপৰতো আলোকপাত কৰে। তেওঁ নৱ প্ৰজন্মক অধিক সজাগ হোৱাৰ লগতে যিকোনো নিচা জাতীয় সামগ্রী সেৱনৰ পৰা বিৰত থকিবলৈ আহ্বান জনায়। কাৰ্যসূচীত  ড্ৰাগছ সেৱনৰ অপকাৰিতাৰ বিষয়ে বিতং তথ্য সম্বলিত পাৱাৰপইন্ট প্ৰেজেণ্টেশ্যন আগবঢ়ায় District Mental Health Programme (DMHP) ডিব্ৰুগড়ৰ জিলা প্ৰকল্প বিষয়া ডাঃ সৌৰভ গগৈয়ে।  আজিৰ কাৰ্যসূচীত উপস্থিত থাকে ব্ৰহ্ম কুমাৰী ডিব্ৰুগড় কেন্দ্রৰ বি.কে বিনীতা, Integrated Rehabilitation Centre for Addicts (IRCA) ডিব্ৰুগড়ৰ সচিব ৰাজীৱ হাজৰিকা প্ৰমুখ্যে  ডিব্ৰুগড় জিলাৰ আটাইকেইটা সংহত শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়াসকল, আৰক্ষী আৰু আবকাৰী বিভাগৰ বিষয়াসকলৰ  লগতে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল।