ডিব্ৰুগড়ত অ জা পৰ সভাপতি লুৰিণজ্যোতি গগৈৰ সংবাদমেল-প্ৰধানমন্ত্ৰীলৈ অসম ভ্ৰমণৰ প্ৰাক মূহুৰ্তত ৩ প্ৰশ্ন: অসম চুক্তি ছয় নং দৰফা- অসমত “কা” আইন বাতিলৰ আহ্বান
এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- অসম আগমনৰ প্ৰাকমূহুৰ্তত প্ৰধানমন্ত্ৰীক উদ্দেশ্য কৰি ৩ টা প্ৰশ্নৰ উত্তৰ বিচাৰি শুক্ৰবাৰে ডিব্ৰুগড়ৰ থানা চাৰিআলিত থকা গগৈ কমপ্লেক্স এক সংবাদমেল সম্বোধন কৰে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। সংবাদমেলৰ জৰিয়তে লুৰিণজ্যোতি গগৈয়ে কয় যে, চলিত বৰ্ষৰ ২৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে অসমলৈ আহোঁতে প্ৰধানমন্ত্ৰীক উদ্দেশ্যি ১৭ টাই প্ৰশ্ন উত্থাপন কৰিছিল। কিন্তু লুৰিণজ্যোতি গগৈৰ প্ৰশ্নৰ এটাও উত্তৰ নিদিয়াকৈ অসম ত্যাগ কৰিছিল প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীয়ে কাইলৈ পুনৰ অসম ভ্ৰমণৰ প্ৰাক ক্ষণত অসমৰ জনতাৰ বাবে পুনৰ তিনিটা প্ৰশ্নৰ উত্তৰ বিচাৰিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। তেওঁ কয় যে, যোৱা ২০১৯ চনৰ ৩০ মাৰ্চত তিনিচুকীয়াৰ মৰাণ আৰু গহপুৰত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত ৬ জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো আজি পৰ্যন্ত কিয় কাৰ্য্যকৰী নকৰিলে? দ্বিতীয়তে, ২০১৪ চনৰ ২৮ এপ্ৰিলত প্ৰধানমত্ৰীৰ ঘোষণা অনুসৰি ১৬ মে’ৰ পাছত অবৈধ বাংলাদেশীয়ে টালি টোপোলা বান্ধি নিজ দেশলৈ উভতিব লাগিব বুলি কোৱাত ১১ বছৰ পিছতো কাৰ্যকৰী নহ’ল, ইয়াৰ উপৰিও অসম চুক্তিৰ ৬ নং দফাৰে ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন কাৰ্যকৰী নোহোৱাকলৈ প্ৰশ্ন উত্থাপিত কৰিছে গগৈয়ে। প্ৰধানমন্ত্ৰীয়ে চাহ শ্ৰমিকৰ মজুৰি দৈনিক ৩৫১.৩৩ টকালৈ বৃদ্ধি কৰাৰো প্ৰতিশ্ৰুতি দিছিল যদিও আজি পৰ্যন্ত কাৰ্যকৰী কিয় নকৰিলে বুলি প্ৰশ্ন উত্থাপিত কৰে লুৰিণজ্যোতি গগৈয়ে। ইয়াৰ উপৰিও চৰকাৰে বিশ্ব ৰেকৰ্ড কৰিম বুলি ঝুমুইৰ বিনন্দিনী অনুষ্ঠিত কৰি বিশ্ব ৰেকৰ্ডৰ পৰা বঞ্চিত কৰাৰ লগতে অসমৰ ৮৮৮৮ গৰাকী ঝুমুইৰ নৃত্য শিল্পী আৰু ৰাজ্যৰ লাখ লাখ আদিবাসী আৰু চাহ জনগোষ্ঠী লোকক চৰম প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপিত কৰে গগৈয়ে। সংবাদ মেলত উপস্থিত থাকে- অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি বীৰেণ বৰুৱা ,আৰু মইনা পাত্ৰকে ধৰি দলৰ কৰ্মকতা সকল।