ডিব্ৰুগড়ত অসম পেট্র’কেমিকেলছ লিমিটেড-দীনদয়াল বন্দৰ প্ৰাধিকৰণৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বৃহস্পতিবাৰে সন্ধিয়া ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত অসম পেট্র’কেমিকেলছ লিমিটেড আৰু দীনদয়াল বন্দৰ প্ৰাধিকৰণৰ মাজত গুজৰাটৰ কান্দলা বন্দৰত এটি অত্যাধুনিক ই-মিথানল প্রকল্প স্থাপনৰ বাবে এখন গুৰুত্বপূর্ণ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। অসম পেট্ৰ’-কেমিকেলচ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা আৰু কান্দলাস্থিত দীনদয়াল বন্দৰ কৰ্তৃপক্ষৰ অধ্যক্ষ সুশীল কুমাৰ সিঙে ডিব্ৰুগড়স্থিত মুখ্যমন্ত্ৰীৰ সচিবালয়ত অনুষ্ঠিত কাৰ্যসূচীত এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। এই বুজাবুজিৰ চুক্তিৰ জৰিয়তে গুজৰাটৰ কান্দলাস্থিত দীনদয়াল বন্দৰত নিৰ্মাণ হ’ব অসম পেট্ৰ’-কেমিকেলচ লিমিটেডৰ এটা গুৰুত্বপূৰ্ণ প্ৰকল্প । এই অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্য চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য আদি বিভাগৰ মন্ত্রী বিমল বড়া, শক্তি আদি বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকন, সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক পোনাকণ বৰুৱা আৰু তৰংগ গগৈ, দীনদয়াল বন্দৰ প্ৰাধিকৰণৰ অধ্যক্ষ সুশীল কুমাৰ সিং, অসম পেট্র’কেমিকেলছ লিমিটেডৰ অধ্যক্ষ বিকুল চন্দ্ৰ ডেকাকে ধৰি অন্যান্য প্রতিনিধিসকল, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রালয় আৰু ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়াকে ধৰি অন্য কেইবাগৰাকীও গণ্য-মান্য লোক উপস্থিত থাকে। এই অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে আজিৰ এই পদক্ষেপ অসমৰ বাবে এক ঐতিহাসিক মাইলৰ খুঁটি। এই প্রকল্পটোৱে ৰাজ্যৰ সীমাৰ পৰিধি অতিক্রমী ৰাষ্ট্ৰীয় পৰ্যায়ৰ গুৰুত্বপূৰ্ণ প্রকল্পত অসমৰ ক্রমবর্ধমান অংশগ্ৰহণৰ এক শক্তিশালী নিদর্শন দাঙি ধৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে অসমে যে ভাৰতৰ দীৰ্ঘম্যাদী অর্থনৈতিক আৰু পাৰিপাৰ্শ্বিক প্রাধান্যতাসমূহৰ বাস্তৱায়িতকৰণত অৰ্থৱহ অৱদান যোগাব পাৰে, সেই কথাও এই চুক্তিখনৰ জৰিয়তে প্ৰতিফলিত হৈছে। দেশত শূন্য কার্বন নির্গমনৰ যি লক্ষ্য প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে নিৰ্ধাৰণ কৰিছে, তাৰ প্ৰতি অসম চৰকাৰৰ দায়বদ্ধতাৰ কথা দোহাৰি তেওঁ কয় যে স্বচ্ছ শক্তি আৰু সেউজ পৰিবহণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা নীতিসমূহ কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় দৰ্শনৰ সৈতে সংগতিপূর্ণ। ই-মিথানলক জাহাজ পৰিবহণ খণ্ডত কার্বন নির্গমন হ্রাস কৰাৰ এক অন্যতম সেউজ ইন্ধন হিচাপে গণ্য কৰা হয় বুলি উল্লেখ কৰি তেওঁ কয় যে কান্দলা বন্দৰত এই প্রকল্পটোৰ অংশীদাৰ হৈ অসমে ভাৰতৰ কার্বন নির্গমনৰ ‘নেট জিৰো’ লক্ষ্য প্রাপ্তিত প্রত্যক্ষভাৱে অৱদান আগবঢ়াব। দেশৰ ভিতৰত প্ৰথমবাৰৰ বাবে প্রাকৃতিক গেছক ফীড ষ্টক হিচাপে ব্যৱহাৰ কৰি মিথানল উৎপাদন কৰা অসম পেট্ৰ’কেমিকেলছ লিমিটেডৰ পাঁচ দশকৰ গৰ্বিত ইতিহাসৰ কথা মুখ্যমন্ত্ৰীয়ে সোঁৱৰণ কৰে। তেওঁ উল্লেখ কৰে যে এপিএলে জন্মৰে পৰা মিথানল উৎপাদন কৰি আহিছে আৰু এইক্ষেত্ৰত দেশৰ এক অগ্ৰণী কোম্পানী হিচাপে ইতিমধ্যে প্রতিষ্ঠা লাভ কৰিছে। অৱশ্যে ইমানদিনে মূলতঃ জীৱাত্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীল হৈ থকাৰ পিছত এতিয়া চৰকাৰে কাৰ্বন নির্গমন নোহোৱা জৈৱ-ইথানলৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। তেওঁ লগতে কয় যে দীনদয়াল বন্দৰৰ সৈতে হোৱা এই চুক্তিয়ে উৎপাদিত ইন্ধনসমূহ সাগৰীয় পথেৰে পৰিবহণ কৰাত বিশেষভাৱে সহায় কৰিব। অসমৰ সামগ্ৰী বিশ্বৰ বজাৰলৈ নিবলৈ এক সুচল লজিষ্টিক ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰি তেওঁ কয় যে ব্ৰহ্মপুত্ৰৰ জলপথ আৰু দীনদয়াল বন্দৰৰ মাজত এক সমন্বয় স্থাপন কৰিলে ৰাজ্যৰ ৰপ্তানি বৃদ্ধি পাব।

এই যাত্ৰাত সহায় কৰাৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ বিশেষভাৱে কয় যে ই-মিথানলৰ দৰে এক অত্যাধুনিক সেউজ প্রযুক্তিৰ ব্যৱহাৰিক প্ৰয়োগে গোলকীয় জলবায়ু পৰিৱৰ্তনৰ মোকাবিলা কৰাত সহায় কৰিব। তেওঁ আঙুলিয়াই দিয়ে যে গুজৰাটৰ কান্দলা বন্দৰত এই প্রকল্পটো স্থাপন কৰাৰ জৰিয়তে ভাৰতৰ পশ্চিম উপকূলৰ সৈতে পূব ভাৰতৰ এক শক্তিশালী ঔদ্যোগিক সেতু নিৰ্মাণ কৰা হৈছে। ইয়াৰ ফলত জলপথ পৰিবহণৰ জৰিয়তে সামগ্ৰী সৰবৰাহৰ ব্যয় বহু পৰিমাণে হ্রাস পাব আৰু দেশৰ ‘মেৰিটাইম অর্থনীতি’ অধিক শক্তিশালী হ’ব। এই প্ৰকল্পৰ সৈতে জড়িত হ’বলগীয়া উচ্চ কাৰিকৰী জ্ঞানৰ বাবে অসমৰ যুৱক-যুৱতীসকলক বিশেষ প্রশিক্ষণ দিয়াৰ লগতে ‘স্কিল ডেভেলপমেন্ট’ৰ জৰিয়তে তেওঁলোকক এই গোলকীয় মূল্য শৃংখলৰ যোগ্য কৰি তোলা হ’ব বুলিও তেওঁ ভাষণত উল্লেখ কৰে। মুখ্যমন্ত্রীয়ে কয় যে কেৱল উদ্যোগ স্থাপন কৰাটোৱেই চৰকাৰৰ একমাত্র লক্ষ্য নহয়, বৰঞ্চ এই উদ্যোগসমূহ পৰিচালনা কৰিব পৰাকৈ আমাৰ ৰাজ্যৰ মানৱ সম্পদকো সমানেই শক্তিশালী কৰি তুলিব লাগিব। ই-মিথানল বা ছেমিকণ্ডাক্টৰৰ দৰে অত্যাধুনিক আৰু উচ্চ কাৰিকৰী প্ৰযুক্তিৰ সৈতে খোজ মিলাব পৰাকৈ অসমৰ যুৱক-যুৱতীসকলক বিশেষভাৱে দক্ষ কৰি তোলাটো এক অপৰিহাৰ্য বুলি তেওঁ উল্লেখ কৰে। আমাৰ স্থানীয় যুৱপ্ৰজন্মই যাতে এই আধুনিক উদ্যোগসমূহত কেৱল শ্রমিক হিচাপেই নহয়, বৰঞ্চ কাৰিকৰী বিশেষজ্ঞ হিচাপেও নিয়োজিত হ’ব পাৰে, তাৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্রহণ কৰিব বুলি তেওঁ কয়। ইমানদিনে সামগ্ৰী পৰিবহণৰ খৰচ অধিক হোৱাৰ বাবে অসমৰ উদ্যোগসমূহে যি প্রত্যাহ্বানৰ সন্মুখীন হৈছিল, তাৰ সমাধানৰ পথ প্রশস্ত কৰি মুখ্যমন্ত্ৰীয়ে জলপথৰ কৌশলগত ব্যৱহাৰৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে ব্ৰহ্মপুত্ৰৰ পৰা বংগোপসাগৰ হৈ গুজৰাটৰ কান্দলা বন্দৰলৈকে যিটো জলপথৰ সংযোগ গঢ়ি তোলা হৈছে, সেইটোৱে সামগ্ৰী পৰিবহণৰ ব্যয় বহুত পৰিমাণে হ্রাস কৰিব। সাগৰীয় পথৰ এই সংযোগে অসমত উৎপাদিত সামগ্ৰীসমূহক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত অধিক প্রতিযোগিতামূলক কৰি তুলিব আৰু ৰাজ্যৰ অর্থনীতিক এক নতুন মাত্ৰা প্ৰদান কৰিব। গুৱাহাটীক কেন্দ্ৰ কৰি গঢ়ি উঠা উন্নত যাতায়াত আৰু বাণিজ্যৰ নেটৱৰ্কৰ বিষয়েও তেওঁ ভাষণত বিতংভাৱে কয়। অসমৰ ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ সম্পূর্ণ সক্ষম, সেই কথা এই নতুন প্রকল্পই প্রমাণ কৰিলে বুলি মুখ্যমন্ত্রী ড° শৰ্মাই মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ বৰ্ধিত ঔদ্যোগিক সামর্থ্যৰ কথা উল্লেখ কৰি কয় যে নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ, নামৰূপৰ নতুন এম’নিয়া-ইউৰিয়া প্ৰকল্প আৰু জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ উদ্যোগৰ জৰিয়তে অসমে এক সম্পদ আধাৰিত অৰ্থনীতিৰ পৰা বিশ্বজনীন মূল্য শৃংখলৰ অংশীদাৰ হোৱাৰ দিশত ক্ষিপ্ৰতাৰে আগবাঢ়িছে। ‘এডভান্টেজ আছাম-২.০’ৰ জৰিয়তে ৫.১৮ লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্রুতি লাভকৰা হৈছিল আৰু মাত্ৰ এটা বছৰৰ ভিতৰতে প্রায় ৩ লাখ কোটি টকাৰ প্ৰকল্প ৰূপায়ণৰ কাম আৰম্ভ হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।
