ডিব্ৰুগড়ত ‘অসম নাট্য সন্মিলন’ৰ প্ৰতিষ্ঠা দিৱস উদযাপন

ডিব্ৰুগড়ত ‘অসম নাট্য সন্মিলন’ৰ প্ৰতিষ্ঠা দিৱস উদযাপন

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ১৯৫৯ চনত ডিব্ৰুগড়তে জন্ম লাভ কৰা অসমৰ এক বৃহৎ জাতীয় অনুষ্ঠান ‘অসম নাট্য সন্মিলন’ৰ ৬৬ সংখ্যক প্ৰতিষ্ঠা দিৱসটি ২৭ ছেপ্তেম্বৰত ডিব্ৰুগড় শাখাই আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰে৷ ডিব্ৰুগড়ৰ ‘ব্লজম একজটিকা’’ৰ মনোৰম পৰিৱেশত উদযাপিত অনুষ্ঠানটিত বন্তি প্ৰজ্বলন কৰি প্ৰতিষ্ঠাপক সভাপতি বিষ্ণু প্ৰসাদ ৰাভা আৰু প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক হাচান ছৰিফ আহমদৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়৷ এই অনুষ্ঠানতে প্ৰবীন নাট্য শিল্পী, বোলছবি অভিনেত্ৰী, শিল্পী পেঞ্চনাৰ তথা নাট্য সন্মিলনৰ তাহানিৰ কৰ্মী জোনালী বৰুৱাক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়৷ সন্মিলনৰ ডিব্ৰুগড় শাখাৰ সভাপতি জ্যোতি প্ৰকাশ ভট্টাচাৰ্য্য, কাৰ্যকৰী সভাপতি ভাৰতী ফুকন, উপসভাপতি চন্দন পাঠক আৰু কাৰ্যনিৰ্বাহক সদস্য ৰাণা জ্যোতি বৰুৱাই এই সম্বৰ্দ্ধনা প্ৰদান কৰে৷ অনুষ্ঠানত কবিতা আবৃত্তি কৰে মৈত্ৰেয়ী ভৌমিক, চৈয়দা মাছহুদা ৰহমান আৰু আত্ৰেয়ী বৰুৱাই৷ একক অভিনয় আগবঢ়ায় নিমিষা শইকীয়াই৷ বিষ্ণু গোহাঁইৰ মাউথ অৰ্গেনৰ সুৰেও অনুষ্ঠানটি সজীৱ কৰি তোলে৷ সম্বৰ্দ্ধিত নাট্যশিল্পী জোনালী বৰুৱাই অতীত সুঁৱৰি আৱেগিক হৈ পৰাৰ লগতে চমু বক্তব্যৰে বৰ্তমানৰ প্ৰজন্মক অনুপ্ৰাণিত কৰি নাট্য আন্দোলনক সুস্থভাৱে আগুৱাই নিয়াৰ আহ্বান জনায়৷ সন্মিলনৰ সদস্য ৰূদ্ৰ গগৈ আৰু উপমা দুৱৰায়ো একাষাৰকৈ বক্তব্যৰে অসম নাট্য সন্মিলনৰ উত্তৰোত্তৰ জয়যাত্ৰা সফল হোৱাৰ বাবে প্ৰাৰ্থনা জনায়৷ অনুষ্ঠানটিৰ আঁত ধৰে শাখাৰ সম্পাদক,কন্ঠশিল্পী হাচান ইকবালে৷