ডিব্ৰুগড়ত অবাধে খান্দিছে ব্ৰহ্মপুত্ৰ , চহৰখনৰ প্ৰতি ভাবুকি

ডিব্ৰুগড়ত অবাধে খান্দিছে ব্ৰহ্মপুত্ৰ , চহৰখনৰ প্ৰতি ভাবুকি

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ত এতিয়া চলিছে ভূ-মাফিয়াৰ দপদপনি। ডিব্ৰুগড়ৰ মাৰোৱাৰীপট্টীত খহনীয়াস্থলীৰ পৰাই পলস খনন অব্যাহত একাংশ ভূ-মাফিয়াৰ। ডিব্ৰুগড়ৰ মাৰোৱাৰীপট্টীৰ কয়লা ঘাটত ব্ৰহ্মপুত্ৰ নৈত ভূ-মাফিয়াই এফালৰ পৰা চলাই গৈছে ধ্বংসযজ্ঞ। চকুমুদা কুলিৰ ভাওত ডিব্ৰুগড়ৰ বন বিভাগ আৰু আৰক্ষী প্ৰশাসন। ভূ-মাফিয়াই ব্ৰহ্মপুত্ৰ নৈৰ পাৰখনন কৰি নিতৌ এশ ডেৰ শ খনকৈ সৰু ডাঙৰ গাড়ীৰে ডিব্ৰুগড়ৰ বিভিন্ন ঠাইত পলস বিক্ৰী কৰি আহিছে বুলি স্হানীয় ৰাইজে উত্থাপন কৰি আহিছে। ভয়ংকৰ ভাবে ব্ৰহ্মপুত্ৰ নৈৰ পলস খান্দি এফালৰ পৰা চলাই গৈছে ধ্বংস যজ্ঞ ,অবাধে চলাই গৈছে ৰমৰমীয়া ব্যৱসায়। চহৰখনৰ পাচঁআলি, গাৰ্ডকোৱাৰ্টাৰ,অমৰাগুৰি আদি স্থানত দিনে নিশাই ব্ৰহ্মপুত্ৰৰ বালি খনন কৰি আছে বুলিও সংবাদ মাধ্যমৰ আগত ৰাইজে ব্যক্ত কৰে।এই খনন কৰা স্থানতে যোৱা কেবাটাও বছৰত গৰাখহনীয়াই চহৰখনৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈ পৰিছিল। মথাউৰিৰ পৰা মাত্র কেইফুটমানহে বাকী ব্ৰহ্মপুত্ৰৰ এই বিশাল নদীখন।এই স্থানতে খহনীয়াই কালৰূপৰ ধাৰণ কৰা কথা ৰাইজৰ লগতে বিভাগীয় সকলোৱেই জ্ঞাত। কিন্তু স্থায়ী প্ৰতিৰোধৰ বাবে কোনো ধৰণৰ বিজ্ঞানসম্মত ভাৱে একো ব্যৱস্থাই কৰা দেখা নগ’ল। যিহেতু সেই সময়ত বিধায়কে কথা দিছিল যে খৰালি দিনতে গৰাখহনীয়াৰ সুব্যৱস্থা ল’ব, কিন্ত্ত সকলো ফুটুকাৰ ফেন হল বুলি ৰাইজে অভিযোগ উত্থাপন কৰে। এতিয়া খৰালি দিন যাবলৈয়ে হ’ল, তথাপিও দীৰ্ঘম্যাদী আঁচনিৰ কোনো নাম নিচানেই নাই বুলি সচেতন মহলৰ মাজত চৰ্চা হৈছে।