ডিব্ৰুগড়ত অগ্ৰগামী মহিলা সন্মিলনৰ উদ্যোগত জয়মতী দিৱস পালন

ডিব্ৰুগড়ত অগ্ৰগামী মহিলা সন্মিলনৰ উদ্যোগত জয়মতী দিৱস পালন

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়ৰ অগ্ৰগামী মহিলা সন্মিলন, ডিব্ৰুগড়ৰ উদ্যোগত ১নং টেকেলা চিৰিং গাঁও নামঘৰ-প্ৰাংগনত মহীয়সী জয়মতী কুঁৱৰীৰ স্মৃতি দিৱস পালন কৰা হয়। অগ্ৰগামীৰ প্ৰতিষ্ঠাপক সভানেত্ৰী আৰাধনা দত্তৰ পৌৰোহিত্যত আৰু নামঘৰ মহিলা মঞ্চৰ আতিথ্যত অনুষ্ঠিত সভাখনত আৰম্ভণিতে মহীয়সী জয়মতীৰ কাল্পনিক প্ৰতিচ্ছবিৰ সমুখত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট লেখিকা ডo ‘ভাৰতী দত্তই।চমু ভাষণত তেওঁ দেশৰ বাবেই আত্মবলিদান দিয়া জয়মতীক এগৰাকী ছহিদ আৰু সত্যাগ্ৰহী আখ্যা দিয়ে।আদৰণী ভাষণত সভানেত্ৰী আৰাধনা দত্তই আহোমসকলৰ মাজত পদ্ধতিগত ভাৱে বুৰঞ্জী লিখাৰ প্ৰথা আছিল যদিও বুৰঞ্জী সমূহত ৰাজ-পৰিয়ালৰ মহিলা সকলে বা তেওঁলোক জড়িত হৈ থকা গুৰুত্বপূৰ্ণ বিষয়েও স্থান নাপাইছিল।সেইবাবে অধিকাংশ বুৰঞ্জীতে জয়মতীৰ আত্মত্যাগৰ ঘটনাৰ উল্লেখ নাই।সেইবাবে এসময়ত বহুতে জয়মতীক কাল্পনিক চৰিত্ৰ বুলি কোৱাৰ প্ৰয়াস কৰিছিল । তেওঁ জ্যোতিপ্ৰসাদৰ “জয়মতীৰ আত্মাৰ উক্তি” কবিতাৰ উদ্ধৃতি দি কয় যে জয়মতী অতীতৰ নহয় ভৱিষ্যতৰ নহয়। তেওঁ “চিৰ নিত্য” তেওঁৰ চাৰিত্ৰিক দৃঢ়তা আৰু দেশপ্ৰেম আমাৰ বাবে চিৰকাল গ্ৰহণীয়। অনুষ্ঠানৰ মুখ্য অতিথি বিশিষ্ট হিচাপে সাহিত্যিক আৰু কেবাখনো বুৰঞ্জী মূলক পুথিৰ লেখক দুৰ্লভ চেতিয়াই তাই ভাষাত ৰচিত একাধিক বুৰঞ্জীত জয়মতীৰ উল্লেখ থকাৰ কথা সদৰী কৰি জয়মতীৰ আত্মত্যাগৰ সমগ্ৰ ঘটনাৰ যুক্তিসংগত বিশ্লেষণ আগবঢ়াই ৰাজশক্তিৰ লগত সম্পূৰ্ণ ৰূপে অসহযোগিতা কৰি মৃত্যু বৰণ কৰা সমগ্ৰ পৃথিৱীৰে তিনিগৰাকী নাৰীৰ ভিতৰত জয়মতী এগৰাকী বুলি মত প্ৰকাশ কৰে। জয়মতীৰ কাহিনীৰ সৈতে জড়িত কেতবোৰ বিসংগতি মূলক ঘটনাৰো বিশ্লেষণ কৰি তেওঁ সেইবোৰৰ প্ৰকৃত সত্য নিৰূপণ কৰাৰ প্ৰয়াস কৰে। অগ্ৰগামী মহিলা সন্মিলনৰ কাৰ্য্যকৰী সভানেত্ৰী ৰেণু ফুকনেও জয়মতীৰ পিতৃ লাইথেপেনা বৰগোহাঁইৰ বৰ্তমানত জয়মতীয়ে কেনেকৈ নিকাৰ ভুঞ্জিব লগা হ’ল তাৰ ব্যাখ্যা আগবঢ়াই কয় সেইসময়ত বৰগোহাঁইক ছলনা কৰি গুৱাহাটীলৈ পঠাই দিয়া হৈছিল বুলি কোনো কোনো বুৰঞ্জীত উল্লেখ আছে।সমজুৱাৰ ফালৰ পৰা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী চন্দ্ৰ লেখা চেতিয়াই ১নং টেকেলা চিৰিং গাঁও নামঘৰত জয়মতীৰ স্মৃতি দিৱস উপলক্ষ্যে এখন গাম্ভীৰ্য্যপূৰ্ণ সফল সভা অনুষ্ঠিত কৰাৰ বাবে অগ্ৰগামী মহিলা সন্মিলনৰ বিষয়ববীয়া সকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনায়। বিজয় লক্ষ্মী শৰ্মা গোস্বামীৰ কণ্ঠৰ দীপ প্ৰজ্বলন মন্ত্ৰ,নীলিমা বৰদলৈ,মীৰা শৰ্মা। নিভা কোঁৱৰ আৰু দীপ্তি কাকতিয়ে পৰিৱেশন কৰা আৰাধনা দত্তই ৰচনা কৰা জয়মতীৰ মালিতা, ড০ ফৰিদা আহমদ আৰু দীপামনি বুঢ়াগোহাঁইৰ স্বৰচিত জয়মতী বিষয়ক কবিতা তুলসী দত্তৰ কন্ঠৰ ৰাভা সংগীত আৰু ৰূপালী ভট্টাচাৰ্যই জয়মতীৰ চৰিত্ৰৰ ওপৰত কিছু দৃশ্যাংশ কৰি অনুষ্ঠানটি প্ৰাণৱন্ত কৰি তোলে। অগ্ৰগামী মহিলা সন্মিলনৰ সম্পাদিকা জোনালী খাউন্দে উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে আঁত ধৰা সভাখনত অগ্ৰগামীয়ে তিনিটা বছৰ পূৰ্ণ কৰাৰ বাবে কাৰ্য্যনিৰ্বাহকৰ উপস্থিত বিষয়ববীয়া ড০ ফৰিদা আহমদ,ড০ দীপাঞ্জনা দত্ত দাস, কুমকুম দত্ত,,নীলিমা বৰদলৈ, মীৰা শৰ্মা লগতে জোনালী খাউন্দক ফুলাম গামোচাৰে আদৰণি জনোৱা হয়।উপ-সভানেত্ৰী কুমকুম দত্তই শলাগ জ্ঞাপন কৰে।