ডিব্ৰুগড়ত অখিল গগৈ-গৌৰৱ গগৈৰ ৰুদ্ধদ্বাৰ বৈঠক: আলোচনা আধৰুৱা হল: অখিল গগৈ

ডিব্ৰুগড়ত অখিল গগৈ-গৌৰৱ গগৈৰ ৰুদ্ধদ্বাৰ বৈঠক: আলোচনা আধৰুৱা হল: অখিল গগৈ

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়ত ৫ ঘন্টা ৰুদ্ধদ্বাৰ আলোচনা কৰি আহি সাংবাদিকক অখিল গগৈয়ে কলে যে কংগ্রেছে ৰাইজৰ দলক সমষ্টি এৰি দিম বুলি প্ৰকাশ কৰি থকা ১৩ জনীয়া লিষ্টখন গৌৰৱ গগৈৰ নিজৰহে আছিল। মই জানো যে এ আই চি চিৰ অনুমোদন নাছিল এই লিষ্টখন। ৫ ঘন্টা ধৰি ডিব্ৰুগড়ৰ হোটেল টি কাউণ্টিত আলোচনা কৰিও গৌৰৱ গগৈৰ লগত মত নিমিলিল অখিল গগৈৰ। বিশেষকৈ মিত্ৰতা সম্পৰ্কত আসন ভাগ বতৰাক লৈ এই আলোচনা হৈছিল। গৌৰৱ গগৈয়ে আজি নিশা পুনৰ এ পি চি চিৰ লগত আলোচনা কৰি জনাব বুলি কয় অখিল গগৈক। ৰাইজৰ দলে বিচৰা ধেমাজি আৰু নাওবৈচা সমষ্টিৰ ওপৰতো হোৱা নাই বিবেচনা।সেই দুটা সমষ্টিৰ ওপৰতো বিবেচনা কৰিবলৈ আহ্বান জনাই আহিছে অখিলে গৌৰৱক। অতি চৰ্চিত ধিং আৰু দলগাঁও সমষ্টিৰ আলোচনা সম্পৰ্কে এষাৰ কথাও নকৈ আঁতৰি যায় অখিল গগৈ । সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে বাৰে বাৰে ক’লেঅমিমাংসিত হ’ল আজিৰ আলোচনা।ইফালে আলোচনাৰ পাছত ওলাই অহা অখিল গগৈক আগচি ধৰিলে দুলীয়াজান সমষ্টিৰ ৰাইজৰ দলৰ একাংশ কৰ্মীয়ে। মিত্ৰতা কোনোপধ্যেই মানি নলয় দুলীয়াজান সমষ্টিত ৰাইজৰ দলৰ মহিলা কৰ্মীয়ে। একক ভাৱেই অৱতীৰ্ণ হ’বলৈ সাজু হৈ মহিলা সকল। অখিলৰ মিত্ৰতা-আসন ভাগ বতৰা মানি নল’বলৈ দিলে সকিয়নী মহিলা কৰ্মীয়ে। কংগ্রেছৰ ধ্ৰুৱ গগৈৰ বিৰুদ্ধে তীব্র ক্ষোভ প্ৰকাশ কৰে ৰাইজৰ দলৰ সমৰ্থক সকল।