ডিব্রুগড় জিলাৰ চৰকাৰী বিদ্যালয়সমূহৰ শৈক্ষিক পৰিৱেশৰ উন্নীতকৰণৰ বাবে জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ উদ্যোগত আৰম্ভ “মিছন উৎসাহ”

ডিব্রুগড় জিলাৰ চৰকাৰী বিদ্যালয়সমূহৰ শৈক্ষিক পৰিৱেশৰ উন্নীতকৰণৰ বাবে জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ উদ্যোগত আৰম্ভ “মিছন উৎসাহ”

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  চৰকাৰী বিদ্যালয়সমূহত অধ্যয়নৰত যিসকল ছাত্ৰ-ছাত্ৰীয়ে আশানুৰূপ ফলাফল প্ৰদৰ্শন কৰিব পৰা নাই, লগতে বিদ্যালয়ত নিয়মিতৰূপে উপস্থিত থাকিব নোৱাৰে আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন কাৰণত বিদ্যালয়ৰ আনুষ্ঠানিক শিক্ষা আধাতে এৰিব লগা হৈছে সেইসকল ছাত্ৰ-ছাত্ৰীক শৈক্ষিক ক্ষেত্রত সঠিক পথ প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে ডিব্ৰুগড় জিলাৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ উদ্যোগত জিলাখনৰ প্ৰতিখন চৰকাৰী বিদ্যালয়ত আৰম্ভ কৰা হৈছে “মিছন উৎসাহ”। এই “মিছন উৎসাহ”ৰ অধীনত ডিব্রুগড় জিলাৰ বিভিন্ন চৰকাৰী বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰীসকলে পৰীক্ষাত উন্নত মানৰ ফলাফল প্ৰদৰ্শন নকৰা ছাত্ৰ-ছাত্ৰীসকলক অতিৰিক্ত পাঠদান প্ৰদানৰ ব্যৱস্থা কৰাৰ লগতে সময়ে সময়ে পৰীক্ষা লোৱাৰো ব্যৱস্থা কৰিছে। আনহাতে, বিভিন্ন কাৰণবশতঃ বিদ্যালয়ৰ আনুষ্ঠানিক শিক্ষা আধাতে এৰিবলগীয়া হোৱা আৰু বিদ্যালয়ত নিয়মীয়াকৈ উপস্থিত নথকা ছাত্ৰ-ছাত্ৰীসকলৰ ঘৰে ঘৰে গৈ অভিভাৱক সকলৰ সৈতে মতবিনিময় কৰাৰ উপৰিও তেনে ছাত্ৰ-ছাত্ৰীসকলক পুনৰ বিদ্যালয়মুখী কৰিবলৈয়ো বিদ্যালয় কৰ্তৃপক্ষই প্ৰচেষ্টা হাতত লৈছে। ইতিমধ্যে “মিছন উৎসাহ”ৰ অধীনত জিলাখনৰ বিদ্যালয়সমূহত অতিৰিক্ত পাঠদানৰ ব্যৱস্থা আৰম্ভ কৰাৰ লগতে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে ছাত্ৰীসকলৰ ঘৰে ঘৰে গৈ পাঠদানৰো ব্যৱস্থা কৰিছে। অনাগত দিনত “মিছন উৎসাহ”ৰ জৰিয়তে জিলাখনৰ শৈক্ষিক ক্ষেত্রত এক লক্ষণীয় পৰিৱৰ্তনৰ সুচনা হ’ব বুলি আশা কৰা হৈছে।