ডিব্রুগড় জিলাৰ কাৰণে বালি খনন আৰু নদীগৰ্ভ খননৰ বাবে প্ৰস্তুত কৰা খচৰা জিলা জৰীপ প্ৰতিবেদন প্ৰকাশ

ডিব্রুগড় জিলাৰ কাৰণে বালি খনন আৰু নদীগৰ্ভ খননৰ বাবে প্ৰস্তুত কৰা খচৰা জিলা জৰীপ প্ৰতিবেদন প্ৰকাশ

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- জনসাধাৰণৰ অংশগ্ৰহণ আৰু সম্পদ ব্যৱস্থাপনাত স্বচ্ছতা নিশ্চিত কৰিবৰ বাবে, ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে এক অধিসূচনা যোগে ভাৰত চৰকাৰৰ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি ডিব্রুগড় জিলাৰ কাৰণে বালি খনন আৰু নদীগৰ্ভ খননৰ বাবে প্ৰস্তুত কৰা খচৰা জিলা জৰীপ প্ৰতিবেদন সকলো সংশ্লিষ্ট অংশীদাৰ আৰু সাধাৰণ ৰাইজৰ বাবে প্ৰকাশ কৰিছে। বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া (টেৰিটৰিয়েল) ডিব্রুগড়ৰ কাৰ্য্যালয়ত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ https://dibrugarh.assam.gov.in/sites/default/files/public ৱেবচাইটত এই খচৰা জিলা জৰীপ প্ৰতিবেদনৰ অধিসূচনা উপলব্ধ হব।এই খচৰা সন্দৰ্ভত কিবা মতামত, পৰামৰ্শ অথবা ওজৰ-আপত্তি থাকিলে লিখিত আবেদন বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া (টেৰিটৰিয়েল) ডিব্রুগড়ৰ dfo.t.dibrugarh@gmail.com এই ই-মেইল আই.ডিত দাখিল কৰিব লাগিব। আবেদন দাখিল কৰাৰ অন্তিম তাৰিখ ২ অক্টোবৰ, ২০২৪।ডিব্ৰুগড় জিলাৰ বাবে জিলা জৰীপ প্ৰতিবেদনৰ এই খচৰা; অধিসূচনা জাৰি কৰাৰ তাৰিখৰ পৰা ২১ দিনৰ বাবে ৰাজহুৱা সমীক্ষা আৰু মন্তব্যৰ বাবে উপলব্ধ হ’ব।