ডিব্রুগড় জিলাত “ভাষা গৌৰৱ সপ্তাহ” উদযাপনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি মন্ত্ৰী বিমল বড়া:: পাচঁগৰাকী সাহিত্যিকলৈ জিলা প্ৰশাসনৰ সম্বৰ্ধনা
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত “ভাষা গৌৰৱ সপ্তাহ” উদযাপনৰ ডিব্রুগড় জিলাৰ উদ্বোধনী অনুষ্ঠান যোৱা ৩ নবেম্বৰত শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান তথা সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বড়া। “ভাষা গৌৰৱ সপ্তাহ” উদযাপনৰ উদ্বোধনী অনুষ্ঠানত অসমৰ সাহিত্য ক্ষেত্রৰ পাচঁগৰাকী বৰেণ্য সাহিত্যিক, ভাষা-গৱেষক ক্ৰমান্বয়ে ড০ নগেন শইকীয়া, পদ্মশ্ৰী প্ৰহ্লাদ চন্দ্ৰ তাছা, দেৱী প্ৰসাদ বাগড়োদিয়া, ড০ ভীমকান্ত বৰুৱা আৰু ড০ কৰবী ডেকা হাজৰিকালৈ ডিব্রুগড় জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানত পদ্মশ্ৰী প্ৰহ্লাদ চন্দ্ৰ তাছাই নিৰ্দিষ্ট বক্তা হিচাপে অসমীয়া ভাষা-সাহিত্যৰ ইতিবৃত্ত সন্দৰ্ভত আলোকপাত কৰাৰ লগতে ধ্ৰুপদী ভাষাৰ মৰ্যদাই অসমীয়া ভাষা- সাহিত্যৰ উত্তোৰণ, গৱেষণা তথা প্ৰসাৰত কেনেদৰে গুৰূত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব সেই বিষয়ে বিতং তথ্যসম্বলিত ভাষণ প্ৰদান কৰে। অনুষ্ঠানৰ মুখ্য অতিথি কেবিনেট মন্ত্ৰী বিমল বড়াই অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ মৰ্যদা প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে যিসকল পণ্ডিত, গৱেষক তথা মনিষীৰ নেৰানেপেৰা প্ৰচেষ্টাত অসমীয়া ভাষাই এই ঐতিহাসিক মৰ্য্যদাৰ অধিকাৰী হ’ল সেই সকলো বৰেণ্য ব্যক্তিক শ্ৰদ্ধাৰে স্মৰণ কৰে। ভাষাক মানুহৰ মনৰ ভাৱ প্ৰকাশৰ এক অন্যতম মাধ্যম বুলি উল্লেখ কৰি মানুহক জীৱশ্ৰেষ্ঠ পৰ্যায়লৈ উন্নীত কৰাৰ ক্ষেত্ৰত ভাষাৰ গুৰুত্ব আৰু অৱদান অদ্বিতীয় বুলি উল্লেখ কৰে। অসমীয়া ভাষালৈ আগবঢ়োৱা ধ্ৰুপদী ভাষাৰ স্বীকৃতিয়ে অসমীয়া ভাষাক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠিত কৰাৰ লগতে অসমীয়া ভাষাৰ প্ৰসাৰ আৰু উন্নয়নৰ ক্ষেত্রত বিশেষ গুৰুত্ব বহন কৰিব বুলিও তেওঁ মতপোষণ কৰে। “ভাষা গৌৰৱ সপ্তাহ”ৰ উদ্বোধনী অনুষ্ঠানত চাবুৱা বিধানসভা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱা, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ সৈকত পাত্ৰ, ডিব্ৰুগড় জিলা উন্নয়ন আয়ুক্ত অনুপ কুমাৰ ব্ৰহ্ম, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ সভাপতি অসীম হাজৰিকা প্ৰমুখ্যে জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়ববীয়া, জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল, ডিব্ৰুগড় জিলা সাহিত্য সভা আৰু অন্যান্য সামাজিক অনুষ্ঠান- প্ৰতিষ্ঠানৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকল তথা বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।
উল্লেখযোগ্য যে, চলিত বৰ্ষৰ ৩ অক্টোবৰ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যদা প্ৰদানত অনুমোদন জনায়। অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যদা লাভ কৰাৰ ঐতিহাসিক সাফল্যৰ ক্ষণক স্মৰনীয় কৰি তুলিবলৈ অসম চৰকাৰে আজিৰে পৰা ৯ নৱেম্বৰলৈকে ৰাজ্যজুৰি “ভাষা গৌৰৱ সপ্তাহ” উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।