‘ডিব্রুগড় জাকাত এণ্ড ঈমদাদ ফাউণ্ডেশ্যন ট্ৰাষ্ট’ৰ  বিতৰণ অনুষ্ঠানত মেয়ৰ ডা০ সৈকত পাত্ৰ 

‘ডিব্রুগড় জাকাত এণ্ড ঈমদাদ ফাউণ্ডেশ্যন ট্ৰাষ্ট’ৰ  বিতৰণ অনুষ্ঠানত মেয়ৰ ডা০ সৈকত পাত্ৰ 
ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  “আমাৰ সৃষ্টি হিন্দু,মুছলমান, খৃষ্টিয়ান বা শিখ হিচাপে হোৱা নাই, আমাক মানুহ হিচাপে  সৃষ্টি কৰা হৈছে মানুহ হিচাপে-মানুহৰ প্ৰধান দায়িত্ব আৰু কৰ্তব্য হৈছে মানৱ সেৱা কৰা আৰু মানৱতা ৰক্ষা কৰা”। ইছলামৰ পাঁচটা স্তম্ভৰ  চতুৰ্থটো হৈছে-জাকাত।’জাকাত’ মানে শুদ্ধিকৰণ।এজন ধনী মুছলমানে নিজৰ জমা সম্পত্তিৰ এক নিৰ্দেশিত অংশ প্ৰতিবছৰে দুখীয়া-নিছলাক দান কৰি সেই নি:স্ব  সকলক খাই বৈ জীয়াৰ থকাৰ ব্যৱস্থা কৰাটো আৱশ্যক।তেনে কৰিলেহে নিজৰ সঞ্চিত সম্পতিৰ শুদ্ধিকৰণ হ’ব।আজি (৯-৬_২৪) ডিব্ৰুগড়ৰ “হোটেল গাৰ্ডেন ট্ৰীট”ত আয়োজিত জাকাত আৰু ঈমদাদ বিতৰণ অনুষ্ঠানত  ফাউণ্ডেশ্যনৰ সভাপতি ডাঃ চাজিদ আহমেদে এইদৰে কয়। অনুষ্ঠানত প্ৰতিবছৰৰ দৰে এইবাৰো প্ৰকৃত জাকাত ‘হকদাৰ’ সকলৰ মাজত জাকাত বিতৰণ কৰাৰ সমান্তৰালকৈ ‘ঈমদাদ'(সাহাৰ্য)ও বিতৰণ কৰা হয়। বিশেষকৈ স্বাস্থ্য, শিক্ষা, ব্যৱসায়কে আদি কৰি বিভিন্ন ক্ষেত্ৰৰ বাবে ‘জাকাত’ বা দান (ইছলাম ধৰ্মী লোকৰ বাবে) ‘ঈমদাদ’ বা সাহাৰ্য্যৰ ধন সমাজৰ  অন্যান্য গৰীব লোকক দিয়া হয়।এই অনুষ্ঠানত জাকাতৰ ধন ২০ গৰাকী পুৰুষ-মহিলাক দিয়া হয়।শিক্ষাৰ বাবে ৩ গৰাকী ছাত্ৰ-ছাত্রীক সহায় আগবঢ়োৱা হয়।ফাউণ্ডেশ্যনৰ সম্পাদক নাছিৰ চুলতানে জানিবলৈ দিয়া মতে ২০১০  চনৰ পৰা এতিয়ালৈকে এই ধন সমাজৰ গৰীব দুখীয়া বা অভাৱগ্ৰস্ত লোকক সাহাৰ্য্য  কৰি অহা হৈছে। এই বছৰ অৰ্থাৎ ২০২৪ চনৰ জানু্ৱাৰীৰ পৰা এতিয়ালৈকে শিক্ষাৰ বাবে ২৭,০০০/- আৰু  ২,১৭,৪৫০/-টকা অন্যান্য  জাকাত শিতানত খৰচ কৰা হৈছে।উল্লেখ্যযোগ্য যে জাকাত ইছলাম ধৰ্মীয় সকলক দিয়াৰ বিপৰীতে ঈমদাদ সকলো ধৰ্মাৱলম্বীক দিয়া হয়।পৱিত্ৰ ৰমজান মাহত বৃহত্তৰ ডিব্রুগড়, লেজাই,কলাখোৱা,চাউলখোৱা,বকুল,বকুল মাজগাঁও আদি অঞ্চলত দুখীয়া জাকাত হকদাৰ সকলৰ মাজত অভাৱ অনুভৱ নকৰি ৰমজান পালন কৰিবলৈ খাদ্যৰ টোপোলা বিতৰণ কৰা হয়। এই অনুষ্ঠানত ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ সৈকত পাত্ৰ, ডিব্রুগড় জৈন সমাজৰ সভাপতি  তথা ডিব্ৰু মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক  মহেশ জৈন, লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ উপাধ্যক্ষ ছাজাদ হুছেইন,কলাখোৱা  অৱসৰপ্ৰাপ্ত শিক্ষক ৰাজেন দত্ত আদিকে ধৰি অনেক বিশিষ্ট  ব্যক্তি  উপস্থিত থাকে। মুখ্য অতিথিৰ ভাষণত মেয়ৰ ডাঃ সৈকত পাত্ৰই ডিব্ৰুগড়ৰ জাকাত এণ্ড ইমদাদ ফাউণ্ডেশ্যনে দৰিদ্ৰ মানৱৰ সহায়ৰ আগবঢ়োৱা মহৎ সেৱাৰ বাবে অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰাৰ লগতে প্ৰয়োজনত পাৰ্যমানে সহায়-সহযোগিতা আগবঢ়োৱাৰ অঙ্গীকাৰ কৰে।মহেশ জৈনে এনে কাম সকলো ধৰ্মৰ মানুহে আগবঢ়ালেহে সমাজৰ  উচ্ছ-নীচ,ধনী-দুখীয়াৰ ভেদাভেদ নাথাকিব আৰু এখন সুন্দৰ সমাজ গঢ়ি উঠিব বুলি কয়।ছাজাদ হুছেইনে ইছলামৰ মানৱতাবাদী চিন্তা আৰু ধৰ্মীয় নিৰ্দেশনা সমূহ কেনেকৈ বিশ্বৰ বিভিন্ন ধৰ্মীয় চিন্তাধাৰাৰে অনুসৰণ কৰি মানৱতাৰ সেৱা আগবঢ়াই আহিছে,তাক উনুকিয়ায়।অৱশ্য তেখেতে এইবুলিও কয় যে কিছু ধৰ্মই ধৰ্ম আদি পৰিৱৰ্তন কৰিলেহে সহায়ৰ  হাত আগবঢ়ায়,ইছলামে তেনে উদ্দেশ্যেৰে  কোনো কাম নকৰে। এই অনুষ্ঠানত ট্ৰাষ্টৰ সদস্য উপস্থিত থকাৰ  লগতে হিতাধিকাৰীসকল উপস্থিত থাকে   সভাৰ শেষত উপসভাপতি চেহিৰ আহমদে শলাগৰ শৰাই আগবঢ়ায়।