ডিব্রুগড়ত দিব্যাংগ হিতাধিকাৰীক বিনামূলীয়া সাহাৰ্য্য সামগ্ৰী আৰু সা-সজুঁলি বিতৰণ
এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ত দিব্যাংগ হিতাধিকাৰীক বিনামূলীয়া সাহাৰ্য্য সামগ্ৰী আৰু সহায়ক সা-সজুঁলিৰ জৰিয়তে দিব্যাংগসকলৰ সৱলীকৰণৰ বাবে ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয় আৰু ভাৰতৰ কৃত্ৰিম অংগ নিৰ্মাণ নিগমৰ উদ্যোগত তথা ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত ডিব্ৰুগড় আউনীআটি শাখা সত্ৰৰ প্ৰেক্ষাগৃহত ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনৰ উপস্থিতিত এডিআইপি আচঁনিৰ অধীনত দিব্যাংগ হিতাধিকাৰীসকলক বিনামূলীয়া সাহাৰ্য্য সামগ্ৰী আৰু সহায়ক সা-সজুঁলি বিতৰণ কৰা হয়। উল্লেখযোগ্য যে, ডিব্ৰুগড় জিলাত এই আচঁনিৰ অধীনত ৭৬.৯৪ লাখ টকাৰ ব্যয় সাপেক্ষে মুঠ ৭৪৯ গৰাকী হিতাধীকাৰীৰ মাজত ১,৫২৮ সংখ্যক বিনামূলীয়া সাহাৰ্য্য সামগ্ৰী আৰু সহায়ক সা-সজুঁলি বিতৰণ কৰা হব। আজি (৭ চেপ্টেম্বৰ) আয়োজিত অনুষ্ঠানত সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত সমাজকল্যান বিষয়া সুপ্ৰিয়া বাউলাৰী, ডিব্ৰুগড় নগৰীয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়া ইন্দ্ৰানী বৰঠাকুৰ, বৰবৰুৱা সংহত শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়া সুদৰ্শন শৰাই, ভাৰতৰ কৃত্ৰিম অংগ নিৰ্মাণ নিগমৰ মেনেজাৰ এণ্ড ইনচাৰ্জ মুকেশ মিশ্ৰা প্ৰমুখ্যে জিলা প্ৰশাসন আৰু ভাৰতৰ কৃত্ৰিম অংগ নিৰ্মাণ নিগমৰ অন্যান্য বিষয়াবৰ্গ উপস্থিত থাকে।