ডিজিটেল মিডিয়াৰ সাংবাদিক – সংবাদ কৰ্মীৰ জীৱন পঞ্জীক লৈ দিছপুৰ প্ৰেছ ক্লাবৰ গ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী মহানগৰীৰ পৰা সম্প্ৰচাৰিত হোৱা তথা গুৱাহাটী মহানগৰীত কৰ্মৰত বিভিন্ন ডিজিটেল সংবাদ মাধ্যমৰ সাংবাদিক – সংবাদ কৰ্মীৰ জীৱন পঞ্জীক লৈ “পৰিচয়” শীৰ্ষক এখন গ্ৰন্থ প্ৰকাশৰ সিদ্ধান্ত লৈছে দিছপুৰ প্ৰেছ ক্লাবে । এই গ্ৰন্থখনত নিজৰ নিজৰ নাম অন্তৰ্ভূক্ত কৰাৰ বাবে ডিজিটেল মিডিয়াৰ সাংবাদিক – সংবাদ কৰ্মী সকলে এখন প্ৰ-পত্ৰ পূৰণ কৰি জমা দিব লাগিব। ইতিমধ্যে গ্ৰন্থখনৰ বাবে দিছপুৰ প্ৰেছ ক্লাবত প্ৰ -পত্ৰ দি থকা হৈছে। গ্ৰন্থ খন প্ৰকাশৰ ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ কামনা কৰিছে প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক কুঞ্জ মোহন ৰায়ে।