ডিচেম্বৰৰ মাদকতা হেৰুৱাৰ পথত – আয়শা ছিদ্দিকা

Pc Shutterstock

ডিচেম্বৰৰ মাদকতা হেৰুৱাৰ পথত 

আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা 

অপেক্ষাৰ অন্তত প্ৰাপ্তিৰ অস্বাদন হয় সেই কাৰণে চাগে অপেক্ষাবোৰ ইমান আকৰ্ষণীয় হয়।

এটা সময় আছিল যেতিয়া বছৰৰ শেষৰটো পৰীক্ষা শেষ হোৱাৰ অপেক্ষাত মনটো আনন্দত নাচি উঠিছিল । গোটেই বছৰ যেনে তেনে পাৰ কৰি বছৰেকীয়া পৰীক্ষাৰ শেষ হোৱালৈকে মাথোঁ অপেক্ষা। এই অপেক্ষা উপেক্ষা কৰা টান। কিনকিনীয়া শীতৰ কুঁৱলীসনা চিকুণ পুৱাই কম্পিত দেহ ঠেলি বিদ্যালয়লৈ বুলি বাট মেলাটো তেতিয়া বিৰিক্তকৰ যেন লাগিলেও এতিয়া যেন মধুৰ সময় সেইয়াই আছিল বুলি অনুভৱ হয়।

ঠাণ্ডাৰ প্ৰকোপত জৰঠ বন্ধা হাতেৰে কলম তুলি  লিখিব মন নোহোৱাৰ পিছতো মাকৰ ৰঙা চকু আৰু শ্ৰেণীত ৰোল নম্বৰ পিছলৈ যোৱাৰ ভয়ত এটা এটা কৈ প্রতিটো প্ৰশ্ন হোৱাই নোহোৱাই লিখি উত্তৰৰ বহী পূৰ্ণ কৰাৰ প্ৰতিযোগিতা তেতিয়া আমনিদায়ক আৰু কোপৰ কাৰণ হ’লেও আজিৰ দিনত সেইয়া যেন  এক মৃদুময় স্মৃতি। হেৰুৱাই পেলোৱা এক অমূল্য সময়।

 ছয়মাহ আগৰ পৰাই কিমানদিন কোনটো আলহী ঘৰত থাকিব লাগিব কোন কোন সমনীয়াৰ লগত ক’ত ক’ত ফুৰিব যাব লাগিব এই লৈ ঠেহ পাতি কাজিয়া লগা সেই ডিচেম্বৰ মাহ আজি যেন নীৰৱ নিস্তব্দ,প্ৰাণহীন, নিৰস।

হাঁহিৰ গুঞ্জনে গুঞ্জৰিত হৈ থকা সেই ডিচেম্বৰ আজি মাথোঁ ব্যস্ত সময়ৰ আমোদহীন এক ব্যস্তমাহ। য’ত আনন্দৰ কোনো চিন-চাব নাই আছে মাথোঁ জীৱনৰ তিক্ত কিছু অভিজ্ঞতাৰ দেধাৰ দৃষ্টান্ত।

কোনজন ছাত্ৰ কিমান ভাল কিমান বেয়া, শিক্ষকসকলে কিমান ভালকৈ শিক্ষাদান কৰিব পাৰিছে, ছাত্ৰ জনে কিমানখিনি আয়ত্ব কৰিব পাৰিছে সেই হিচাপ নিকাচ পূৰ্ণ ডিচেম্বৰ আজি অংক শূন্য।

আজি আৰু ডিচেম্বৰৰ সেই মাদকতা নাই। সেই হৈ চৈ  নাই। পৰীক্ষা শেষ হোৱাৰ অপেক্ষাৰ সেই আনন্দ নাই।

নতুন বছৰ আগমনৰ যি অধীৰ আগ্ৰহেৰে সময় গণি গণি পাৰ কৰা আৰু লগৰবোৰৰ হৈতে আলোচনা কৰা সেই আলোচনাও নাই। বৰ্তমানৰ ডিচেম্বৰৰ মাথোঁ বছৰৰ অন্তিমটো মাহ যি চকুৰ পলকতে শেষ হৈ আকৌ বছৰৰ শেষত লিখা সংখ্যা এটাহে মাত্ৰ সলনি হয় ইয়াৰ বাদে আন একো সলনি নহয়, যুক্তও নহয়।

সময়ৰ লগে লগে মন কঠোৰ হ’ল, শিশুমন আঁতৰি পৈণত ৰূপ লৈ সংসাৰৰ কৰ্মব্যস্ততাত ব্যস্ত হৈ পৰিল সকলো। সমাজৰ কঠোৰ নীতিৰ ৰোষত পৰি যেন সময়ো কঠিনতাৰ ৰূপ গ্ৰহণ কৰিছে।

নাই ডিচেম্বৰৰ সেই আগৰ মাদকতা নাই। তাতে আকৌ  অসমৰ শিক্ষা ব্যৱস্থাৰ *একাডেমীক কেলেণ্ডাৰ* সলনি হোৱাৰ পিছৰ পৰা এই মাদকতা যেন চিৰতৰে কালৰ বুকুৰ লীন যোৱাৰ সম্পূৰ্ণ প্ৰস্তুতি লৈছে।

আজিৰ সময়ৰ উঠি অহা প্ৰজন্মই কেতিয়াও ডিচেম্বৰৰ সেই  সুকীয়া মাদকতাৰ উমান নাপায়।

‘কৰুনা’ নামৰ বিশ্বাতংকৰ সময়ৰ পিছৰ পৰা যেনেকৈ সময় দ্ৰুত পাৰ হৈ গৈ আছে তাতে আৰু সময়ৰ মূল্য বাঢ়ি যোৱাৰ যুগত সময়ৰ বৈ যোৱা সুকীয়া অনন্দবোৰ তেনেই অসাৰ যেন লাগে।

সময়ৰ লগত নিজৰ শিশুমনক হেৰাই যাব দিব নালাগে কাৰণ  বৰ্তমানৰ এই অমানৱীয় সমাজত শিশুমনৰ স্বভাৱেই আমাক যিমান কঠিন পৰিস্থিতিৰ পৰা আঁতৰাই ৰখাত সহায় কৰিব পাৰে।