ডিগবৈ পৌৰসভাৰ এলেকাধীন অঞ্চলৰ বিধ্বস্ত বাট-পথত চকু পৰিবনে পৌৰপতি অথবা জনপ্ৰতিনিধিৰ

ডিগবৈ পৌৰসভাৰ এলেকাধীন অঞ্চলৰ বিধ্বস্ত বাট-পথত চকু পৰিবনে পৌৰপতি অথবা জনপ্ৰতিনিধিৰ

ডিগবৈ, বিনন্দ কোঁৱৰ, ৰঙিলী বাৰ্ত্তাসেৱা-  এইয়া কোনো ভিতৰুৱা,পিছপৰা গাঁও নহয়, অভিজাত চহৰ ৰূপে খ্যাত ডিগবৈ পৌৰসভা অন্তৰ্গত বাট-পথত প্ৰকাণ্ড প্ৰকাণ্ড একোটা গাত, গাঁতত একাঠু পানী।ডিগবৈ চহৰৰ অলিয়ে-গলিয়ে ভৰি থকা একাংশ বিধ্বস্ত পথে জলা-কলা খুৱাইছে স্থানীয় বাসিন্দাক। বিশেষকৈ এই পথসমুহেৰে বাৰিষা যাতায়াত কৰিব নোৱৰা এটা অৱস্থা সৃষ্টি হয়।ডিগবৈ নিউ চেটেলমেণ্ট এৰিয়াৰ ৰ’দালি পথ আৰু শিশু নিকেতন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখেদি কাৰ্মেল স্কুললৈ যোৱা উপ পথ দুটাৰ অৱস্থা অতিকৈ শোচনীয়। সৰ্বসাধাৰণ লোকৰ লগতে স্কুল-কলেজলৈ এই পথেদি দৈনিক বহু কন-কন ছাত্ৰ-ছাত্ৰী অহা-যোৱা কৰে।বাৰিষা পথ সমূহেৰে ছাত্ৰ-ছাত্ৰী সকলে অহা-যোৱা কৰাত দুৰ্ভোগ ভোগী আহিছে যদিও পথৰ দুৰৱস্থা সম্পৰ্কত কান সাৰ নাই ডিগবৈ পৌৰ সভা,জনপ্ৰতিনিধি কিম্বা অসম অইল সংমণ্ডলৰ। সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজ আৰু আছুৱে কৰিছে ক্ষোভ প্ৰকাশ। উন্নয়নৰ ঢোক-ঢাল বজোৱা ৰাজ্য চৰকাৰ, বিধায়ক, পৌৰপতিৰ বিধ্বস্ত পথসমূহত চকু পৰিবনে?এই সমূহ পথেৰে অহা-যোৱা কৰা কন কন ছাত্ৰ-ছাত্ৰীৰ দুখ কষ্ট দেখি তেওঁলোকৰ অলপ হ’লেও অনুকম্পা জাগিবনে?