ডা: বসন্ত শইকীয়াৰ বিয়োগত ইলোৰা বিজ্ঞান মঞ্চৰ শোক আৰু শ্ৰদ্ধাঞ্জলি

ডা: বসন্ত শইকীয়াৰ বিয়োগত ইলোৰা বিজ্ঞান মঞ্চৰ শোক আৰু শ্ৰদ্ধাঞ্জলি

ৰঙিলী বাৰ্ত্তাসেৱা-  নগাওঁৰ বিশিষ্ট চিকিৎসক ডা: বসন্ত শইকীয়া (৯৫ বছৰ)ৰ ৫ চেপ্তেম্বৰ পুৱা গুৱাহাটীৰ বামুনিমৈদামত মৃত্যু হয়। যুক্তিবাদী বিজ্ঞান মানসিকতাৰ অধিকাৰী ডা: বসন্ত শইকীয়াৰ বিয়োগত ইলোৰা বিজ্ঞান মঞ্চই গভীৰ শোক প্ৰকাশ কৰিছে আৰু তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে৷ মৃত্যুৰ আগতে ইলোৰা বিজ্ঞান মঞ্চৰ নগাঁও শাখাৰ জৰিয়তে চিকিৎসা বিজ্ঞানৰ উন্নতি তথা মানব কল্যাণৰ হকে মৰণোত্তৰ দেহদানৰ শেষ ইচ্ছা পত্ৰত স্বাক্ষৰ কৰি গৈছিল। ডা: বসন্ত শইকীয়াৰ শেষ ইচ্ছা অনুসৰি আৰু তেওঁৰ শেষ ইচ্ছাৰ প্ৰতি সন্মান জনাই ৫ চেপ্তেম্বৰ দিনৰ ১২.৫০ বজাত গুৱাহাটী মেডিকেল কলেজত মৰণোত্তৰ দেহদান সুকলমে সম্পন্ন হয়। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গুৱাহাটী মেডিকেল কলেজ কৰ্তৃপক্ষৰ হৈ ডা: বসন্ত শইকীয়াৰ মৰণোত্তৰ দেহ মৰ্যাদা সহকাৰে গ্ৰহণ কৰে এনাটমী বিভাগৰ মূৰব্বী অধ্যাপক ডা: সত্যজিত মিত্রই| মঞ্চৰ যুটীয়া সম্পাদক প্ৰণৱজ্যোতি ডেকাই আঁত ধৰা অনুষ্ঠানটোত ইলোৰা বিজ্ঞান মঞ্চৰ কাৰ্যকৰী সভাপতি তথা গুৱাহাটী মেডিকেল কলেজৰ অধ্যাপক ডাঃ জয়দেৱ শৰ্মাই আজীবন চিকিৎসক হিচাপে মানবসেৱা কৰি যোৱা জনপ্ৰিয় চিকিৎসক গৰাকীয়ে মৃত্যুৰ পিচতো মানব কল্যানৰ হকে মৰনোত্তৰ দেহদানেৰে যি উদাহৰণ সৃষ্টি কৰিলে তাৰ শলাগ লয়|অনুষ্ঠানটোত গুৱাহাটী মেডিকেল কলেজৰ শিক্ষক-কৰ্মচাৰী, ছাত্র-ছাত্রী, ইলোৰা বিজ্ঞান মঞ্চৰ সাধাৰণ সম্পাদক কমলেশ গুপ্ত, ডঃবাসুদেৱ দাস. নৰেন মহন্ত, মনোজ ৰায় প্ৰমুখ্যে মঞ্চৰ বহু কেইজন কৰ্মকৰ্তাই অংশগ্ৰহণ কৰি বিজ্ঞানমনস্ক আৰু মানৱহিতৈষী চিকিৎসক গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। প্ৰয়াত ডাঃ বসন্ত শইকীয়াৰ পৰিয়ালৰ সদস্যসকলে ইলোৰা বিজ্ঞান মঞ্চক এই ক্ষেত্ৰত পূৰ্ণ সহযোগ আগবঢ়ায়। ইয়াৰ আগতে দুজন অন্ধলোকৰ চকু সংৰোপণ বাবে শংকৰদেৱ নেত্ৰালয়ৰ চিকিৎসকে তেওঁৰ চকুযুৰি সংগ্ৰহ কৰে। ইলোৰা বিজ্ঞান মঞ্চই তেওঁৰ শোকস্তব্ধ পৰিয়ালবৰ্গ আৰু গুণমুগ্ধ সকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে।