ডাৱৰৰ সিপাৰৰ ৰ’দালি
শিৱানী বৰুৱা, যোৰহাট
ভাগৰুৱা দেহটো এদিন
আকৌ ভাগৰি পৰে ।
য’ত পোহৰবোৰ
হাতৰ মুঠিত বন্দী হৈ থাকে,
তাতেই আন্ধাৰবোৰে
নতুনৰ কাহিনী ৰচে ।
সেই কাহিনীৰ আঁৰতো
হেজাৰ কাহিনী থাকে
য’ত হেপাহবোৰ শূন্যত উলমি থাকে,
পোৱা-নোপোৱাৰ দোমোজাত
সপোনবোৰ উজাগৰি নিশা দুলি থাকে।
মনান্ধাৰৰ তাচ্ছিল্যতাত
তেতিয়া শুনা পাও ,
সপোন অস্তৰাগৰ হাহাকাৰ ।
নামি অহা আন্ধাৰত হেৰাই যোৱা
এটি গানৰ সূৰৰ কণ্ঠনিনাদ ।
হাজাৰ প্ৰশ্নৰ ইতিহাসত
নিৰুত্তৰ হৈ পৰে সেই বাস্তৱ;
য’ত পোহৰবোৰক
কেনভাচত সামৰি ল’ব নোৱাৰি ,
আন্ধাৰবোৰ প্ৰিয় কৰি লোৱাৰ
অযুহাত এটা থাকে হাতত ।
কিছুমান কল্পনা তাতই এদিন শিপা মেলে
কিন্তু…
সময়ে তাক আগভেটা দি
দৰ্শনৰ এটি বীজ তাত সিঁচি দিয়ে..
অকলশৰীয়া বুলি কলেও
কেতিয়াও অকলশৰীয়া নহয়,
গোটেই পৃথিৱীয়ে চাই ৰয় ,
ফুলবোৰ তাতহে ফুলি ৰয় ।