ডাৰবানত আজি ভাৰত- দক্ষিণ আফ্ৰিকাৰ প্ৰথম টি-২০

ডাৰবানত আজি ভাৰত- দক্ষিণ আফ্ৰিকাৰ প্ৰথম টি-২০

ৰঙিলী বাৰ্ত্তাসেৱা-  ঘৰুৱা দল দক্ষিণ আফ্রিকা আৰু টীম ইণ্ডিয়াৰ মাজৰ চাৰিখনীয়া টি-২০ মেচৰ শৃংখলাটোৰ প্ৰথমখন মেচ আজি ডাৰবানত অনুষ্ঠিত হ’ব। যুৱ খেলুৱৈৰে সমৃদ্ধ ভাৰতীয় দলটোৰ বাবে এই শৃংখলাটো বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। শৃংখলাটোত ভাৰতীয় দলটোক নেতৃত্ব দিব সূর্য কুমাৰ যাদবে। উল্লেখ্য যে বিগত টি-২০ বিশ্বকাপৰ ফাইনেলৰ পিছত প্ৰথমবাৰৰ বাবে দুয়োটা দলে পৰস্পৰৰ মুখামুখি হ’ব। অৱশ্যে বিশ্বকাপৰ ফাইনেলত অংশগ্ৰহণ কৰা কেইবাগৰাকীও তাৰকা খেলুৱৈ অবিহনে দুয়োটা দলে আজিৰ পৰা আৰম্ভ হ’বলগীয়া টি-২০ শৃংখলাটোত ভাগ ল’ব।  টি-২০ শৃংখলাটোত ভাৰতীয় দলটোৰ ভাগ্য বহুখিনি নিৰ্ভৰ কৰিব অধিনায়ক সূৰ্য কুমাৰ যাদৱৰ লগতে হার্দিক পাণ্ডিয়া, অক্ষৰ পেটেল আৰু অৰ্শদীপ সিঙৰ ওপৰত। শৃংখলাটোত টীম ইণ্ডিয়াৰ প্ৰতিভাৱান অ’পেনাৰ অভিষেক শৰ্মাৰ ওপৰত সকলোৰে দৃষ্টি নিবন্ধ থাকিব। ইফালে সঞ্জু ছেমছন, ৰিংকু সিং, তিলক বাৰ্মা আৰু জিতেশ শৰ্মাৰ বাবে এই শৃংখলাটো বিশেষ গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে। ইফালে শৃংখলাটোত ভাৰতীয় দলটোত নৱাগত হিচাপে স্থান লাভ কৰিছে ৰমনদীপ সিং, যশ দয়াল আৰু বিজয় কুমাৰ বৈকাছ। ইফালে ঘৰুৱা দল দক্ষিণ আফ্রিকাই তাৰকা খেলুৱৈ কাগিছ’ ৰাবাডা, এনৰিচ নৰ্টজে, টাৱাইজ ছামছি আৰু কুইন্টন ডি ক’ক অবিহনে শৃংখলাটোত ভাগ ল’ব। এই কেইগৰাকী তাৰকা খেলুৱৈৰ অনুপস্থিতিত অধিনায়ক এইডেন মার্কৰাম, হেনৰিচ ক্লাছেন, ডেভিড মিলাৰ, মার্কো জানছেন আৰু কেশৱ মহাৰাজৰ ওপৰত দক্ষিণ আফ্ৰিকাৰ ভাগ্য বহুখিনি নিৰ্ভৰ কৰিব।