ডালাই লামালৈ সন্মানীয় গ্রেমী বঁটা
ৰঙিলী বাৰ্ত্তাসেৱা- সন্মানীয় গ্রেমী বঁটা লাভ কৰিলে আধ্যাত্মিক গুৰু ডালাই লামাই। দেওবাৰে আমেৰিকাৰ লছ এঞ্জেলছত নৱতিকৰ বৌদ্ধ ধৰ্মগুৰুগৰাকীৰ হৈ পুৰস্কাৰ গ্ৰহণ কৰে সংগীত শিল্পী ৰুফাছ ৱেনৰাইটে।কমেডিয়ান তথা টেলিভিছন ব্যক্তিত্ব ট্ৰেভৰ নোহক পৰাস্ত কৰি প্ৰথমটো গ্ৰেমী বঁটা লাভ কৰিছে দালাই লামাই। ‘মেডিটেচনছঃ দ্য ৰিফ্লেকচনছ অৱ হিজ হোলীনেছ দ্য ডালাই লামা’ নামৰ এলবামটিৰ বাবে ডালাই লামাক এই সন্মান প্রদান কৰা হয়। উৎকৃষ্ট অডিঅ’ বুক বিভাগত পুৰস্কৃত হৈছে ডালাই লামাৰ এই এলবামটি। অৱশ্যে এই এলবামটি গতানুগতিক গানৰ এলবাম নহয়। এলবামটিত আছে ডালাই লামাৰ বাৰ্তা, উপদেশ আৰু বাণী। ডালাই লামাৰ বাণীৰ সৈতে আছে আৱহ সংগীত, ইয়াক সংগত কৰিছে প্রখ্যাত সৰোদ শিল্পী আমজাদ আলী খান আৰু তেওঁৰ দুই পুত্ৰ আমান আলী বাংগাছ আৰু আয়ান আলী বাংগাছে। এই অডিঅ’ এলবামটিত মূলতঃ বিশ্বশান্তি, ধৈর্য, দয়া আৰু আশাৰ বাৰ্তা শুনাইছে ডালাই লামাই। পুৰস্কাৰ প্ৰাপ্তিৰ পিছত এই বিষয়ে তেওঁ মন্তব্য কৰে- ‘আমি কৃতজ্ঞতাৰে সৈতে এই পুৰস্কাৰ গ্ৰহণ কৰিছোঁ। আমি ইয়াক ব্যক্তিগত (প্রাপ্তি) হিচাপে চোৱা নাই। ই আমাৰ সকলোৰে দায়বদ্ধতাৰ স্বীকৃতিস্বৰূপ।’ দালাই লামাই লগতে কয় যে তেওঁ এই বঁটাটো কৃতজ্ঞতাৰে গ্ৰহণ কৰিছে আৰু- ই সকলোৱে শ্বেয়াৰ কৰা সাৰ্বজনীন দায়িত্বৰ স্বীকৃতি । “মই ইয়াক ব্যক্তিগত হিচাপে নাভাবো, বৰঞ্চ আমাৰ ভাগ-বতৰা কৰা সাৰ্বজনীন দায়িত্বৰ স্বীকৃতি হিচাপেহে চাওঁ । মই সঁচাকৈয়ে বিশ্বাস কৰোঁ যে শান্তি, মমতা, আমাৰ পৰিৱেশৰ প্ৰতি যত্ন আৰু মানৱতাৰ একতাৰ বুজাবুজি, আঠ বিলিয়ন মানুহৰ সামূহিক মংগলৰ বাবে অপৰিহাৰ্য । আমি বিশ্বাস কৰোঁ যে বিশ্বৰ সকলো মানুহে কুশলে থকাৰ বাবে শান্তি, ধৈর্য, পৰিৱেশৰ প্ৰতি যত্ন আৰু মানৱীয়তা গুৰুত্বপূৰ্ণ, মই কৃতজ্ঞ যে গ্ৰেমী পুৰস্কাৰে এই বার্তাসমূহক আৰু অধিক বিয়পাই দিয়াত সহায় কৰিব।”, সোমবাৰে পুৱা এক্সত দিয়া এটা পোষ্টত আধ্যাত্মিক নেতাগৰাকীয়ে এইদৰে উল্লেখ কৰে । সংগীত মহলত গ্রেমী অত্যন্ত মানসম্পন্ন এটি পুৰস্কাৰ। উৎকৃষ্ট অডিঅ’ বুক বিভাগে ডালাই লামাৰ এলবামটিৰ লগতে আৰু কেইবাটাও এলবাম প্রতিযোগিতালৈ আনিছিল। কিন্তু শীর্ষ স্থান লাভ কৰিবলৈ সক্ষম হয় বৌদ্ধ ধর্মগুৰুগৰাকীৰ বার্তাসম্বলিত এই এলবামটিয়ে।
