ডাভোছত ৱৰ্ল্ড ইক’নমিক ফ’ৰামত ভাৰত পেভেলিয়ন উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ মুখ্যমন্ত্রীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত ৱৰ্ল্ড ইক’নমিক ফ’ৰাম (ডব্লিউইএফ) ত অংশগ্ৰহণৰ উদ্দেশ্যে ছুইজাৰলেণ্ডৰ ডাভোছত উপস্থিত হোৱা অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ভাৰত পেভিলিয়নৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° শর্মাই অসমত শেহতীয়াকৈ হোৱা অৰ্থনৈতিক উন্নয়নৰ বিভিন্ন দিশ উল্লেখ কৰে। ডাভোছৰ দ্বিতীয় দিনটোত অসমে কেনেদৰে ক্রমান্বয়ে স্বয়ংক্রিয় এ আই নিৰ্ভৰ পৰিৱেশৰ বাবে নিজৰ কৰ্মশক্তিক প্ৰস্তুত কৰি আছে সেই সন্দর্ভত উপস্থিত বিভিন্নজনৰ সৈতে মত বিনিময় কৰে।

এই অনুষ্ঠানতে মুখ্যমন্ত্রী ড° শর্মাই ভাষণ দি কয়- অসমে দেশৰ ভিতৰতে দ্রুতগতিত অর্থনীতি বিকাশৰ দিশে আগবাঢ়িছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে বিশ্বৰ তৃতীয় বৃহত্তম অর্থনীতি হোৱাৰ দিশত আগবঢ়াৰ সমান্তৰালকৈ অসমে শেহতীয়াকৈ লাভ কৰা এনে উন্নয়নে ৰাজ্যখনলৈ অর্থনৈতিক সুস্থিৰ পৰিৱেশ নমাই আনিছে। মুখ্যমন্ত্রীয়ে ইয়াৰ বাবে বিশ্বৰ বিনিয়োগকাৰীক হাইড্র’ কার্বন আৰু সেউজ শক্তিখণ্ডৰ সম্প্ৰসাৰণৰ সুযোগ ল’বলৈও আহ্বান জনায়। ভাষণত তেওঁ ইয়াকো উল্লেখ কৰে যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা এক্ট ইষ্ট পলিচীৰ দ্বাৰা অসমে সর্বাধিক লাভৱান হৈছে। ভাৰতীয় ৰিজাৰ্ভবেংকৰ শেহতীয়া তথ্যৰ কথা উল্লেখ কৰি অসমে অর্থনৈতিক ক্ষেত্ৰত দ্রুতগতিত বিকাশৰ দিশে আগবঢ়াৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ লগতে পৰ্যটন ক্ষেত্রতো অসমে অনা পৰিৱৰ্তনৰ কথাও উল্লেখ কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই কয়- আমাৰ যুৱশক্তিৰ প্ৰতি লক্ষ্য ৰাখি অসমে দক্ষতা প্রশিক্ষণৰ নতুন ৰূপৰেখা প্রস্তুত কৰিছে। অসম দক্ষতা বিকাশ বিশ্ববিদ্যালয়সহ অন্যান্য পদক্ষেপসমূহৰ জৰিয়তে ঔদ্যোগিক পৰিৱেশ অনুকূল পাঠ্যক্ৰম আৰু কাৰ্যসূচীসমূহক সংযোজন কৰা হৈছে।

ব্যৱহাৰিক ক্ষেত্রতো অসমে উত্তম নিদর্শন দেখুৱাবলৈ সক্ষম হৈছে। ইয়াৰ উদাহৰণ হ’ল অতি উন্নত ডিজিটেল অত্যাধুনিক নির্মাণ কেন্দ্র হিচাপে হিন্দুস্তান ইউনিলিভাৰ লিমিটেড কাৰখানাটোৱে বিশ্ব পর্যায়ত স্বীকৃতি লাভ কৰিছে। উল্লেখ্য যে এই আকর্ষণীয় তথা উল্লেখনীয় আলোচনা কার্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আমেৰিকাৰ ওকোহোমাৰ গৱৰ্ণৰ কেভিন ষ্ট্ৰিট, মিচিগানৰ গৱৰ্নৰ গ্রেটচেন হোৱাইটমেৰ, ফ্ৰান্সৰ মন্ত্রী প্রতিনিধি বেঞ্জামিন হাড্ডাড আৰু ৱৰ্ল্ড ইক’নমিক ফ’ৰামৰ পৰিচালন সঞ্চালক কিভা অলগুডৰ দৰে বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল। পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীয়ে ছেমিকণ্ডাক্টৰ, ইলেক্ট্রনিক্স শীর্ষক ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰি একাধিক গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। মুখ্যমন্ত্ৰীয়ে ইয়াৰ পিছতে কেইবাখনো গুৰুত্বপূৰ্ণ অধিৱেশন তথা মেজমেল আৰু বহুপাক্ষিক বৈঠকত অংশগ্রহণ কৰে।

ডোভাছৰ প্রথম দিনটোত মুখ্যমন্ত্রীয়ে বিশ্বব্যাপী ছেমিকণ্ডাক্টৰ উদ্যোগৰ প্ৰতিনিধিসকলৰ সৈতে হ’বলগীয়া বৈঠকৰ পূৰ্বে টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণৰ সৈতে এক ফলপ্রসূ আলোচনাত মিলিত হয়।
