ডাভোছত পেপছিকোৰ চিইঅ’-উপাধ্যক্ষৰে বৈঠক মুখ্যমন্ত্ৰী ড° শর্মাৰ 

ডাভোছত পেপছিকোৰ চিইঅ’-উপাধ্যক্ষৰে বৈঠক মুখ্যমন্ত্ৰী ড° শর্মাৰ 

ৰঙিলী বাৰ্ত্তাসেৱা- অসমক প্রতিনিধিত্ব কৰি ডাভোছত ৱৰ্ল্ড ইক’নমিক ফ’ৰামত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই যোৱা ৪ দিনত বিদেশৰ বৃহৎ কোম্পানী, উদ্যোগক অসমত বিনিয়োগৰ আহ্বান জনাই বিশ্বৰ  ১৬খন দেশৰো অধিক বহুজাতিক কোম্পানীৰ ২০০ গৰাকী উদ্যোগপতি আৰু কূটনৈতিক নেতাৰ সৈতে মিলিত হৈ প্রায় এক লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰিবলৈ সক্ষম হৈছে। শুকুৰবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই অভিযানৰ সামৰণি মাৰে। ‘অসমৰ সৰ্বাংগীণ বিকাশৰ লক্ষ্যৰে সমৃদ্ধিৰ এক অভিজ্ঞতা- ডাভোছ’ বুলি মত ব্যক্ত কৰি চাৰিদিনীয়া এই ভ্রমণসূচীৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে ‘বিশ্বৰ বাণিজ্য-অৰ্থনীতিৰ সৈতে সম্পৃক্ত ২০০ৰো অধিক উদ্যোগপতি আৰু শীর্ষস্থানীয় ব্যক্তিৰ সৈতে মিলিত হৈছিলোঁ, বিভিন্ন আলোচনা-সত্রত অংশগ্ৰহণ কৰিছিলোঁ, দেশ-বিদেশৰ সংবাদ-মাধ্যমৰ পৰা শুভাকাংক্ষী তথা নতুন অসমক লৈ উৎসুকতা প্রকাশ কৰাসকলৰ সৈতে আমি কথা পাতিছিলোঁ- এই সকলোতে প্রতিটো পল অসমী আইৰ নামত উছৰ্গা কৰি আমি কৈছিলোঁ নৱ উদ্ভাসিত অসমৰ কথা, নতুন সম্ভাৱনাৰ কথা।’ আনহাতে, অসমৰ ভৱিষ্যতৰ বাবে এই সন্মিলনত অংশগ্রহণ অত্যন্ত গুৰুত্বপূৰ্ণ আছিল বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘নতুন অভিজ্ঞতা আৰু অসমৰ বাবে বহু নতুন সুযোগ মুকলি কৰি ভাৰতলৈ উভতিবলৈ ওলাইছোঁ। আপোন অসমভূমিত উপস্থিত হোৱাৰ লগে লগে ইয়াৰ অভিজ্ঞতা আপোনালোকক অৱগত কৰিম।’

বৃহস্পতিবাৰে সন্ধিয়া ডাভোছত মুখ্যমন্ত্রী ড° শর্মাই পেপছিকোৰ মুখ্য কার্যবাহী বিষয়া, উপাধ্যক্ষ ইউজিন উইলেমচেন আৰু কেৰ’লিন বাৰ্ছনৰ সৈতে এক ফলপ্রসূ আলোচনাত মিলিত হয়। এই বৈঠকতে আলু খেতিয়কক ঋণ প্রদানৰ বাবে পেপছিকো আৰু ষ্টেট বেংকৰে অসম চৰকাৰে এক চুক্তি সম্পাদিত কৰিব। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড° শৰ্মাই প্রকাশ কৰা তথ্য অনুসৰি এই বৈঠকত ভাৰতীয় ষ্টেট বেংক, পেপছিকো আৰু অসম চৰকাৰৰ মাজত এক বিশেষ ত্ৰিপাক্ষিক চুক্তিৰ জৰিয়তে ৰাজ্যখনৰ আলু খেতিয়কসকলক উপকৃত কৰিবলৈ প্রাতিষ্ঠানিক ঋণ নিশ্চিত কৰাৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰে। বৈঠকত অসমৰ কোম্পানীটোৰ সম্প্ৰসাৰণৰ পৰিকল্পনা তথা পেপছিকোৰ নলবাৰীস্থিত প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ লগতে কোম্পানীটোৱে ৰাজ্যৰ কৃষকসকলৰ সৈতে কেনেকৈ অধিক ঘনিষ্ঠভাবে কাম কৰিব পাৰে, সেই বিষয়ে আলোচনা হয়। উল্লেখ্য যে ৱৰ্ল্ড ইক’নমিক ফ’ৰামত ইতিমধ্যে মুখ্যমন্ত্রী ড° শর্মাই কেইবাটাও বহুজাতিক প্ৰতিষ্ঠানৰ সৈতে বাৰ্তালাপ কৰি অসমত যে বিনিয়োগৰ এক সুস্থ বাতাৱৰণ আৰম্ভহৈছে, তাৰ সপক্ষে যথেষ্ট সুদৃঢ় তথা স্পষ্ট ধাৰণা দিবলৈ সক্ষম হৈছে। এই বিশ্বপ্রসিদ্ধ প্রতিষ্ঠানসমূহৰ ভিতৰত আছে হার্থা মেটেলছ, ছাছটেনে বল ইম্পেক্ট এলএলচি, লাঞ্জাটেক, এছআৰ কেপিটেল, মুথুট ফিনকর্প লিমিটেড মাইক্র’ফিন লিমিটেড, ভিকেচি ফুটগিয়েৰ, কনমেট হেভী ইণ্ডাষ্ট্ৰিজ, স্নাইডাৰ ইলেকট্র ‘নিক, ইণ্টাৰনেচনেল ছ’লাৰ এলায়েঞ্চ, গ্লেনৰক ৰাবাৰ প্ৰডাক্টছ, আৰুনায়া অর্গেনিকছ আদিকে ধৰি বহু উল্লেখ্য প্রতিষ্ঠান।