ডাভোছত কেইবাগৰাকী উদ্যোগপতিৰে আলোচনা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ডোভাছত দ্বিতীয় দিনা অসমৰ চাহ উদ্যোগৰ বিকাশ তথা উৎপাদন বৃদ্ধিৰ লক্ষ্যৰ কথা সন্দৰ্ভত চাহৰ এক নতুন বজাৰ লাভৰ কথা উল্লেখ কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। ডাভোছত আন্তঃৰাষ্ট্ৰীয় প্রতিষ্ঠান এএনআইৰ সৈতে হোৱা বার্তালাপত এই কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই চাহ উদ্যোগ সন্দৰ্ভত কয় যে ভাৰতৰ ঘৰুৱা বজাৰখন শক্তিশালী হৈ আছে যদিও ইণ্ডো-ইউৰোপীয় ইউনিয়নৰ সৈতে মুক্ত বাণিজ্য চুক্তি কার্যকৰী হ’লে অসমৰ চাহে এক বৃহৎ অগ্রগতি লাভ কৰিব। যাৰ ফলত অসমৰ চাহে ৰপ্তানিৰ বাবে এক গুৰুত্বপূৰ্ণ কৰিড’ৰ লাভ কৰিব। তেওঁ কয়- অসমৰ চাহৰ এক নতুন বজাৰ আমি মুকলি কৰিবলৈ সাজু হৈছোঁ। চাহ একমাত্র পানীয় নহয়, ইয়াৰ ঔষধি মূল্য আছে, আয়ুর্বেদিক সামগ্ৰীৰ সৈতে মিহলাই নতুন ধৰণৰ চাহৰো সৃষ্টি কৰিব পাৰি। এইধৰণৰ প্ৰক্ৰিয়া অসমে অব্যাহত ৰাখিছে। চাহ উদ্যোগে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে বৰ্তমান ভাৰতীয় চাহ ৰোপণকাৰীসকলে যি সামাজিক স্থিতি লাভ কৰি আহিছে, তেনে স্থিতি কেনিয়া আৰু শ্রীলংকাৰ চাহ ৰোপণকাৰীসকলে লাভ নকৰে। বিশেষকৈ অসমত চাহ শ্রমিকৰ বাবে আন্তঃগাঁথনি উন্নয়ন তথা এক সামাজিক মর্যাদা প্রদান কৰা হৈছে। চাহ উৎপাদনৰ মূল লক্ষ্য হৈছে উৎপাদন ব্যয় হ্রাস কৰা। উৎপাদন ব্যয় হ্রাস কৰাৰ লক্ষ্যৰে শ্ৰমৰ সংহিতা গ্ৰহণ কৰিছোঁ আৰু ইয়াৰ জৰিয়তে চাহ উদ্যোগে খৰচ যথেষ্ট হ্রাস কৰিবলৈ সক্ষম হ’ব। সমান্তৰালভাৱে চাহ উদ্যোগে সুস্থিৰতা লাভ কৰিব আৰু স্থানীয় খেতিয়কসকলক সবল কৰাৰো লক্ষ্য লোৱা হৈছে। ৰাজ্য চৰকাৰৰ দৃষ্টিভংগী হৈছে চাহ উৎপাদনত বিভিন্ন ক্ষেত্রত উৎসাহ-সহযোগিতা আগবঢ়োৱা হৈছে। যাৰ জৰিয়তে উৎপাদন ব্যয় হ্রাস কৰি এই উদ্যোগটোক অধিক লাভজনক আৰু প্ৰতিযোগিতামূলক কৰি তোলা হৈছে। আনহাতে মুখ্যমন্ত্রী ড° শর্মাই অসমত ধঁপাত সেৱনৰ প্ৰত্যাহ্বান সন্দর্ভত এক আলোচনাত মিলিত হয়। ৱৰ্ল্ড ইক’নমিক ফ’ৰাম (ডব্লিউইচি)ত ধঁপাত সেৱনৰ বিষয়টোৰ প্ৰসংগত ফিলিপ মৰিচ ইণ্টাৰনেচনেলৰ মুখ্য কাৰ্যবাহী বিষয়া ফ্রেডেৰিক ডি ৱাইল্ডৰ সৈতে এক আলোচনাত মিলিত হয়। এই বৈঠকতে মুখ্যমন্ত্ৰীয়ে ধঁপাত সেৱনৰ প্ৰসংগ উত্থাপন কৰি কয়- অসমত ধঁপাত সেৱন এক বৃহৎ প্রত্যাহ্বান আৰু আমি ৰাজ্যখনক নিক’টিনমুক্ত কৰাৰ লক্ষ্য নির্ধাৰণ কৰিছোঁ। আমি এই উদ্দেশ্যৰ সৈতে আগবাঢ়িবলৈ এক পৰিৱৰ্তনশীল পদক্ষেপ হিচাপে ফিলিপ মৰিচ ইণ্টাৰনেচনেলে ধঁপাতৰ ক্ষতি ৯৫-৯৬ শতাংশ হ্রাস আৰু ধোঁৱামুক্ত/দাহ্য ধঁপাতৰ বিকল্প প্ৰস্তাৱ আমাৰ সন্মুখত আগবঢ়াইছে। মুখ্যমন্ত্রী ড° শর্মাই এই সন্দৰ্ভত প্রকাশ কৰে যে ফিলিপ মৰিচ ইণ্টাৰনেচনেলে দাঙি ধৰা প্ৰস্তাৱৰ প্ৰসংগত পৰৱৰ্তী সময়ত নীতিগতভাৱে বিধিবদ্ধ অনুমোদনৰ পাছত বিকল্পসমূহ পুংখানুপুংখভাৱে পৰীক্ষা কৰা হ’ব।

উল্লেখ্য যে ডব্লিউইচিৰ দ্বিতীয় দিনা মুখ্যমন্ত্রী ড° শর্মাই বৰাহা গ্ৰুপৰ মুখ্য পৰিচালন বিষয়া ইকাৰাজ জানজেনৰ সৈতেও এক ফলপ্রসূ সাক্ষাতত মিলিত হয়। বায় ‘চাৰ, পুনৰ উৎপাদনশীল কৃষি, বনানীকৰণৰ পদক্ষেপৰ জৰিয়তে এক মিলিয়ন টন কার্বন-ডাই অক্সাইড আঁতৰোৱাৰ লক্ষ্যৰে বৰাহ গ্রুপে বিশেষভাৱে কাম কৰি আছে। এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে অসমৰ কৃষক সমাজৰ উপকাৰৰ বাবে বৰাহ গ্ৰুপক অসমত কাম কৰাৰ বাবে আমন্ত্রণ জনোৱাৰ চিন্তা-চৰ্চাৰ কথা ব্যক্ত কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই এই প্ৰসংগত উল্লেখ কৰে যে কৃষি, মেন্যুফেকচাৰিং ইণ্ডাষ্ট্ৰী, সেৱা খণ্ডতো অসমে গুৰুত্বপূৰ্ণভাবে আত্মপ্রকাশ কৰি আগবাঢ়ি যাবলৈ সক্ষম হৈছে। অসমে এতিয়া ছেমিকণ্ডাক্টৰ, ম’বাইল মেন্যুফেকচাৰিং আদিতো বিশেষ গুৰুত্ব প্ৰদান কৰিব। মুখ্যমন্ত্রী ড° শর্মাই আন্তর্জাতিক সম্মিলনখনত আজি সংযুক্ত আৰবমূলৰ লুলু গ্ৰুপৰ অধ্যক্ষ ইউছুফ আলীৰ সৈতেও এক বিশেষ আলোচনাত মিলিত হয়। এই গ্রুপে অসমৰ কৃষি সংসাধন, আতিথ্য আৰু বাণিজ্যিক খুচুৰা খণ্ডত বিনিয়োগ কৰাৰ কথা গুৰুত্বসহকাৰে বিবেচনা কৰি আছে। ইয়াৰ পূৰ্বে প্ৰথম অসমীয়া মুখ্যমন্ত্রী হিচাপে ডব্লিউইচিত অংশগ্ৰহণ কৰা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আন্তঃৰাষ্ট্ৰীয় সংবাদ প্রতিষ্ঠান এনআইৰ সৈতে হোৱা বার্তালাপত উল্লেখ কৰে যে ৱৰ্ল্ড ইক’নমিক ফ’ৰামত টীম ভাৰতৰ অংশ হিচাপে অসমৰ উপস্থিতিয়ে এইটো স্পষ্ট কৰে যে এতিয়া দেশৰ প্ৰতিটো অংশই বিনিয়োগৰ বাবে সম্পূর্ণভাৱে সাজু। যোৱা দুটা দিনত আমি অত্যন্ত ফলপ্রসূ আলোচনা কৰিলোঁ, যিয়ে ভৱিষ্যৎ দিনসমূহত আমাৰ বিকাশক অধিক গতি প্রদান কৰিব। আমি সাৰ আৰু ৰাসায়নিকৰ ওপৰত কথা পাতিছোঁ, ছেমিকণ্ডাক্টৰৰ ওপৰত কথা পাতিছোঁ, ইলেক্ট্র’নিক-সেউজ শক্তিৰ বিষয়ে বৈঠকত বহিছোঁ। মই ভাবোঁ ৱৰ্ল্ড ইক’নমিক ফ’ৰামত আজি এটা চিন ৰাখিবলৈ সক্ষম হৈছোঁ। উল্লেখ্য যে ডব্লিউইচিত যোৱা দুটা দিনত মুখ্যমন্ত্ৰীৰ ব্যস্ততাভৰা কাৰ্যসূচীৰ মাজত দ্বিতীয় দিনা সন্ধিয়া তেওঁ অসমত ছেমিকণ্ডাক্টৰ উদ্যোগৰ প্ৰসাৰ কৰা আৰু ভিন্নমুখী যোগান ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে বিশ্বৰ ছেমিকণ্ডাক্টৰ উদ্যোগৰ আগশাৰীৰ নেতৃত্বৰ সৈতে এক অতি গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত ছিনপপিছ, কোৱালাকম, এনালগ ডিভাইচেছ, থার্ম’ফিচাৰ, হ’নিৱেল, হেংকেল আদি প্ৰতিষ্ঠানৰ নেতৃস্থানীয় প্রতিনিধিসকল উপস্থিত আছিল।
