ডাকত নিদিয়া চিঠিখন- সুনম বিশ্বাস

Pc IndiaMart

ডাকত নিদিয়া চিঠিখন

সুনম বিশ্বাস
গোৰেশ্বৰ, তামুলপুৰ

মৰমৰ ,
আশা কৰোঁ ভালে আছা ।
তোমাৰ স্মৃতিৰ দলিচাত শুই
আছো ৰ’বা মইয়ো , যাদৃচ্ছিক তুমি…
তোমাৰ আশা, কল্পনা, মনোবাঞ্ছা
তোমাৰ উৰ্দ্ধত …….
আছে একেই প্রেমানুভূতি
তথাপি যোগী তুমি নিমাত-নিস্তব্ধ
অচৰ, অটল চিৰ ধ্রৱ তৰা।
সঁচাকৈয়ে অভিভূত মই, তোমাৰ সেই
পবিত্ৰ স্নিগ্ধ প্ৰেমাস্পৰ্শত , সেই সন্ধিয়া……
তুমি জানানে কেনে লাগিছিল মোৰ ?
তোমাৰ প্ৰথম প্ৰেমাস্পৰ্শত মোৰ
দেহৰ প্রতিটো সিৰাই – সিৰাই এতিয়াও
সমুদ্রৰ উলংগ উর্মিমালাৰ দৰে
স্পন্দিত , যৌৱনৰ প্ৰথম প্ৰেমাস্পৰ্শ।
ক্ষন্তেকৰ বাবে যেন মই
বিলিন হৈ গৈছিলোঁ তোমাৰ ৰাজ্যত,
পিছে তোমাৰ কেনে লাগিছিল
সুধিবলৈ এবাৰো প্ৰয়াস নকৰিলো ,
কিন্তু মই অনুভূত যে তুমি, মোৰ অবিকল
যুগলপ্ৰণয়ীৰ দৰে আমি বহিছিলোঁ, ক্ষন্তেক
হৃদয়ৰ নিভৃত কোণত গধুৰ হৈ থকা
গল্পবোৰ ক’ম বুলি কিন্তু সাহস নহ’ল কাৰোৰেই!
এছাটি মৃদু মলয়াই মোৰ চুলিবোৰ উৰুৱাই
তোমাক আমনি কৰিছিল চাগে ?
মই খোপা কৰাত তোমাৰ এটা আপত্তি আছিল
যদিও প্ৰকাশ নকৰিলা, হয়তো লাজত ৰঙা পৰিছিলা,
তুমি চুলিকোছাৰ সুঘ্রাণত আত্মহাৰা হৈছিলা
নিষ্প্ৰদীপে আমাক পহৰা দিছিল, সেয়ে মই নেদেখিলো ।
অনেক সপোন-বাস্তৱৰ চক্ৰবেহুত
আমি দুয়ো দোদুল্যমান….
সাম্প্ৰতিক দুয়োৰে দায়িত্ব আছে অসীম
ভূমিষ্ঠ কৰা বিশ্ব-ব্ৰহ্মাণ্ডৰগৰাকীৰ প্ৰতি।
(তোমাৰ-মোৰ পিতৃ-মাতৃ)
চিলিম ছিগা নহৈ কৰো বলা, দুয়ো পণ
ভৱিষ্যত গঢ়াৰ দিশলৈ ধাৱমান হও,
মৌনতাৰ আঁৰত থকা আগাধ প্ৰেম
এদিন দিঠকত কৰিম পূৰ, নহয়নে?
সেই আশা বুকুত বান্ধি লৈ মই অলপ হাঁহিছো
জান তুমি হাঁহি থাকিবা, ভালপাওঁ তোমাৰ হাঁহি
তোমাৰ মংগল, কুশল, সফলতা
কামনা কৰি আজি ইমানতে সামৰিলো।
ইতি — তোমাৰ সুনু।