ডাউন টাউন বিশ্ববিদ্যালয়ৰ উদ্যোগত নর্থ-ইষ্ট এডুকেটৰ কনক্লেভ সন্মিলন

ডাউন টাউন বিশ্ববিদ্যালয়ৰ উদ্যোগত নর্থ-ইষ্ট এডুকেটৰ কনক্লেভ সন্মিলন

ৰঙিলী বাৰ্ত্তাসেৱা-   ডাউন টাউন বিশ্ববিদ্যালয়ৰ উদ্যোগত গুৱাহাটীৰ গ্ৰীন উড ৰিজ’ৰ্টত নর্থ-ইষ্ট এডুকেটৰ কনক্লেভ শীর্ষক সন্মিলন অনুষ্ঠিত হয়। বন্তি প্রজ্বলন কৰি এই কনক্লেভ উদ্বোধন কৰে মুখ্য অতিথি হিচাপে উপস্থিত থকা শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে। নতুন শিক্ষানীতিৰ উত্তৰণৰ উদ্দেশ্য আগত ৰাখি এই কনক্লেভ আয়োজন কৰা বাবে বিশ্ববিদ্যালয় কর্তৃপক্ষৰ শলাগ লৈ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ভাষণত কয় যে শিক্ষা হৈছে প্রগতিশীল আৰু শক্তিশালী সমাজৰ ভেটি। পৰিৱৰ্তিত শিক্ষা ব্যৱস্থা সম্পৰ্কত শিক্ষক-শিক্ষার্থীসকলক সমানে আগবঢ়াই নিয়াত সহায়ক হ’ব এই কনক্লেভ। ইয়ে আনকি বর্তমান শিক্ষা ব্যৱস্থাত দেখা দিয়া প্রত্যাহ্বানক নতুন দিক নির্ণয় কৰিব বুলিও আশা কৰে শিক্ষামন্ত্রীগৰাকীয়ে। এই কনক্লেভত ‘শিক্ষা আৰু সহজাত দক্ষতা’ আৰু ‘শিক্ষাত প্রযুক্তি’ শীর্ষক দুখন আলোচনা-চক্র অনুষ্ঠিত হয়। এই আলোচনা-চক্রত ঋত্বিক ৰূপম শৰ্মা, ড° সঞ্জীৱ কুমাৰ গোস্বামী, ড° গান্ধী নায়ক, অঞ্জন চৌধুৰী, ড° হীতেন চৌধুৰী, ড° তছৰীনা ইকবাল, সৌভিক দাস, ভার্গৱ ৰণদীপ, দীপক গোস্বামীকে ধৰি কেইবাগৰাকী সমল ব্যক্তিয়ে ভাষণ দিয়ে। এই অনুষ্ঠানতে বিগত বৰ্ষত আগবঢ়াই অহাৰ দৰে এই বৰ্ষৰ বীৰকুছিৰ মাৰীয়া পাব্লিক স্কুলৰ গণিত বিভাগৰ শিক্ষক ড° মুনীন্দ্ৰ কুমাৰ মজুমদাৰক শ্রেষ্ঠ শিক্ষক বঁটা আৰু পামহিৰ অক্ষয় ফাউণ্ডেচনক বিশেষ বঁটা প্রদান কৰা হয়। এই বঁটাত ক্রমে এক লাখ আৰু পঞ্চাশ হাজাৰ নগদ ধন প্রদান কৰে বিশ্ববিদ্যালয় কর্তৃপক্ষই। অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ আচাৰ্য ডাঃ নৰেন্দ্ৰ নাথ দত্ত, উপাচার্য ড° নাৰায়ণ চন্দ্ৰ তালুকদাৰ, প্ৰাক্তন উপাচার্য ড° অমৰজ্যোতি চৌধুৰীৰ উপৰি ৰাজ্যৰ লগতে উত্তৰ-পূব আৰু চুবুৰীয়া নেপাল আৰু ভূটানৰ প্ৰতিনিধিও উপস্থিত থাকে।