ডাউন টাউনৰ ‘ভগদত্ত উৰণ সেতু-২’ উদ্বোধন মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- দ্রুতগতিত আন্তঃগাঁথনি নিৰ্মাণৰ এক উল্লেখনীয় নিদর্শনৰূপে পূর্বনির্ধাৰিত সময়তকৈ অর্ধেককালতে নির্মাণ সম্পূর্ণ হোৱা গুৱাহাটীৰ ডাউন টাউন পইণ্টৰ ৰুক্মিণীগাঁও পথ আৰু বৰমটৰীয়া সংযোগী পথত নির্মিত উৰণ সেতুখন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উৰণ সেতুখন উদ্বোধন কৰি মুখ্যমন্ত্রী ড° শৰ্মাই ভাষণত কয় যে ১১২ কোটি টকা ব্যয়সাপেক্ষ এই উৰণ সেতুখন নিৰ্মাণৰ বাবে ১৮ মাহ সময় ধাৰ্য কৰা হৈছিল যদিও মাত্র ৯ মাহৰ ভিতৰতে ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে। চাৰিশৰীয়া পথযুক্ত ৬৬০ মিটাৰ দৈৰ্ঘ্যৰ এই উৰণ সেতুখন মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্বোধনী অনুষ্ঠানতে প্ৰাচীন কামৰূপৰ পৰাক্ৰমী ৰজা ভগদত্তৰ নামেৰে ‘ভগদত্ত উৰণ সেতু-২’ হিচাপে আনুষ্ঠানিকভাৱে নামকৰণ কৰে। আনহাতে, গুৱাহাটীৰ ছুপাৰ মার্কেট অঞ্চলত নির্মিত উৰণ সেতুখন আজিৰে পৰা ‘ভগদত্ত উৰণ সেতু-১’ নামেৰে পৰিচিত হ’ব। মুখ্যমন্ত্রী ড° শৰ্মাই গুৱাহাটী মহানগৰীৰ যাতায়াত ব্যৱস্থা সুচল কৰাৰ দিশত ৰাজ্য চৰকাৰে লোৱা পদক্ষেপৰ বাবে বহুকেইখন উৰণ সেতু নির্মাণ হোৱাটো সম্ভৱ হৈ উঠিছে বুলি মন্তব্য কৰি কয় যে আজি ডাউন টাউন পইণ্টৰ ৰুক্মিণীগাঁও পথ আৰু বৰমটৰীয়া সংযোগী পথৰ কেন্দ্ৰত নির্মিত এই উৰণ সেতুখন মুকলি হোৱাৰ লগে লগে অঞ্চলটোৰ দীৰ্ঘদিনীয়া যান-জঁটৰ সমস্যা লাঘৱ হ’ব। জনসাধাৰণক সুবিধা প্রদান কৰাটোৱেই বৰ্তমানৰ ৰাজ্য চৰকাৰৰ একমাত্র লক্ষ্য। এই লক্ষ্যত উপনীত হোৱাৰ দিশত ৰাজ্যৰ স্থানীয় যুৱপ্ৰজন্ম আগুৱাই আহিছে। ভগদত্ত-২ উৰণ সেতুৰ লগত জড়িত নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ পৰা অভিযন্তালৈকে সকলোবোৰ ৰাজ্যৰ থলুৱা যুৱক-যুৱতী। লোকনিৰ্মাণ বিভাগৰ অভিযন্তাসকল অসমীয়া যুৱশক্তিৰ প্ৰতিনিধি স্বৰূপ বুলিও তেওঁ মন্তব্য কৰে। এই উৰণ সেতুখন ভাৰত চৰকাৰৰ সন্থা মেচাৰ্ছ ৰাইটছ ইন্ডিয়া লিমিটেডৰ অত্যাধুনিক কম্প’জিট স্ট্রাকচাৰৰ অত্যাধুনিক প্রযুক্তি ব্যৱহাৰেৰে দেশৰ ভিতৰতে নির্মিত দ্বিতীয়খন উৰণ সেতু বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই পুনৰ কয়- এই প্ৰযুক্তিৰ বাবে ন্যূনতম ভূমি অধিগ্রহণেৰে এই প্রকল্পটো ৰূপায়ণ কৰা সম্ভৱ হৈ উঠিছে। এই উৰণ সেতুখনৰ তলত যান-বাহনৰ পাৰ্কিঙৰ ব্যৱস্থা ৰখা হৈছে। ইয়াৰ ফলত স্থানীয় ব্যৱসায়ীসকলৰ ব্যৱসায় বৃদ্ধি পাব। বৰ্তমানৰ ৰাজ্য চৰকাৰে অত্যাধুনিক প্রযুক্তি আৰু ঐতিহ্যৰ সমাহাৰেৰে আধুনিকতাৰ দিশত আগুৱাই যাবলৈ প্রয়াস চলাই আহিছে বুলি মন্তব্য কৰি তেওঁ কয় যে মহাভাৰতৰ যুদ্ধত কামৰূপৰ ৰজা ভগদত্তই অত্যন্ত সাহসেৰে যুঁজ দিছিল। এই যুঁজত ভগদত্তৰ অংশগ্রহণে প্রাচীন ভাৰত বৰ্ষৰ সৈতে সাংস্কৃতিক আৰু ৰাজনৈতিকভাবে অসমো যে জড়িত হৈ আছিল তাক প্ৰমাণ কৰে। ৰাজ্যৰ নৱপ্ৰজন্মই যাতে কামৰূপ তথা গুৱাহাটীৰ পুৰণি ইতিহাসৰ বিষয়ে অৱগত হোৱাৰ এটা সুযোগ লাভ কৰে সেই উদ্দেশ্য আগত ৰাখিয়ে আজি উদ্বোধন হোৱা উৰণ সেতুখনৰ লগতে ছুপাৰ মাৰ্কেটত থকা উৰণ সেতুখন ৰজা ভগদত্তৰ নামেৰে নামকৰণ কৰা হৈছে। ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে গণেশগুৰিত থকা উৰণ সেতুখনত অতিৰিক্ত বাহু সংযোজন, আৰ্য নগৰ, মালিগাঁও, ৰাধাগোবিন্দ বৰুৱা পথত উৰণ সেতু নির্মাণ আৰু ভৰলুমুখত ‘এলিভেটেড কৰিডৰ’ নিৰ্মাণৰ কথা উল্লেখ কৰি কয় যে এনে যাতায়াতৰ আন্তঃগাঁথনিসমূহ বৰ্তমানৰ ৰাজ্য চৰকাৰখনৰ চাৰে চাৰি বছৰীয়া পৰিশ্ৰমৰ ফচল। অহা বছৰৰ ফে ব্ৰুৱাৰী মাহত চাইকেল ফেক্টৰী আৰু ভৰলুমুখত নির্মীয়মাণ উৰণ সেতু দুখন মুকলি কৰিব পৰা যাব। আনহাতে, নুনমাটিৰ পৰা চানমাৰি সংযোগী উৰণ সেতুখন আগন্তুক ব’হাগ মাহত মুকলি কৰাৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়াস কৰিছে। তেওঁ লগতে সদৰী কৰে যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত নাৰেংগী-কুৰুৱা সংযোগী দলং আৰু গুৱাহাটীৰ প্ৰস্তাৱিত বিং ৰোডৰ আধাৰশিলা স্থাপন কৰিব। তেনেদৰে আগন্তুক বৰ্ষৰ জানুৱাৰী মাহত গুৱাহাটী-উত্তৰ-গুৱাহাটী সংযোগী দলং আনুষ্ঠানিকভারে মুকলি কৰা হ’ব। চলিত বৰ্ষৰ নৱেম্বৰ মাহত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নতুন টার্মিনেল ভৱন উদ্বোধন কৰা হ’ব। ভাষণত মুখ্যমন্ত্রী ড° শৰ্মাই মন্তব্য কৰে যে নতুন দিল্লীয়ে উত্তৰ ভাৰত, মুম্বাই- আহমেদাবাদে পশ্চিম ভাৰত, চেন্নাই, হায়দৰাবাদ আৰু বেংগালুৰুৱে দক্ষিণ ভাৰত তথা কলকাতাই পূব ভাৰতৰ জনসাধাৰণক যিদৰে বিপুল কর্মসংস্থাপনৰ সুবিধা প্রদান কৰি আহিছে, তেনেদৰে গুৱাহাটী মহানগৰীয়ে কেৱল অসমৰে নহয় সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক কর্মসংস্থাপনৰ সুযোগ-সুবিধা প্রদান কৰিছে। সম্প্রতি গুৱাহাটী মহানগৰীয়ে ১০ লাখ লোকৰ বাবে জীৱিকা অৰ্জনৰ পথ মুকলি কৰিছে। মাত্ৰ কেইহাজাৰমান টকাৰ বাবে ৰাজ্যৰ বাহিৰত সংস্থাপনৰ বাবে যাতে অসমৰ কোনো যুৱক-যুৱতী যাবলগীয়া নহয় তেনে দৃষ্টিভংগীৰে ৰাজ্য চৰকাৰে কাম কৰি আহিছে। তেওঁ লগতে কয় যে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং আৰু নাৰেংগী-কুৰুৱা সংযোগী দলতে এক বিস্তৃত পৰিসৰলৈ মহানগৰখনৰ প্ৰসাৰ ঘটাব। ইয়াৰ সমান্তৰালকৈ বৰ্তমানৰ তুলনাত কৰ্মসংস্থাপনৰ সুযোগো অধিক বৃদ্ধি পাব। ইতিমধ্যে বহুকেইটা বহুজাতিক প্রতিষ্ঠানে গুৱাহাটী মহানগৰীত ‘কল চেণ্টাৰ’ স্থাপনৰ বাবে আগ্রহ প্রকাশ কৰিছে। একোখন মহানগৰীৰ বিকাশে লাখ লাখ লোকৰ কৰ্মসংস্থাপনৰ বাট মুকলি কৰে। বৰ্তমানৰ ৰাজ্য চৰকাৰে সেয়ে গুৱাহাটীৰ সমান্তৰালকৈ ডিব্ৰুগড়, যোৰহাট, তেজপুৰ, শিলচৰৰ দৰে নগৰসমূহৰো আন্তঃগাঁথনি উন্নয়নত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ আধাৰতে ডিব্ৰুগড় আৰু যোৰহাটত দুখনকৈ উৰণ সেতু ইতিমধ্যে নিৰ্মাণ কৰা হৈছে। যোৰহাটত তৃতীয়খন উৰণ সেতু নিৰ্মাণৰ কাম আগন্তুক বৰ্ষত আৰম্ভ কৰা হ’ব। ৰাজ্য চৰকাৰে লোৱা প্ৰয়াসৰ বাবে অসমে আজি অর্থনৈতিক বিকাশৰ দিশেৰেও আগুৱাই গৈছে বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড° শৰ্মাই, কয় যে ভাৰতীয় ৰিজার্ভ বেংকে যোৱা বছৰ অসম দেশৰ ভিতৰতে তৃতীয় সর্বাধিক অর্থনৈতিকভারে প্রগতিশীল ৰাজ্য হিচাপে স্বীকৃতি প্রদান কৰিছে। আজি অসম প্ৰগতিৰ দিশত দুৰ্বাৰ গতিৰে আগুৱাই গৈছে। ইয়াৰ ফলতে অসমৰ জ্যোতি-জেউতী দেশৰ চাৰিওফালে বিয়পি পৰিছে। এই অনুষ্ঠানতে মুখ্যমন্ত্রীয়ে ভগদত্ত উৰণ সেতু-২ৰ সৈতে জড়িত অভিযন্তা তথা নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী তথা বিষয়াসকলক সম্বর্ধনা জ্ঞাপন কৰে। এই অনুষ্ঠানত কৃষি আদি বিভাগৰ মন্ত্ৰী অতুল বৰা, পৰিবহণ আদি বিভাগৰ মন্ত্ৰী যোগেন মহন, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱা, শক্তি আদি বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকন, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, প্রাক্তন সাংসদ কুইন ওজাৰ উপৰি মুখ্য সচিব ড° ৰবি কোটা, লোকনির্মাণ বিভাগৰ আয়ুক্ত তথা বিশেষ সচিব পৱন তেৰণকে ধৰি কেইবাগৰাকীও শীর্ষ বিষয়া উপস্থিত থাকে।
