ডাইমণ্ড লীগত নীৰজ চোপ্ৰাৰ স্বৰ্ণ পদক লাভ

ডাইমণ্ড লীগত নীৰজ চোপ্ৰাৰ স্বৰ্ণ পদক লাভ

ৰঙিলী বাৰ্ত্তাসেৱা-  অলিম্পিক গ’ল্ড মেডেলিষ্ট নীৰজ চোপ্ৰাৰ আন এক সফলতা। ডাইমণ্ড লীগত জেভলীন থ্ৰ’ৱাৰগৰাকীয়ে অৰ্জন কৰিলে স্বৰ্ণ পদক।  প্ৰতিযোগিতাখনত তেওঁ পঞ্চম ৰাউণ্ডত সৰ্বাধিক ৮৭.৬৬ মিটাৰ থ্ৰ’ কৰি এই পদক অৰ্জন কৰিছে। ফাউলেৰে আৰম্ভ কৰা প্ৰতিযোগিতাখনত দ্বিতীয় প্ৰচেষ্টাত তেওঁ ৮৩.৫২ মিটাৰ থ্ৰ’ কৰে। তৃতীয় প্ৰচেষ্টাত তেওঁ থ্ৰ’ কৰে ৮৫.০৪ মিটাৰ। চতুৰ্থ ৰাউণ্ডত তেওঁৰ পুনৰ ফাউল কৰে। পঞ্চম ৰাউণ্ডত তেওঁ বিজয়সূচক ৮৭.৬৬ মিটাৰ থ্ৰ’ কৰিবলৈ সক্ষম হয়। ষষ্ঠ তথা অন্তিম ৰাউণ্ডত তেওঁ ৮৪.১৫ মিটাৰ থ্ৰ’ কৰে।