ডলাগ্ৰেণ্ট কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সংঘৰ সৌজনত  চাৰিদিনীয়া ফুটবল খেল প্ৰতিযোগীতা

ডলাগ্ৰেণ্ট কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সংঘৰ সৌজনত  চাৰিদিনীয়া ফুটবল খেল প্ৰতিযোগীতা

অমৰজিৎ ৰাভা,ওদালগুৰি,বাৰ্ত্তাসেৱা-  বিটিআৰ ওদালগুৰি জিলা ৬৫ নং কলাইগাঁ‌ও বিধানসভা সমষ্টিৰ ভূঞাখাট ভিচিডিচিৰ অন্তৰ্গত ডলাগ্ৰেণ্ট গাঁওৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সংঘৰ সৌজনত আজি ৯ ছেপ্টেম্বৰ তাৰিখে চাৰিদনীয়া ফুটবল খেল প্ৰতিযোগীতাৰ  শুভৰাম্ভণি কৰে। ডলাগ্ৰেণ্ট গাঁ‌ৱৰ খেলপথাৰত  অনুষ্ঠিত কৰা চাৰিদিনীয়া ফুটবল খেল প্ৰতিযোগীতাত খৈৰা ব্লক উপিপিএলৰ সভাপতি ভূৱন চন্দ্ৰ বড়োয়ে সুভউদ্ধোধন কৰি কয় যে। বিগত দুটা বছৰে কৰো’না মহামাৰীয়ে কৰা সন্ত্ৰাসৰ ফলত ৰাজোহুৱা অনুস্থান এনেধৰণৰ খেল প্ৰতিযোগীতা আয়োজন কৰিব পৰা নাছিল। কিন্তু এইবেলি কৰো’না মহামাৰী প্ৰভাৱ ক্ৰমান্বয়ে হ্ৰাস পোৱাত ডলাগ্ৰেণ্ট কলাগুৰু বিষ্ণুৰাভা সংঘৰ সৌজনত অনুষ্ঠিত কৰা এই ফুটবল খেল প্ৰতিযোগিতাৰ ফলত খেলুৱৈ সকল অধিক উৎসাহিত হ’ব বুলি মন্তব্য দাঙি ধৰে।