ড°বসন্তকুমাৰ ভট্টাচাৰ্যৰ বিয়োগত অসম প্ৰকাশন পৰিষদৰ শোক

ড°বসন্তকুমাৰ ভট্টাচাৰ্যৰ বিয়োগত অসম প্ৰকাশন পৰিষদৰ শোক

ৰঙিলী বাৰ্ত্তাসেৱা-  সাহিত্যাচাৰ্য, বিশিষ্ট লেখক-গৱেষক, নলবাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড° বসন্তকুমাৰ ভট্টাচাৰ্যদেৱৰ মৃত্যুত অসম প্ৰকাশন পৰিষদে গভীৰ শোক প্ৰকাশ কৰিছে ৷ এক শোক বাৰ্তাত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ভট্টাচাৰ্যদেৱৰ বিয়োগ জাতীয় জীবনৰ বাবে অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে । সচিব কলিতাই ভট্টাচাৰ্যদেৱৰ আত্মাৰ সদগতি কামনা কৰি আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে৷