ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত ‘আনলক ইয়ৰ ফিউচাৰ: অপচনছ আফ্টাৰ গ্ৰেজুৱেচন’ শীৰ্ষক কেৰিয়াৰ কাউন্সেলিং আলোচনা চক্ৰ সম্পন্ন

ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত ‘আনলক ইয়ৰ ফিউচাৰ: অপচনছ আফ্টাৰ গ্ৰেজুৱেচন’ শীৰ্ষক কেৰিয়াৰ কাউন্সেলিং আলোচনা চক্ৰ সম্পন্ন

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা-  অসম ডন বস্ক’  বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ  মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগ আৰু কেৰিয়াৰ গাইডেন্স চেলৰ যৌথ উদ্যোগত  ‘আনলক ইয়ৰ ফিউচাৰ: অপচনছ আফ্টাৰ গ্ৰেজুৱেচন(Unlock Your Future: Options After Graduation)’ শীৰ্ষক  এখন  কেৰিয়াৰ কাউন্সেলিং আলোচনা চক্ৰ ১০ নৱেম্বৰ তাৰিখে  অনুষ্ঠিত হয় । আলোচনা চক্ৰখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ  মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী তথা কেৰিয়াৰ গাইডেন্স চেলৰ চেয়াৰমেন ড° বুলজিৎ  বুঢ়াগোহাঁই।

তেওঁ  অভিযান্ত্ৰিক বিভাগৰ বিভিন্ন শাখাত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পাছত শিক্ষাৰ্থীসকলৰ বাবে উপলব্ধ বিভিন্ন কেৰিয়াৰৰ সুযোগৰ ওপৰত আলোকপাত কৰে। ড° বুলজিৎ বুঢ়াগোহাঁয়ে অভিযান্ত্রিক সেৱা পৰীক্ষা (Engineering Services Examination)  আৰু গ্রেজুৱেট এপটিটিউড টেষ্ট  ইন ইঞ্জিনীয়াৰিং  (Graduate Aptitude Test in Engineering ) পৰীক্ষাৰ বিষয়ে আলোচনা কৰে আৰু প্ৰস্তুতিৰ কৌশলৰ বিষয়ে  মতা-মত দাঙি ধৰে । তেওঁ চাকৰিৰ  ইণ্টাৰভিউ (interview)ৰ বাবে   কেনেকৈ প্ৰস্তুতি চলাব লাগে  সেই বিষয়তো বিশদভাবে আলোচনা কৰে।

লগতে শিক্ষাৰ্থীৰ আগ্ৰহ আৰু লক্ষ্য অনুসৰি স্নাতকোত্তৰ অধ্যয়নৰ পথ নিৰ্বাচনৰ ক্ষেত্ৰতো মূল্যৱান দিশ-নিৰ্দেশনা  প্ৰদান কৰে। ব্যক্তিত্বৰ লগতে নিজৰ ৰাপবোৰে শিক্ষাৰ্থীসকলক সঠিক কেৰিয়াৰ বাছনি কৰাত কেনেদৰে পথ প্ৰদৰ্শন কৰিব পাৰে সেই বিষয়েও ড° বুলজিৎ বুঢ়াগোহাঁয়ে আলোকপাত কৰে। এই কেৰিয়াৰ কাউন্সেলিং আলোচনা চক্ৰখনে শিক্ষাৰ্থীসকলক ভবিষ্যৎ কেৰিয়াৰ পৰিকল্পনা কৰিবলৈ প্ৰেৰণা যোগায়।