ডন বস্ক’বিশ্ববিদ্যালয়ৰ উদ্যোগত কেৰিয়াৰ কাউন্সেলিং অধিবেশন সম্পন্ন

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা- অসম ডন বস্ক’ বিশ্ববিদ্যালয়, টাপেচিয়া কেম্পাছৰ ৰসায়ন বিজ্ঞান বিভাগে ‘সতৰ্কতা সজাগতা সপ্তাহ ২০২৫’ৰ অংশ হিচাপে ২৯ অক্টোবৰত “সতৰ্কতা – আমাৰ ভাগ-বতৰা দায়িত্ব” শীৰ্ষক কেৰিয়াৰ কাউন্সেলিং অধিবেশনৰ আয়োজন কৰে।

অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিক ড°পল্লবী বৰাই আঁত ধৰা অনুষ্ঠানটিত অসম ডন বস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ সহকাৰী অধ্যাপক তথা কেৰিয়াৰ পৰামৰ্শদাতা ড° বুলজিৎ বুঢ়াগোহাঁই সমল ব্যক্তি হিচাপে উপস্থিত আছিল।

ড° বুঢ়াগোহাঁয়ে ভাষণত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গণিতৰ উচ্চ শিক্ষাৰ সুযোগৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰে আৰু বৰ্তমানৰ শৈক্ষিক আৰু পেছাদাৰী পৰিৱেশত আন্তঃশাখা শিক্ষণৰ মূল্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

তেওঁ ইউ পি এছ চি আৰু ৰাজ্যিক অসামৰিক সেৱা অধীনৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতিৰ ক্ষেত্ৰতো নিৰ্দেশনা আগবঢ়ায়, লগতে বৰ্তমানৰ উদ্যোগৰ প্ৰয়োজনীয়তা, দক্ষতা বৃদ্ধি আৰু উদ্যোগীকৰণৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে। ড° বুঢ়াগোহাঁয়ে শিক্ষাৰ্থীসকলক তেওঁলোকৰ ব্যক্তিগত শক্তিক চিনি পাবলৈ আৰু তেওঁলোকৰ চখ আৰু আগ্ৰহক অৰ্থপূৰ্ণ কেৰিয়াৰ পথলৈ ৰূপান্তৰিত কৰাৰ সম্ভাৱনাসমূহ অন্বেষণ কৰিবলৈ উৎসাহিত কৰে।

এই অধিবেশনত বিশ্ববিদ্যালয়খনৰ স্নাতক আৰু স্নাতকোত্তৰ উভয় শিক্ষাৰ্থীয়ে সক্ৰিয় অংশগ্ৰহণ কৰে। লগতে ড°বুঢ়াগোহাঁয়ে জনায় যে আগ্রহী শিক্ষাৰ্থীসকলে প্ৰতি শনিবাৰে সন্ধিয়া ৬বজাৰৰ পৰা ৯ বজালৈ ফোনযোগে (৯৪৩৫১৮৮৬৩০) বিনামূলীয়া কেৰিয়াৰ পৰামৰ্শ গ্রহণ কৰিব পাৰে। অধিবেশনখনৰ সামৰণিত ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড°সুভাষীস ৰায়ে ধন্যবাদ জ্ঞাপন কৰে ।
