ডনবস্ক’ উঃমাঃ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰে ৰাজ্যপালৰ মত বিনিময়
ৰঙিলী বাৰ্ত্তাসেৱা- অপাৰেচন সম্ভাবনাৰ অধীনত ৰাষ্ট্ৰীয় সংহতি ভ্ৰমণৰ অংশ হিচাপে লোকভৱন ভ্ৰমণ কৰা নাগালেণ্ডৰ ডনবস্ক’ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ সৈতে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই মত বিনিময় কৰে। ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে হোৱা কথা-বতৰাত ৰাজ্যপালগৰাকীয়ে কয় যে সম্ভাবনা ভ্রমণে যুৱক-যুৱতীসকলক ভাৰতৰ চহকী বৈচিত্র্য, সংস্কৃতি, পৰম্পৰাক বুজিবলৈ সহায় কৰাৰ লগতে বৈচিত্র্যত ঐক্যৰ মনোভাব শক্তিশালী কৰে। ৪৫ অসম ৰাইফলৰ উদ্যোগত অপাৰেচন সাম্ভাবনাৰ অধীনত দুর্গম আৰু সীমান্তৱৰ্তী অঞ্চলৰ যুৱক-যুৱতীসকলক ৰাষ্ট্ৰীয় মূল সুঁতিৰ সৈতে সংযোগ কৰি দায়িত্বশীল নাগৰিক হ’বলৈ অনুপ্রাণিত কৰা অপাৰেচন সম্ভাবনাৰ অধীনত অসম ৰাইফল্দ্ৰৰ ভূমিকাৰ শলাগ লয়। ছাত্ৰ-ছাত্ৰীসকলক ডাঙৰ সপোন দেখিবলৈ উৎসাহিত কৰি ৰাজ্যপালগৰাকীয়ে নিষ্ঠাৰে শিক্ষা গ্রহণ কৰিবলৈ আৰু জাতিৰ উন্নয়নত সক্রিয়ভাৱে অৰিহণা যোগাবলৈ আহ্বান জনায়। ছাত্র-ছাত্ৰীসকলক তেওঁলোকৰ অভিজ্ঞতা আনৰ সৈতে ভাগ-বাটোৱাৰা কৰিবলৈ আৰু সমন্বয়, ঐক্য, ভাতৃত্ববোধৰ বাৰ্তা প্ৰচাৰ কৰিবলৈ আহ্বান জনায়। ৰাজ্যপালে আশা প্রকাশ কৰে যে ভ্ৰমণৰ সময়ত ছাত্র-ছাত্রীসকলে লাভ কৰা অভিজ্ঞতাই তেওঁলোকৰ আত্মবিশ্বাস গঢ়ি তোলাত সহায় কৰিব, দৃষ্টিভংগী বহল কৰিব আৰু ৰাষ্ট্ৰ নিৰ্মাণত অর্থপূর্ণ ভূমিকা গ্রহণ কৰিবলৈ তেওঁলোকক প্ৰস্তুত কৰিব।
