ডক্তৰ বেজবৰুৱা-২ একেলগে ১০০টাতকৈ অধিক ছবিগৃহত শুভমুক্তি হ’ব
ৰঙিলী বাৰ্ত্তাসেৱা- অহা ৩ ফেব্ৰুৱাৰীত দেশজুৰি শুভমুক্তি দিয়া হ’ব ডক্তৰ বেজবৰুৱা-২ ছবিখন৷ অসমৰ লগতে দেশৰ কেইবাখনো চহৰত ছবিখন একেলগে শুভমুক্তি দিয়া হ’ব৷ ডক্তৰ বেজবৰুৱা-২ একেলগে ১০০টাতকৈ অধিক ছবিগৃহত শুভমুক্তি হ’ব৷ইতিমধ্যে আনুষ্ঠানিকভাৱে ডক্তৰ বেজবৰুৱা-২ ছবিখনৰ শুভমুক্তিৰ দিন ঘোষণা কৰে ছবিখনৰ প্ৰযোজক সঞ্জীৱ নাৰায়ণে৷ শক্তিপীঠ মা কামাখ্যা মন্দিৰৰ পৰা আনুষ্ঠানিকভাৱে ছবিখনৰ প্ৰচাৰো আৰম্ভ কৰা হয়৷ প্ৰযোজক নাৰায়ণৰ সৈতে ছবিখনৰ প্ৰচাৰ অনুষ্ঠানত উপস্থিত থাকে সংগীত শিল্পী জুবিন গাৰ্গ৷জুবিন গাৰ্গে ডক্তৰ বেজবৰুৱা-২ত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে৷ তদুপৰি তেওঁ ছবিখনৰ সংগীত পৰিচালকৰ দায়িত্বতো আছে৷ প্ৰচাৰ অভিযান আৰম্ভ কৰি প্ৰযোজক সঞ্জীৱ নাৰায়ণে এই ছবিখন কাৰিকৰীভাৱে সম্পূৰ্ণ নিখুঁত বুলি দাবী কৰে৷তেওঁ কয় যে যি কাৰিকৰী কৌশলেৰে হলিউড বা বলিউডৰ চিনেমা নিৰ্মাণ কৰা হয় সেই একেই কাৰিকৰী কৌশল এই ছবিখনতো ব্যৱহাৰ কৰা হৈছে৷ ছবিখনে অসমীয়া চিনেমাৰ ধাৰা সলনি কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে৷ছবিখনৰ মান উন্নত কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা হোৱা নাই বুলিও তেওঁ সদৰী কৰে৷ দৰ্শকে বলিউডৰ চিনেমা চাই যি বিনোদন লাভ কৰে সেই একেই বিনোদন এইখন চিনেমাতো লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে৷যি সময়ত সৰু অসমীয়া ছবি এখন ১৪ দিনত চিত্ৰগ্ৰহণ সম্পূৰ্ণ হৈ যায় তেনে সময়ত ডক্তৰ বেজবৰুৱা-২১ মাত্ৰ এটা গীতৰ চিত্ৰগ্ৰহণতে ১৪ দিন সময়ৰ প্ৰয়োজন হৈছিল৷ হাই বাজেটৰ ছবিখনত বহু নতুন কাৰিকৰী দিশ সংযোজন কৰাৰ কথাও তেওঁ প্ৰকাশ কৰে৷ছবিখনৰ সংগীত জুবিন গাৰ্গে নতুনকৈ সাজু কৰাৰ কথা প্ৰকাশ কৰি নৱ প্ৰজন্মই ইতিমধ্যে ছবিখনৰ সংগীত আঁকোৱালি লোৱা বুলি কয়৷ আজি প্ৰচাৰ অভিযান আৰম্ভ কৰাৰ কথা সদৰী কৰি প্ৰযোজক সঞ্জীৱ নাৰায়ণে কয় যে আগন্তুক এটা সপ্তাহ গুৱাহাটীৰ সকলো বিদ্যালয়-মহাবিদ্যালয়ত ছবিখনৰ প্ৰচাৰ কৰা হ’ব৷তাৰ পাছত উজনি অসম আৰু তাৰ পাছত ক্ৰমান্বয়ে ৰাজ্যৰ বাকী অংশবোৰত ছবিখনৰ প্ৰচাৰ অভিযান চলোৱা হ’ব৷ প্ৰচাৰ অভিযানৰ শুভাৰম্ভ উপলক্ষে শক্তিপীঠত সেৱা লৈ মন্দিৰ প্ৰদক্ষিণ কৰে জুবিন গাৰ্গৰ লগতে ছবিখনৰ প্ৰযোজক সঞ্জীৱ নাৰায়ণ, সহ-প্ৰযোজক ড॰ অক্ষতা নাৰায়ণ,অভিনেতা সিদ্ধাৰ্থ গোস্বামী, কিংকিনী ভট্টাচাৰ্যৰ লগতে কলা-কুশলীসকলে৷ সংগীত পৰিচালক জুবিন গাৰ্গে সকলোকে ছবিখন উপভোগ কৰিবলৈ আহবান জনোৱাৰ লগতে ছবিখনত দৰ্শকে সকলো দিশতে নতুন সোৱাদ লাভ কৰিব বুলি কয়৷