ডঃ ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি

ডঃ ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ জালুকবাৰী আৰু লতাশিল খেল পথাৰত, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু কামৰূপ মহানগৰ জিলা, কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত, জালুকবাৰী ডঃ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু লতাশিল খেল পথাৰত ৫০০০ ছাত্ৰ ছাত্ৰীৰ সহযোগত মানুহে মানুহৰ বাবে সংগীত পৰিৱেশন কৰে। জালুকবাৰী সমাধি ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে, ডঃ ভূপেন হাজৰিকাৰ এটি ১০০ ফুটৰ প্ৰতিমূৰ্তি ধলা শদিয়া সেতুৰ সিপাৰে জিৰত খুব কম দিনৰ ভিতৰত প্ৰতিষ্ঠা কৰিব। মন্ত্ৰী ণবিমল বৰা,প্ৰাক্তন সাংসদ ভুৱনেশ্বৰ কলিতা, সংগীত শিল্পী সমৰ হাজৰিকা, পুলক বেনাৰ্জী, সদানন্দ গগৈ, সাংস্কৃতিক ডাইৰেক্টৰ ৰাহুল চন্দ্ৰ দাস, অসম প্ৰদেশ কংগ্ৰেছৰ মীৰা বৰঠাকুৰ, মুখপাত্ৰ বিদিশা নেওগ, বৰ্ণালী ফুকনক আদি কৰি প্ৰায় ৩০০ লোক সমবেত হয়। আনহাতে লতাশিল খেল পথাৰত প্ৰায় ৫০০০ ছাত্ৰ ছাত্ৰীৰ সহযোগত একেলগে ডঃ ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে সংগীত পৰিৱেশন কৰে। উক্ত অনুষ্ঠানত মন্ত্ৰী বিমল বৰা, অতিৰিক্ত মুখ্য সচিব বি কল্যান চক্ৰৱৰ্তী, সাংসদ বিজুলী কলিতা মেধি, প্ৰাক্তন সাংসদ কুইন ওজা, মেয়ৰ মৃগেন শৰণীয়াকে আদি কৰি প্ৰায় ৫০০০ ৰো অধিক লোক সমবেত হয়।