ডঃ বীৰেন্দ্ৰনাথ দত্তৰ মৃত্যুত অসম জাতীয় পৰিষদৰ শোক প্ৰকাশ

ডঃ বীৰেন্দ্ৰনাথ দত্তৰ মৃত্যুত অসম জাতীয় পৰিষদৰ শোক প্ৰকাশ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ স্বনামধন্য ভাষাতত্ববিদ, লোক সাহিত্যৰ সাধক, লেখক, শিল্পী ডঃ বীৰেন্দ্ৰ নাথ দত্তৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক শোকবাৰ্তাত ডঃ দত্তৰ মৃত্যুক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰি কয় যে তেখেতে সাহিত্য, সংগীত, শিক্ষা আৰু চিন্তাৰ জগতত অনবদ্য অৱদানেৰে দেশ তথা জাতিটোলৈ অতুলনীয় অৱদান আগবঢ়াই গৈছে৷ ৰাজ্যৰ পৰিধি অতিক্ৰম কৰি দেশ তথা বিশ্বৰ দৰবাৰতো নিজৰ বিদ্যায়তনিক অৱদান আগবঢ়াই আমি সকলোকে গৰ্বিত কৰি যোৱা ডঃ দত্তৰ অৱদান জাতিটোৰ বাবে সদায় স্মৰণীয় হৈ থাকিব৷ গগৈ আৰু ভূঞাই ডঃ দত্তৰ শোকসন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি সমবেদনা ব্যক্ত কৰে৷